ETV Bharat / state

One Nation One Election: ‘এক দেশ এক নিৰ্বাচন’ৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ দলৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:25 PM IST

One Nation One Election
One Nation One Election

‘এক দেশ এক নিৰ্বাচন’ নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে বিৰোধীয়ে ৷ এই সিদ্ধান্ত বাতিলৰ দাবীৰে বৃহস্পতিবাৰে গুৱাহাটীত বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

‘এক দেশ এক নিৰ্বাচন’ৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ দলৰ প্ৰতিবাদ

গুৱাহাটী, ৭ ছেপ্টেম্বৰ: আকৌ দীৰ্ঘদিনৰ মূৰত ৰাজপথত প্ৰতিবাদত নামিল বিধায়ক অখিল গগৈ । বৃহস্পতিবাৰে ‘এক দেশ এক নিৰ্বাচন’ৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদ ৰাইজৰ দলৰ ৷

“এক দেশ এক নিৰ্বাচন মানি লোৱা নহ’ব , গণতন্ত্ৰক হত্যা কৰা নচলিব,” শ্লোগানেৰে প্ৰতিবাদ ৰাইজৰ দলৰ ৷ বিৰোধীৰ সন্মিলিত মঞ্চ I.N.D.I.A ৰ লগতে অসমৰ সহযোগী ১২ দলীয় বিৰোধীৰ এক্যমঞ্চক এক দেশ নিৰ্বাচনৰ বিৰুধিতা কৰিবলৈ আহ্বান অখিল গগৈৰ ৷

দেশ জুৰি এতিয়া চৰ্চাৰ শীৰ্ষত আছে ‘এক দেশ এক নিৰ্বাচন’ৰ প্ৰস্তাৱ ৷ ইয়াৰ বিৰুদ্ধে শতাধিক দলীয় কৰ্মীৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য যে এয়া এক ষড়যন্ত্ৰ । এক দেশ এক নিৰ্বাচন হ’ব আমাৰ দেশৰ গণতন্ত্ৰ ধ্বংস কৰা ব্যৱস্থা ৷ সেয়ে ৰাইজৰ দলে এই ব্যৱস্থাৰ বিৰোধিতা কৰে ৷

লগতে অখিল গগৈৰ মন্তব্য যে এক দেশ এক নিৰ্বাচন আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ প্ৰতি এক ভাবুকি আৰু প্ৰত্যাহ্বান । কেৱল সেয়ে নহয় সমগ্ৰ দেশতে এক নিৰ্বাচন অনুষ্ঠিত কৰা ব্যৱস্থাই আঞ্চলিক দলসমূহকো বিপদত পেলাই ধ্বংস কৰিব ৷

এক দেশ এক নিৰ্বাচন নীতিয়ে আমাৰ দেশৰ সকলো ধৰণৰ বৈচিত্ৰতা ধ্বংস কৰিব বুলি শংকা প্ৰকাশ অখিল গগৈৰ ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীৰ কেইবাটাও গুৰুতৰ অভিযোগ—


১/ এক দেশ এক নিৰ্বাচন নীতি দেশত এক দলীয় শাসন কৰাৰ প্ৰাথমিক পদক্ষেপ ৷
২/ হয়তো দেশত সংসদীয় গণতন্ত্ৰৰ পৰিৱৰ্তে দুই দলীয় নিৰ্বাচন কৰাৰ পৰিকল্পনা ৷
৩/ পৰৱৰ্তী সময়ত কেৱল বিজেপি দল, RSS য়ে নৰেন্দ্ৰ মোদী মৃত্যু নোহোৱা পৰ্যন্ত প্ৰধানমন্ত্ৰী কৰি ৰাখিবলৈ, ৰাষ্ট্ৰপতি কৰি ৰাখিবলৈ তেওঁলোকে কৰা পৰিকল্পনাৰ এক অংশ “এক দেশ এক নিৰ্বাচন’’ নীতি ৷

এইলানি অভিযোগেৰে ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে প্ৰতিবাদথলীত কয় যে এই নীতি দেশ গণতন্ত্ৰৰ প্ৰতি সৰ্ববৃহৎ আক্ৰমণ ৷ এনে আক্ৰমণো ৰাইজৰ দলে কেতিয়াও মানি নলয় ৷

লগতে বিধায়ক গগৈৰ আহ্বান যে দিশৰ সৰ্বস্তৰৰ লোকে ইয়াৰ প্ৰতিবাদ কৰা উচিত । বিৰোধীৰ ৰাষ্ট্ৰীয় ঐক্য মঞ্চ I.N.D.I.A লৈয়ো ইয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে ৷ অসমৰ ক্ষেত্ৰতো ৰাজ্যখনৰ ১২ দলীয় বিৰোধীৰ প্ৰতিও এক দিশ এক নিৰ্বাচনৰ বিৰুদ্ধে অখিল গগৈৰ ঐক্যবদ্ধ প্ৰতিবাদ কৰাৰ আহ্বান ৷

লগতে পঢ়ক: CM Himanta Biswa Sarma: ‘এক দেশ এক নিৰ্বাচন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বলিষ্ঠ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.