ETV Bharat / state

Miss teen usa 2022: পিতৃভূমিত কিবা কৰাৰ ইচ্ছা পুহি ৰাখিছে প্ৰবাসী অসমীয়া ফাৰন মেধিয়ে

author img

By

Published : Jul 9, 2023, 9:38 AM IST

Miss teen usa 2022 press meet at guwahati
মিছ টিন ইউএছএ 2022 খিতাপ বিজয়ী ফাৰন মেধিৰ সংবাদ মেল

বিদেশত জন্ম হৈও পিতৃ-মাতৃৰ জন্মভূমিৰ প্ৰতি বিশেষ টান আৰু অনুৰাগ দেখুওৱা বহু সন্তান আছে । তেনে এগৰাকী অসমীয়া মূলৰ আমেৰিকান নাগৰিক হৈছে ফাৰন মেধি । ফাৰন মেধিৰ পিতৃ গৌতম মেধিৰ গুৱাহাটীতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা । শেহতীয়াভাৱে ফাৰন মেধি অসমলৈ আহিছে তেওঁৰ পিতৃৰ জন্মভূমিৰ সৈতে একাত্ম হ'বলৈ । ফাৰন মেধিয়ে 2022 চনৰ অক্টোবৰত এনভিৰ ৰেনোত অনুষ্ঠিত মিছ টিন ইউএছএ 2022-ৰ সন্মানীয় খিতাপ অৰ্জন কৰে । তেওঁ হৈছে এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বংশোধৰ ।

পিতৃভূমিত কিবা কৰাৰ ইচ্ছা পুহি ৰাখিছে প্ৰবাসী অসমীয়া ফাৰন মেধিয়ে

গুৱাহাটী, 9 জুলাই : মিছ টিন ইউএছএ 2022-ৰ সন্মানীয় খিতাপ অৰ্জন কৰা ফাৰন মেধিয়ে গুৱাহাটীত আয়োজন কৰে এক সংবাদ মেলৰ ৷ আমেৰিকা নিবাসী তথা দেশখনৰ নাগৰিকত্ব লাভ কৰা ফাৰন মেধিয়ে সুদূৰ আমেৰিকাৰ পৰা আহিছে পিতৃভিঠালৈ ৷ ফাৰন মেধিৰ পিতৃ গৌতম মেধিৰ জন্মস্থান অসমৰ গুৱাহাটীত ৷

ফাৰন মেধিয়ে 2022 চনৰ অক্টোবৰত এনভিৰ ৰেনোত অনুষ্ঠিত মিছ টিন ইউএছএ 2022-ৰ সন্মানীয় খিতাপ অৰ্জন কৰে । তেওঁ হৈছে এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভৱ । এই প্ৰতিযোগিতাত তেওঁ নেব্ৰাস্কাক প্ৰতিনিধিত্ব কৰিছিল ৷ ইয়াৰ পূৰ্বে 2022 চনৰ 6 মাৰ্চত নেব্ৰাস্কাৰ ওমাহাত ফাৰন মেধিয়ে মিছ নেব্ৰাস্কা টিন আমেৰিকাৰ মুকুট জয় কৰিছিল । তেওঁৰ জন্ম নেব্ৰাস্কাৰ ওমাহাত আৰু তাতেই ডাঙৰ-দীঘল হয় বুলি সংবাদ মেলত উল্লেখ কৰে । ফাৰন মেধিৰ পিতৃ গুৱাহাটীত জন্ম হোৱাৰ বিপৰীতে মাতৃ লীনলি মেধি নেব্ৰাস্কাৰ ৱাল্টহিলৰ বুলি জানিবলৈ দিয়ে সংবাদ মেলযোগে ।

ফাৰন মেধি এগৰাকী হিপ-হপ নৃত্যশিল্পী আৰু 9 বছৰ ধৰি ব্ৰেকডেন্স কৰি আহিছে । তদুপৰি, তেওঁ এগৰাকী নৃত্য শিক্ষয়িত্ৰীও । ইয়াৰ উপৰি ফাৰন হৈছে এগৰাকী মডেল । তেওঁ বহুকেইটা বিশ্বমানৰ সংস্থাৰ সৈতে মডেলিঙৰ বাবে চুক্তিৱদ্ধ হৈছে । ফাৰনে ওমাহা ফেশ্বন সপ্তাহত 12 বছৰ বয়সতে মডেলিং আৰম্ভ কৰিছিল । মিছ টিন ইউএছএ সন্মানে তেওঁক এখন মঞ্চ প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁৰ এখন গ্ৰন্থ “I am ABC’S” বুলি সংবাদ মেলযোগে জানিবলৈ দিয়ে ।

এই গ্ৰন্থখন প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে লিখা এখন গ্ৰন্থ । ফাৰনে তেওঁৰ যোগাত্মক বাৰ্তা সমগ্ৰ বিশ্বজুৰি বিলাই দিব বিচাৰে । মিছ টিন আমেৰিকা হিচাপে যি পাৰে তেওঁ সেয়া কৰিব বিচাৰে ৷ সমান্তৰালভাৱে জীৱনলৈ অনন্য এক পৰিৱৰ্তনৰ সন্ধানত পিতৃভূমিতে কিবা এটা কৰাৰ বাবে আশা পুহি ৰাখিছে মিছ টিন ইউএছএ 2022 খিতাপ বিজয়ী ফাৰন মেধিয়ে ৷

লগতে পঢ়ক : NEP 2023 : নতুন শিক্ষা নীতিক আদৰণি জনাইছে সমালোচক ময়ূৰ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.