ETV Bharat / state

Minor Girl Rape in Guwahati: মোৰ গাত শনি লাগিছিল- ধৰ্ষণকাৰীৰ অকপট স্বীকাৰোক্তি

author img

By

Published : Aug 9, 2022, 7:17 PM IST

Minor Girl Rape by 60 years old man
মোৰ গাত শনি লাগিছিল

"কি কৰিবি আৰু উপায় নাই ৷ মোৰ গাত শনি লাগিছিল ৷" ধৰ্ষণকাৰীৰ অকপট স্বীকাৰোক্তি ৷ ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এগৰাকী ছয় বছৰীয়া কিশোৰী(Minor Girl Rape by 60 years old man)৷ ইয়াৰ পাছতে গ্ৰেপ্তাৰ হোৱা ধৰ্ষণকাৰীয়ে দিলে এই ভাষ্য ৷

গুৱাহাটী, ৯ আগষ্ট: মহানগৰীৰ নাৰেংগীৰ ভূপেন্দ্ৰ নগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা (Minor Girl Rape at Narengi) ৷ ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী ছয় বছৰীয়া কিশোৰী(Minor Girl Rape by 60 years old man)৷

জানিব পৰামতে, সোমবাৰে ঘৰত প্ৰতিদিনৰ দৰে নিজ কন্যা আৰু পুত্ৰক থৈ পিতৃ-মাতৃ কামলৈ ওলাই গৈছিল ৷ শিশু দুটি ঘৰৰ চোতালত খেলি থকা দেখা পাই ঘৰৰ সমীপৰে দ্বিজেন ৰামচিয়াৰী নামৰ বৃদ্ধিজনে চিপছৰ পেকেটৰ প্ৰলোভনেৰে শিশু দুটিক দি ঘৰৰ ভিতৰলৈ লৈ যায় ৷ লগে লগে সুযোগ বুজি কিশোৰীগৰাকীৰ লগত অপকৰ্মত লিপ্ত হয় পাষণ্ড বৃদ্ধই ৷

মোৰ গাত শনি লাগিছিল

এই সমগ্ৰ ঘটনাটো কিশোৰীগৰাকীৰ 10 বছৰীয়া ভাতৃয়ে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত বৃদ্ধজনে ঘৰখনৰ পৰা পলায়ন কৰে ৷ সন্ধিয়া শিশু দুটিৰ পিতৃ-মাতৃ অহাৰ লগে লগে ভুক্তভোগী কিশোৰীগৰাকীয়ে কান্দি কান্দি সকলো কথা বিৱৰি কয় ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত পিতৃ মাতৃয়ে নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে নিশাই লম্পট বৃদ্ধক গ্ৰেপ্তাৰ কৰে (Police arrested accused)৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 353/22 নম্বৰত POSCO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰাৰ পিছত আদালতৰ নিৰ্দেশ মৰ্মে মঙলবাৰে জেললৈ প্ৰেৰণ কৰে লম্পট বৃদ্ধক ৷

ইফালে বৃদ্ধজনক আৰক্ষী থানালৈ অনাৰ সময়ত অলপো অনুতপ্ত নোহোৱাকৈ হাঁহি হাঁহি ক’লে এনেদৰে,"কি কৰিবি আৰু উপায় নাই ৷ মোৰ গাত শনি লাগিছিল ৷"

লগতে পঢ়ক:Fraud arrested by Police: আৰক্ষী বিষয়াৰ পৰিচয় দিয়া পিংকু দাস বোকাখাত আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.