ETV Bharat / state

PM Vishwakarma Scheme: পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 10:43 PM IST

কলাক্ষেত্ৰৰ পৰা পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাৰ্চুৱেলি অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু চহৰাঞ্চলৰ শিল্পীসকলক উপকৃত কৰিব বুলি কয় তেওঁ ৷

PM Vishwakarma Scheme
পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুস্থান

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধন কৰে ৷ সেই উপলক্ষে কলাক্ষেত্ৰৰ পৰা পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাৰ্চুৱেলি অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কলাক্ষেত্ৰৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, সাংসদ কুইন ওজা, পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন সাংসদ ৰমেন ডেকা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি ৷ নতুন ভাৰতৰ বিশ্বকৰ্মা সকলৰ দক্ষতাক সন্মান জনোৱাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এই আঁচনি ৷ এই আঁচনিৰ অধীনত ৩ লাখ টকা পৰ্যন্ত সুৰক্ষিত ঋণ প্ৰদান কৰাৰ লগতে প্ৰদান কৰিব ১৫ হাজাৰ টকা পৰ্যন্ত টুলকিট ৷

দক্ষতা প্ৰশিক্ষণ আৰু বৃত্তিক আগবঢ়াই নিব এই আঁচনিয়ে ৷ এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইয়া সপোনৰ আঁচনি ৷ প্রতি গৰাকী ভাৰতীয়ক সৱল কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সদায়ে চেষ্টা কৰি আহিছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ 9 বছৰীয়া কাৰ্যকালত দেশত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে ৷ যাক বিশ্বই স্বীকৃতি দিছে ৷ 13 হাজাৰৰ পৰা 15 হাজাৰ কোটি টকা পি এম আঁচনিৰ বাবে ধন ধাৰ্য কৰা হৈছে ৷ এই আঁচনিৰ প্ৰধান উদ্দেশ্য শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী আৰু সেৱাসমূহৰ মানদণ্ড আৰু প্ৰসাৰতা বৃদ্ধি কৰা ৷ এই ব্যাপক আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু চহৰাঞ্চলৰ শিল্পীসকলক উপকৃত কৰিব বুলি কয় তেওঁ ৷

তেওঁ লগতে কয় যে কাঠমিস্ত্ৰী, নাও নিৰ্মাতা, কৱচ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাতা, তলা মিস্ত্ৰী, সোণাৰী, মৃৎশিল্পীকে ধৰি ১৮ টা বৃত্তিধাৰী লোকক এই আঁচনিয়ে সামৰি ল'ব ৷ এই শিল্পীসকলে পি এম বিশ্বকৰ্মাৰ প্ৰমাণ পত্ৰ আৰু আইডি কাৰ্ডৰ ৰূপত স্বীকৃতি লাভ কৰিব ৷

এই আঁচনিৰ জৰিয়তে কোনো বন্ধক নোহোৱাকৈ ঋণ ল'ব পাৰিব শিল্পীসকলে ৷ ইয়াৰ বাৱে থাকিব এটা বিশেষ Portal তথা এপলিকেশ্যন ৷ বায়'মেট্ৰিক পদ্ধতিৰে হিতাধীকাৰীসকলক প্ৰথমে পঞ্জীয়ন কৰা হ'ব ৷ পঞ্জীয়নৰ পিছত প্ৰশিক্ষণৰ বাবে বাঁচনি কৰা হ'ব ৷ প্ৰথমে ৫ দিনৰ বাবে আৰু পিছত ১৫ দিনৰ বাবে দিয়া হ'ব প্ৰশিক্ষণ ৷

লগতে পঢ়ক : CM Himanta Biswa Sarma: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল'শ্বিপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.