ETV Bharat / state

Assam State Film Awards for 2018 and 2019 : ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰিলে মন্ত্ৰী বিমল বড়াই

author img

By

Published : Mar 10, 2023, 5:27 PM IST

অৱশেষত ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা (Assam State Film Awards for 2018 and 2019) ৷ ১৩ মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হ’ব ৷ এই কথা সদৰী কৰিছে মন্ত্ৰী বিমল বড়াই ৷

State Film Awards for 2018 and 2019
ঘোষণা কৰা হ’ল অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা

ঘোষণা কৰা হ’ল অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা

গুৱাহাটী, ১০ মাৰ্চ : ঘোষণা কৰা হ’ল অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (Assam State Film Awards) । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ১৩ মাৰ্চত প্ৰদান কৰা হ’ব ৰাজ্যিক চলচ্চিত্ৰ বঁটা । অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানটোৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । আজি অসম বিধানসভাৰ চেমিনাৰ হলত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।

উল্লেখ্য যে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে অসম বাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে । মন্ত্ৰী বড়াই কয় যে অসমৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত শিল্পী তথা কলা-কুশলী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিগত বছৰসমূহত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।

মাজৰ দুটা বছৰত ক’ভিডৰ বাবে এই মহোৎসৱ অনুষ্ঠিত কৰা হোৱা নাছিল । এইবছৰ আয়োজন কৰা অনুষ্ঠানত ২০১৮ আৰু ২০১৯ বৰ্ষৰ পৃথককৈ বঁটা প্ৰদান কৰা হ’ব (Minister Bimal Bora announces State Film Awards for 2018 and 2019)। ২০১৮ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত আৰু ২০১৯ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত নিৰ্মিত অসমীয়া চলচিত্ৰ, তথ্য চিত্ৰ আৰু চুটি ছবিৰ বাবে মুঠ ৪০ টাকৈ শিতানত বঁটা প্ৰদান কৰা হ’ব ।

দুটা বৰ্ষৰ বাবে পৃথকে পৃথকে ৪০ টাকৈ শিতানত বঁটা প্ৰদান কৰা হ’ব । লগতে পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হ'ব । ২০১৮ চনৰ বাবে মুঠ বাৰখন চলচ্চিত্ৰ, আঠখন চুটি ছবি আৰু পাঁচখন তথ্যচিত্ৰ আৰু ২০১৯ চনৰ বাবে মুঠ ১৮ খন চলচ্চিত্ৰ, তিনিখন চুটি ছবি আৰু তিনিখন তথ্যচিত্ৰৰ বাবে আবেদন লাভ কৰা হৈছিল ।

আনহাতে, পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত সমালোচকৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বাবে ২০১৮ চনত সাত গৰাকী (প্ৰৱন্ধৰ বাবে) আৰু ২০১৯ চনত তিনি গৰাকী (গ্ৰন্থৰ বাবে) তথা পাঁচগৰাকীয়ে (প্ৰৱন্ধৰ বাবে) আবেদন দাখিল কৰিছিল । আনহাতে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰা হ’ব । এই বঁটাসমূহ প্ৰদান কৰাৰ বাবে জুৰী সদস্যৰে কেইবাখনো পেনেল কৰা হৈছিল । সেই পেনেলে বাচনি কৰা অনুসৰি বঁটাসমূহ প্ৰদান কৰা হ'ব ।

সংবাদমেলত তেওঁ দুটা বৰ্ষৰ বাবে ৪০ টাকৈ শিতানত প্ৰদান কৰা বঁটাসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে । সেই অনুসৰি ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা লাভ কৰে ‘‘বুলবুল কেন ছিং’’ ছবিখনে । শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ৰীমা দাসে ।

সেইদৰে ২০১৯ চনৰ বাবে শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা লাভ কৰে ‘‘জোনাকী পৰুৱা’’ ছবিখনে । আনহাতে, শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ভাস্কৰ হাজৰিকাই ৷ ছবিখনৰ নাম ‘আমিষ’ । তেওঁ ৪০ টা শিতানত দিয়া বঁটাসমূহৰ নাম ঘোষণা কৰে ।

তেওঁ লগতে কয় যে অসমীয়া চিনেমাৰ বাবে আজি এক বিশেষ দিন । ১৯৩৫ চনৰ ১০ মাৰ্চ অৰ্থাৎ আজিৰ এই দিনটোত কলকাতাৰ ৰৌণক থিয়েটাৰত মুক্তি দিয়া হৈছিল প্ৰথম অসমীয়া চিনেমা ‘জয়মতী’ । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ একান্ত প্ৰচেষ্টাৰে নিৰ্মিত চিনেমাখনে চলচ্চিত্ৰৰ ইতিহাসত সগৌৰৱেৰে সংযোজিত কৰিছিল অসমীয়া ভাষা-সংস্কৃতি ।

লগতে পঢ়ক : Oscars 2023: অস্কাৰ ক’ত অনুষ্ঠিত হ’ব ? ক’ত চাব পাৰিব অস্কাৰৰ লাইভ অনুষ্ঠান ? জানিব লওক সকলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.