ETV Bharat / state

MGNREGA progress in Assam: অসমত এম জি এনৰেগাৰ ধন কৰ্তন কেন্দ্ৰৰ, আঁচনিৰ কামৰ অগ্ৰগতিও অসন্তোষজনক

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 7:25 PM IST

কেন্দ্ৰীয় চৰকাৰে অসমত ২০২০-২১ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ৩৮৫.৬৭ কোটি টকা আবণ্টন দিছিল । আকৌ কেন্দ্ৰীয় চৰকাৰে অসমত ২০২১-২২ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ৩৩৭.৭৬ কোটি টকা আবণ্টন দিছিল । ২০২২-২৩ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ১৭৫.৭৬ কোটি টকা আবণ্টন দিয়ে । ২০২৩-২৪ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ১৯০.৩৭ কোটি টকা আবণ্টন দিছে ।

MGNREGA progress in Assam
অসমত এম জি এনৰেগাৰ আঁচনিৰ কামৰ অগ্ৰগতিও অসন্তোষজনক

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: গ্ৰাম্যাঞ্চলত কর্মসংস্থাপন আৰু গ্রাম্যাঞ্চলত সম্পদ সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে আৰম্ভ কৰা এম জি এনৰেগা আঁচনিখন অসমত প্ৰহসনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে । বছৰি কেন্দ্ৰীয় চৰকাৰে অসমত এই আচঁনিখনৰ ধন কৰ্তন কৰি আহিছে । আনহাতে বছৰি আঁচনিখনৰ কাম অসম্পূৰ্ণ হৈ থকাৰ তথ্যও পোহৰলৈ আহিছে । গ্রাম্য বিকাশ মন্ত্রণালয়ৰ তথ্য অনুসৰি যোৱা ২০২০-২১ চনৰ পৰা অসমত এই আচঁনিখনৰ ধন কৰ্তন হৈ আহিছে ।

তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে অসমত ২০২০-২১ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ৩৮৫.৬৭ কোটি টকা আবণ্টন দিছিল । আকৌ কেন্দ্ৰীয় চৰকাৰে অসমত ২০২১-২২ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ৩৩৭.৭৬ কোটি টকা আবণ্টন দিছিল । ২০২২-২৩ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ১৭৫.৭৬ কোটি টকা আবণ্টন দিয়ে । ২০২৩-২৪ চনত এম জি এনৰেগা আঁচনিখনৰ নামত ১৯০.৩৭ কোটি টকা আবণ্টন দিছে । ইয়াৰ পৰা দেখা যায় যে ২০২০-২১ চনৰ পৰা অসমত এই আচঁনিখনৰ ধন কৰ্তন হৈ আহিছে ।

ইপিনে গ্রাম্য বিকাশ মন্ত্রণালয়ৰ এক পৰিসংখ্যাই অসমত এই আঁচনিখনৰ ‘কাম’ অসম্পূর্ণ হৈ থকাৰ এক উদ্বেগজনক তথ্য উন্মোচন কৰিছে । তথ্য মতে, এম জি এনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীণ ৰোজগাৰ অধিনিয়ম)ৰ অধীনত যোৱা পাঁচ বছৰত অসমৰ ১৫ লক্ষাধিক ‘কাম’ অসম্পূর্ণ হৈ আছে । গ্রাম্য বিকাশ মন্ত্রণালয়ৰ তথ্য অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষৰপৰা ২০২২-২৩ বিত্তীয় বর্ষলৈকে এম জি এনৰেগা আঁচনিৰ অধীনত ৰাজ্যৰ গাঁওসমূহত মুঠ ২১.৮৫ লাখ কাম হাতত লোৱা হৈছিল । তাৰ ভিতৰত এতিয়ালৈকে মাত্র ৬.১ লাখ কামহে সম্পূৰ্ণ কৰা হৈছে ।

চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষতো এতিয়ালৈকে ৰাজ্যত এম জি এনৰেগাৰ কামৰ অগ্রগতি বিশেষ সন্তোষজনক বুলি ক'ব নোৱাৰি । আনহাতে, এই আঁচনিৰ অধীনত জবকার্ড থকা প্ৰতিটো পৰিয়ালক ১০০ দিন কামৰ সুবিধা নিশ্চিত কৰিব লাগে যদিও গড়ে ৩০ দিনহে কামৰ সুবিধা লাভ কৰিব পাৰিছে ।

লগতে পঢ়ক: Assam MGNREGA scam: অসমত এম জি এনৰেগাত দুৰ্নীতি আৰু অনিয়মৰ সাত শতাধিক গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.