ETV Bharat / state

BJP joining programme: ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মদাহী উন্নয়ন পৰিষদৰ সমূহ সদস্যৰ যোগদান

author img

By

Published : Jun 22, 2023, 5:16 PM IST

BJP joining programme
BJP joining programme

বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰায় তিনি শতাধিক লোকে বিজেপিত যোগদান কৰে ৷ এই যোগদান কাৰ্যসূচীত অংশ লৈ দলটোৰ সভাপতি ভৱেশ কলিতাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

তিনিশতাধিক লোকৰ বিজেপিত যোগদান

গুৱাহাটী, ২২ জুন: মহানগৰীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে সম্পন্ন হ’ল বৃহৎ যোগদান কাৰ্যসূচী ৷ বিজেপিত যোগদান কৰে মদাহী উন্নয়ন পৰিষদৰ অধ্যক্ষ দণ্ডীৰাম মেধীসহ মদাহী উন্নয়ন পৰিষদৰসমূহ সদস্যই ৷ মদাহী উন্নয়ন পৰিষদৰ প্ৰায় তিনি শতাধিক লোকে বৃহস্পতিবাৰে যোগদান কৰে বিজেপিত ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, উপ-সভাপতি ৰেখাৰাণী দাস বড়ো আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত যোগদান কৰে এই লোকসকলে ৷ যোগদান কাৰ্যসূচীত অংশ লৈ ভৱেশ কলিতাই কয়, ‘‘বিজেপিৰ বিকাশত সন্তুষ্ট হৈ মদাহী জনগোষ্ঠীৰ লোকে যোগদান কৰিছে বিজেপিত ৷ বৰ্তমান সমগ্ৰ ৰাজ্যতে বানপানীৰ সৃষ্টি হৈছে ৷ বানে সৰ্বশ্ৰান্ত কৰা পৰিয়ালৰ কাষত থিয় দিব বিজেপি ৷ ইতিমধ্যে চৰকাৰে পৰ্যাপ্ত পৰিমাণে সাহায্যৰ ব্যৱস্থা কৰিছে ৷’’

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত সন্তুষ্টি প্ৰকাশ কৰি ভৱেশ কলিতাই যে একাংশ বিজেপি বিধায়কৰ লগতে মিত্ৰদল অগপৰ বিধায়কেও প্ৰথমে বুজি নাপায় শংকিত হৈ পৰিছিল ৷ কিন্তু এতিয়া বুজি পাইছে আৰু সকলো ঠিকেই আছে ৷

সমষ্টি কমা নাই, মই এটা সমষ্টি বোনাচ পাইছো বুলি উল্লেখ কৰি কলিতাই কয় যে সমষ্টি কমিলেহে সমস্যা হ’লহেঁতেন ৷ ইফালে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই আজমলক সন্তুষ্ট কৰাৰ বাবে আমি কাম নকৰো বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে অখিল গগৈকে ধৰি কেইবাগৰাকীও বিৰোধী বিধায়কে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰাক সম্পূৰ্ণ সাম্প্ৰদায়িক বুলি আখ্যা দি বিজেপি আৰু AIUDFৰ ভোট বেংক সুকক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰ বিপৰীতে শাসকীয় দলটোৱে এই অভিযোগক নস্যাৎ কৰি এই খচৰাই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব বুলিহে মন্তব্য কৰিছে ৷

লগতে পঢ়ক: Akhil Gogoi Appears In Court: ছবছৰীয়া পুৰণি গোচৰত কলিয়াবৰ মহকুমা ন্যায়িক আদালতত অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.