ETV Bharat / state

Massive Cyber crime Bust: একেদিনাই গুৱাহাটীত দুই শতাধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ; উৎখাত ভুৱা কল চেণ্টাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:51 PM IST

Massive Cyber crime Bust
Massive Cyber crime Bust

গুৱাহাটী মহানগৰীত চলি থকা ভুৱা কল চেণ্টাৰসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী ৷ মঙলবাৰে আৰক্ষীয়ে চলোৱা অভিযানত প্ৰায় 200 লোকক গ্ৰেপ্তাৰ ৷ ইয়াৰ ভিতৰত আছে তিনিটা মাষ্টাৰমাইণ্ড ৷

গুৱাহাটী মহানগৰীত চলি থকা ভুৱা কল চেণ্টাৰসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: ৰাজ্যৰ নিৱনুৱা যুৱক যুৱতীক টাৰ্গেত চাইবাৰ অপৰাধীৰ । গুৱাহাটীত ভয়ংকৰভাৱে চাইবাৰ অপৰাধীয়ে ঘাটি পাতি দেশ বিদেশৰ নাগৰিকৰ পৰা লুটিছে কোটি কোটি টকা । এই তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে ।

বৃহস্পতিবাৰে নিশা মহানগৰীত ৮ টাকৈ কল চেন্টাৰত অভিযান চলায় ১৯১ জনক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে দিল্লী, পঞ্জাৱ, হাৰিয়ানা, বিহাৰ, পশ্চিম বংগ, মহাৰাষ্ট্ৰ পৰা নিৱনুৱা যুৱক-যুৱতীক লৈ আনি আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে গুৱাহাটীৰ পৰা চলাই আছে চাইবাৰ অপৰাধৰ ভয়ংকৰ জাল ।

এই কথা শুকুৰবাৰে এক সংবাদমেলত সদৰী কৰি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে ২০০ তকৈ অধিক আৰক্ষীয়ে ১৫ জনীয়া দল গঠন কৰি বৃহস্পতিবাৰে নিশা একে সময়তে মহানগৰীৰ ৮ টাকৈ স্থানত অভিযান চলায় ভুৱা কল চেন্টাৰৰ লগত জড়িত থকা ১৯১ জনকৈ লোক আটক কৰে ।

অভিযানত ১৬৪টা কম্পিউটাৰ, ৯০টা লেপটপ, ২৬টা ম’বাইল ফোন আৰু চাইবাৰ অপৰাধৰ লগত জড়িত আন সামগ্ৰী জব্দ কৰে । কল চেন্টাৰবোৰত অবৈধভাৱে ইন্টাৰনেট সংযোগ লৈ বিশেষকৈ বিদেশৰ লোকক টাৰ্গেট হিচাবে হৈ ফোন কৰি প্ৰৱঞ্চনা কৰা হয় ।

এইসমূহ কল চেণ্টাৰে Spam প্ৰেৰণ কৰিছিল বহু ব্যক্তিৰ লেপটপ অথবা কম্পিউটাৰলৈ । সেই Spam ৰ Pop Up সমূহ কম্পিউটাৰত পোৱাৰ পিছত ভুক্তভোগীক কল চেণ্টাৰসমূহলৈ ফোন কৰিবলৈ বাধ্য কৰায় ।

কল চেণ্টাৰসমূহে নিজকে Tech Support Staff বুলি পৰিচয় দিয়ে । বিভিন্ন বেংক একাউণ্ট, লেপটপ আদি হেক হোৱা বুলি ভয় ভাবুকি প্ৰদান কৰে গ্ৰাহকক । বেংক একাউন্ট, লেপটপ হেক নহ’বলৈ ধনদাবী কৰে । সেই ধন BitCoin আৰু গিফ্ট ভাউচাৰৰ যোগেদি গ্ৰহণ কৰে ৷

আন্তঃৰাষ্ট্ৰীয় গেঙৰ সৈতে জড়িত এইসমূহ কল চেণ্টাৰ । হাৱালা লেনদেনৰ জৰিয়তে টকাসমূহ পৰৱৰ্তন কৰি ভাৰতীয় টকালৈ লৈ সলনি কৰে ।
এই কল চেন্টাৰসমূহ দিল্লী, গুৰগাঁৱৰ পৰা পৰিচালনা হৈ থাকে । বহু লোকক ঠগ-প্ৰৱঞ্চনা কৰি এই কল চেণ্টাৰসমূহে প্ৰতি মাহে কোটি টকা উপাৰ্জন কৰে ।

কল চেণ্টাৰত নিযুক্ত হৈ থকা বহু যুৱক-যুৱতীয়ে নাজানে কল চেণ্টাৰ এইসমূহ ক’লা অধ্যায় । বহুতে জনাৰ পিছত এৰি যায় আৰু বহুতে ধনৰ লোভত কাম কৰি থাকে । সামাজিক মাধ্যমৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি কৰ্মচাৰী নিযুক্তি দিয়া হয় । ৬-৭ মাহৰ মূৰে মূৰে এই কল চেণ্টাৰসমূহে নিজৰ ঠিকনা সলনি কৰি থাকে ।

এই ঘটনাৰ তিনি মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে । এজনক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আন দুজনক হোটেলত বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল ৷ আৰক্ষী অহাৰ উমান পাই দুয়ো পলায়ন কৰিছিল যদিও বজালী জিলা আৰক্ষীৰ সহযোগত ভৱানীপুৰত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে ।

ধৃত লোক কেইজন হৈছে অসমৰ দিব্যজ্যোতি দে, লুধিয়ানাৰ ৰাজন চিদানা, দিল্লীৰ দিব্যম অৰোৰা । এতিয়াও আন কিছু মাষ্টাৰমাইণ্ড অপৰাধী পলাতক । আৰক্ষীয়ে সদৰী কৰা অনুসৰি দিব্যজ্যোতি দে ২০২১ ৰ পৰা এই অবৈধ কাৰ্যৰ লগত জড়িত । বিলাসী জীৱন শৈলী, বিলাসী গাড়ী, ডুবাইতো নিজৰ গৃহ থকাৰ তথ্য পাইছে আৰক্ষীয়ে ।

দিল্লীৰ দিব্যম অৰোৰাই বিগত ২ বছৰ ধৰি গুৱাহাটীত বাহৰ পাতি থাকি কল চেন্টাৰ চলাই আছিল । ঘটনা সন্দৰ্ভত চাইবাৰ আৰক্ষীত বিশেষ গোচৰ ৰুজু কৰা হৈছে আৰু বহু লোক জালত পৰিব বুলিও মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰিছে ।

ভাড়াঘৰৰ মালিকসকলকো সতৰ্ক হোৱাৰ আহ্বান জনায় আয়ুক্ত দিগন্ত বৰাই । নিশা কাম চলা কোনো প্ৰতিষ্ঠানক ঘৰ ভাড়া দিয়াৰ পৰা বিৰত থকাৰ আহ্বান জনোৱাৰ লগতে অন্যথা মালিকো তদন্তৰ আওঁতালৈ আহিব বুলি সতৰ্ক কৰি দিয়ে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক: Crime branch raid: ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.