ETV Bharat / state

বিকি আলীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

author img

By

Published : Mar 29, 2022, 9:08 PM IST

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলীৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Magistrate level probe order) ৷ অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক দাখিল কৰিব পৰাকৈ অতিৰিক্ত জিলা দণ্ডাধীশক ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জিলা দণ্ডাধীশৰ ৷

magistrate-inquiry-on-biki-alis-death
বিকি আলীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

গুৱাহাটী, ২৯ মাৰ্চ : গাড়ীগাওঁ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকি আলীৰ এনকাউন্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ(Guwahati gang rape) । আৰক্ষীয়ে বিকি আলীক লগত লৈ ধৰ্ষণকাণ্ডৰ সহযোগীক বিচাৰি অভিযান চলাবলৈ যোৱা অৱস্থাত ১৫ মাৰ্চত গড়ভঙা পাহাৰ এলেকাত আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছিল বিকি আলীৰ (Minor girl raped in Guwahati)। গাড়ীগাঁৱৰ ফকিৰপাৰা নিবাসী ৰাজেচুল হকৰ পুত্ৰ বিকি আলিৰ মৃত্যু সম্পৰ্কত উপ আৰক্ষী আয়ুক্তৰ পৰা লাভ কৰা এক চিঠিৰ জৰিয়তে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে (Magistrate level probe order) ।

উল্লেখ্য যে, অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক এই সমগ্ৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পন কৰে জিলা দণ্ডাধীশ পল্লৱ গোপাল ঝাই । অতিৰিক্ত দণ্ডাধীশজনক এই তদন্তৰ ক্ষেত্ৰত সহায় কৰিব কাৰ্যবাহী দণ্ডাধীশ ৰিমজিম কোঁৱৰে । সম্প্ৰতি অসম মানৱ অধিকাৰ আয়োগ / ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক দাখিল কৰিব পৰাকৈ তেওঁলোকক ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ইফালে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, উক্ত ধৰ্ষণকাণ্ডৰ সৈতে জড়িত থকা আন চাৰিজন অভিযুক্তৰ বৰ্তমানলৈকে কোনো শুং সূত্ৰ আৰক্ষীয়ে এই পৰ্য্যন্ত লাভ কৰা নাই ৷

উল্লেখযোগ্য যে, দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক মোবাইলত আবদ্ধ ভিডি'অ ভাইৰেল কৰি দিয়াৰ ভাবুকি দি ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নিছিল । গেষ্ট হাউচৰে ১০৫ নম্বৰ কোঠাত চাৰি বন্ধুৰ সৈতে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল কিশোৰীগৰাকীক (Minor girl gang raped filmed by several men) । ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে উক্ত যুৱক কেইজনলৈ অভিযোগ উত্থাপন কৰি দাখিল কৰিছিল এজাহাৰ ।

ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত 19/22 নম্বৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ(Minor girl gang raped filmed by several men) ৷ ইয়াৰ পিছতে এই পাঁচ অভিযুক্তৰ বিৰুদ্ধে US 376(D) IPC RW SEC 6, POSCO ACT/RW 67(B) আৰু IT ACT ৰ ধাৰা আৰোপ কৰা হয় (FIR lodged at Women police station in Panbazar) ৷

লগতে পঢক : Guwahati gang rape : দলবদ্ধ ধর্ষণৰ ৫ অভিযুক্তৰ ৭ জন আত্মীয়ক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.