ETV Bharat / state

লাভলিনাক লৈ যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীৰ মাজত আনন্দৰ বন্যা

author img

By

Published : Jul 30, 2021, 10:24 PM IST

lovlina wins quarter final celebrations at jmch jorhat
যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীৰ মাজত আনন্দ বন্যা

যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীসকলৰ মাজতো দেখা গৈছে লাভলীনাৰ জয়ক লৈ আনন্দ উল্লাস ৷ জাপানৰ টকিঅ'ত চলি থকা অলিম্পিকৰ বক্সিঙত গোলাঘাট জিলাৰ বৰপথাৰৰ লাভলীনা বৰগোঁহাইৰ বঞ্জৰ পদক ইতিমধ্যে নিশ্চিত হৈ পৰিছে ৷

যোৰহাট, 30 জুলাই : লাভলীনা বৰগোঁহাইৰ ছেমিফাইনেলত প্ৰৱেশৰ খবৰ লাভ কৰাৰ পাচতে ৰাজ্যবাসীৰ মাজত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে ৷ যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীসকলৰ মাজতো দেখা গৈছে লাভলীনাৰ জয়ক লৈ আনন্দ উল্লাস ৷ জাপানৰ টকিঅ'ত চলি থকা অলিম্পিকৰ বক্সিঙত গোলাঘাট জিলাৰ বৰপথাৰৰ লাভলীনা বৰগোঁহাইৰ বঞ্জৰ পদক ইতিমধ্যে নিশ্চিত হৈ পৰিছে ৷

যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীৰ মাজত আনন্দ বন্যা

যোৰহাট মেডিকেল কলেজৰ প্ৰত্যেক গৰাকী ক'ভিড ৰোগীয়েই লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ লাভলীনাই যাতে ছেমি ফাইনেল আৰু ফাইনেলত বিজয় সাব্যস্ত কৰি সোণৰ মেডেল আঁজুৰি আনিব পাৰে তাৰ বাবেও তেওঁলোকে প্ৰাৰ্থনা কৰিছে ৷ 4 আগষ্টত ছেমি ফাইনেলৰ যুঁজত নামিব লাভলীনা ৷

লাভলিনাৰ জয়ত উৎফুল্লিত হৈ গোলাঘাটৰ বাবুল আলি হাজৰিকা নামৰ এজন যুৱকে যোৰহাট চিকিৎসা মহাবিদ্যালয় খনত ভৰ্তি হৈ থকা ক'ভিড ৰোগীসকলৰ মাজত মিঠাই বিতৰণ কৰে। যুৱকজনৰ পিতৃ ক'ভিডত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ ক'ভিড আক্ৰান্ত পিতৃৰ অভিভাৱক হিচাপে চিকিৎসালয়খনত আছে যুৱকজন ৷

কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল চীনৰ টাইপেৰ বক্সাৰ চেন নিয়েন চিন ৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ বঞ্জৰ পদক লাভ কৰা লাভলীনাই বক্সিঙৰ প্ৰথম ৰাউণ্ডৰ পৰা শক্তিশালী ৰূপত প্ৰত্যাহ্বান জনাইছিল চাইনিজ বক্সাৰ চেন নিয়েন চিনক ৷ তদুপৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তিনিবাৰকৈ চেন নিয়েন চিনৰ মুখামুখি হৈছিল যদিও প্ৰতিবাৰেই চীনৰ খেলুৱৈ গৰাকীৰ বিৰুদ্ধে থমকি ৰ'বলগীয়া হৈছিল লাভলীনা ৷

প্ৰি-কোৱাৰ্টাৰত ৩-২ ব্যৱধানত জয়ৰ পাচত কোৱাৰ্টাৰ ফাইনেলত আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ৪-১ ব্যৱধানত জয় লাভ কৰিলে লাভলীনাই ৷ গতিকে লাভলিনাৰ পৰা আৰু অধিক সুফলৰ আশা কৰিছে ক্ৰীড়া অনুৰাগী সকলে ৷

লগতে পঢ়ক: বন্ধুত্ব: বলিউড ছবিৰ কেইটামান ডাইলগ যি এতিয়াও জনপ্ৰিয়...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.