ETV Bharat / bharat

বন্ধুত্ব: বলিউড ছবিৰ কেইটামান ডাইলগ যি এতিয়াও জনপ্ৰিয়...

author img

By

Published : Jul 30, 2021, 5:59 PM IST

Updated : Aug 1, 2021, 6:06 AM IST

বলীউডৰ বেছিভাগ চলচিত্ৰই প্ৰেম আৰু বন্ধুত্বকে বেছি গুৰুত্ব দিয়া দেখা যায় ৷ বলীউডৰ চলচিত্ৰ সমূহৰ কিছুমান বন্ধু সম্পৰ্কীয় ডাইলগ এতিয়াও আমাৰ মাজত পৰিচিত ৷

Dialogues About Friendship
বলিউড ছবিৰ জনপ্ৰিয় কেইটামান ডাইলগ...

নিউজ ডেস্ক, 30 জুলাই : আপুনি কেতিয়াও প্ৰেম আৰু বন্ধুত্বক এৰাই চলিব নোৱাৰে ৷ আপোনাৰ জীৱনৰ আটাইতকৈ ভাল কামটোৰ পৰা আৰম্ভ কৰি একেবাৰে বেয়া কামটোলৈকে বন্ধুত্বৰ প্ৰয়োজনীয়তা হয়তো নক'লেও আপুনি অনুভৱ কৰিছে ৷ ঠিক সেইদৰে প্ৰেম ও মানুহৰ জীৱনৰ এটা এৰাব নোৱাৰা অনুভৱ ৷

বলীউডৰ বেছিভাগ চলচিত্ৰই প্ৰেম আৰু বন্ধুত্বকে বেছি গুৰুত্ব দিয়া দেখা যায় ৷ বলীউডৰ চলচিত্ৰসমূহৰ কিছুমান বন্ধুত্ব সম্পৰ্কীয় ডাইলগ এতিয়াও আমাৰ মাজত পৰিচিত ৷ আপুনি কলেজৰ দিনবোৰলৈ মনত পেলাওক চোন, Kush Kush Hota Hai চিনেমাখন কিমান জনপ্ৰিয় আছিল ৷ চিনেমাখনৰ এটা ডাইলগ আপোনাৰ হয়তো এতিয়াও মনত আছে ৷

Pyar dosti hai...agar woh meri sab se achchi dost nahin ban sakti, to main usse kabhi pyar karhi nahi sakti...kyun ki dosti bina toh pyar hota hi nahin..simple,pyar dosti hai. ৷

ভূল নুবুজিব আপুনি হয়তো আপোনাৰ প্ৰিয়গৰাকীৰ আগত এই ডাইলগতো বহু বেছিয়ে ব্যৱহাৰ কৰিছিল ৷ আপোনাৰ প্ৰিয়গৰাকীয়ে যেতিয়া কাজিৰা কৰাৰ পাচত ক্ষমা খোজে, তেতিয়া আপুনি হয়তো কৈছিল, dosti Ka ek usool hai madam-no sorry, no thank you ৷ এই ডাইলগটো আছিল Maine pyaar kiya হিন্দী ছবিখনৰ ৷

আপোনাৰ প্ৰিয়জন বহু বেছি দুষ্ট নেকি ? বেয়া নাভাবিব তেওঁৱে আপোনাৰ প্ৰিয় বন্ধু হ'ব পাৰে ৷ মনত আছেনে Heropanti ছবিখনৰ সেই জনপ্ৰিয় ডাইলগটো-Jo dost kamine nahi hote, woh kamine dost nahi hote...

ঠিক সেইদৰে Ek Chalis ki last Local আৰু Dil Chahta hai ছবি দুখনৰ আটাইতকৈ জনপ্ৰিয় ডাইলগ কেইটা মনত আছে নে আপোনাৰ ? Ek Chalis ki last Local ছবিখনৰ জনপ্ৰিয় ডাইলগটো আছিল Cigarette aur dost, dono filtered hone chahiye ৷ আপুনি প্ৰিয় বন্ধুজনলৈ কৰা মেছেজত Dil Chahta hai ছবিৰ এটা ডাইলগ বহু বেছি ব্যৱহাৰ কৰিছিল ৷ মত পেলাওক চোন- Ya Toh ye dosti gehri, ya yeh Photo 3D hai ৷

বিশ্ববিদ্যালয় বা মহাবিদ্যালয় হোষ্টেলৰ দিন কেইটাত আটাইটকৈ বেছি ব্যৱহাৰ হৈছিল Des Pardes ছবিখনৰ এটা ডাইলগ ৷ Puraani sharab ki tarah puraani dosti ka bho ajeeb nasha hai ৷ বেছিকৈ কলেজৰ বইজ হোষ্টেলসমূহত বহু বেছি জনপ্ৰিয় এই ডাইলগটো ৷

কেতিয়াবা আপোনাৰ প্ৰিয় বন্ধুজনে আপোনাক ৰামঠগন দি পাইছে নে ? আপুনি নিশ্চয় বন্ধুৰ পৰা তেনে ৰাম ঠগনৰ অভিজ্ঞতা লাভ কৰিছে ৷ সঁচাকৈয়ে এজন প্ৰকৃত বন্ধু পাবলৈ বৰ কঠিন ৷ Barkhaa ছবিখনৰ সেই ডাইলগটো Achche dosti milna mushkil hai,aur sachche dost milna usse bhi mushkil ৷

Dost aur mauke baar baar nahi aate ৷ প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে পালন কৰা হয় International Friendship Day ৷ গতিকে পালন কৰোঁ আহক বন্ধুত্বৰ সেই বিশেষ দিনটো ৷

লগতে পঢ়ক: বন্ধুত্ব উদযাপনৰ বিশেষ দিনটো মনত আছেনে?

Last Updated :Aug 1, 2021, 6:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.