ETV Bharat / state

2024 Lok Sabha Election: অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি লোকসভালৈ সাজু নিৰ্বাচন আয়োগ; কাইলৈৰ পৰা আৰম্ভ EVM পৰীক্ষা

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:38 PM IST

Updated : Sep 1, 2023, 6:33 AM IST

Etv Bharat
Etv Bharat

লোকসভা নিৰ্বাচনলৈ অসমতো নিৰ্বাচন আয়োগৰ প্ৰস্তুতি ৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ জনতা ভৱনত সংবাদমেল সম্বোধন ৷ অহা ১ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ নাগৰিকসকলে আয়োগৰ ওচৰত দৰ্শাব পাৰিব নিজৰ ওজৰ-আপত্তি ৷ কাইলৈৰ পৰা অসমত আৰম্ভ হ’ব EVMৰ পৰীক্ষণ ৷

গুৱাহাটী, ৩১ আগষ্ট: লোকসভা নিৰ্বাচনলৈ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সাজু হৈছে নিৰ্বাচন আয়োগৰ অসমৰ বিষয়াবৰ্গও ৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে বৃহস্পতিবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ২০২৪ৰ নিৰ্বাচনৰ বাবে আয়োগৰ প্ৰাৰম্ভিক কাম-কাজ সম্পৰ্কে বিৱৰণ দাঙি ধৰে ৷ ঘোষণা কৰে নিৰ্বাচনমুখী আয়োগৰ নিৰ্বাচনী প্ৰস্তুতি আৰু পথ নিৰ্দেশনা ৷

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ ঘোষণা- ২০২৪ৰ ৩১ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ৷ নিৰ্বাচনী প্ৰস্তুতি স্বৰূপে কাইলৈৰ পৰা নিৰ্বাচন আয়োগে আৰম্ভ কৰিব প্ৰথম পৰ্যায়ৰ EVMৰ পৰীক্ষণ পৰ্ব ৷ কাইলৈৰ পৰা ৰাজ্যৰ ৫০ নিৰ্বাচন জিলাত প্ৰথম পৰ্যায়ৰ EVM পৰীক্ষণ আৰম্ভ হ'ব । সংবাদমেল সম্বোধন কৰি এই ঘোষণা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ ৷

স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ মনোনীত প্ৰতিনিধিৰ উপস্থিতিত EVM যন্ত্ৰসমূহ খুলি পৰীক্ষা কৰা হ'ব । মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সদৰী কৰে যে এইবাৰ নতুনকৈ সংযুক্ত কৰা হৈছে PFLCU (PRE FIRST LEVEL CHECKING UNIT) যন্ত্ৰ । ইয়াৰ যোগেদি EVM, VVPAD আদি যন্ত্ৰসমূহ কাৰ্যক্ষম হৈ আছে নে নাই সেয়া পৰীক্ষা কৰিব ।

এই পৰীক্ষাকালত সক্ৰিয় তথা কাৰ্যক্ষম হৈ থকা যন্ত্ৰসমূহ ভোটদানৰ বাবে ষ্ট্ৰং ৰূমত ৰখাৰ ব্যৱস্থা কৰা হ'ব । অহা ২৯ চেপ্তেম্বৰলৈকে ৰাজ্যজুৰি চলিব এই প্ৰক্ৰিয়া । ইতিমধ্যেই যোৱা ৩০ আগষ্টত ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতি প্ৰসংগত অৱগত কৰে ।

ইতিমধ্যেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰা ৰাষ্ট্ৰপতিৰ অনুমোদন মৰ্মে কাৰ্যকৰী হৈ গৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচনী ক্ষেত্ৰখনত এইবাৰ কিছু সাল-সলনি হৈছে । মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে এই প্ৰক্ৰিয়াত ভোটাৰৰ সমষ্টি সলনি হ'লেও ৮০ শতাংশ ভোটদান কেন্দ্ৰ একে থাকিব ।

মুখ্য নিৰ্বাচনী বিষয়া গোৱেলৰ ঘোষণা যে অহা ১ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ নাগৰিকসকলে নিজৰ ওজৰ-আপত্তি আয়োগৰ ওচৰত দৰ্শাব পাৰিব । ২৬-২৭ অক্টোবৰৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি সকলো ভোটকেন্দ্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব । ১০ নৱেম্বৰত লোকসভা নিৰ্বাচনৰ ভোটকেন্দ্ৰৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব । ১ ডিচেম্বৰৰ পৰা ভোটাৰে নতুন খচৰা অনুসৰি ভোটাৰ তালিকাত নাম সলনি, নাম কৰ্তন ইত্যাদি কৰিব পাৰিব । নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত এই প্ৰক্ৰিয়া বন্ধ থাকিব ৷

লগতে পঢ়ক: Assam Scholarship Scam: সংখ্যালঘু ছাত্ৰ জলপানি কেলেংকাৰী; ৰাজ্যজুৰি চলিব CBIৰ বৃহৎ অভিযান

Last Updated :Sep 1, 2023, 6:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.