ETV Bharat / state

সীমান্ত সমস্যা নিষ্পত্তি নোহোৱালৈকে আন সমস্যা সমাধান নহয় : ৰাণা প্ৰতাপ কলিতা

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 5:02 PM IST

Updated : Nov 21, 2023, 7:58 PM IST

সীমান্ত সমস্যা নিষ্পত্তি নোহোৱালৈকে আন সমস্যা সমাধান নহয় ৷ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা বাবে একাংশ যুৱক-যুৱতীয়ে এতিয়াও আলফাত যোগদান কৰিছে । এনে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷

Lieutenant General Rana Pratap Kalita
গুৱাহাটী প্ৰেছ ক্লাবত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

গুৱাহাটী প্ৰেছ ক্লাবত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

গুৱাহাটী, ২১ নৱেম্বৰ : ‘‘সীমান্ত সমস্যা নিষ্পত্তি নোহোৱালৈকে আন সমস্যা সমাধান নহয় ৷’’ এই মন্তব্য ভাৰতীয় সেনা বাহিনীৰ ইষ্টার্ণ কমাণ্ডৰ জেনেৰেল অফিছাৰ কমাণ্ডিং ইন ছীফ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি হিচাবে উপস্থিত থাকি এইদৰে মন্তব্য কৰে কমাণ্ডৰ জেনেৰেল অফিছাৰগৰাকীয়ে ৷

তেওঁ কয়, ‘‘ ইষ্টাৰ্ণ কমাণ্ডৰ অধীনত ৯ খন ৰাজ্য আছে । উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগতে পশ্চিম বংগৰ দায়িত্বও ইষ্টাৰ্ণ কমাণ্ডৰ অধীনত । ইয়াৰ ভিতৰত ইণ্ড ম্যানমাৰ, ইণ্ড বাংলাদেশ , ইণ্ড চীন সীমান্ত প্ৰত্যক্ষভাৱে আছে । সেয়েহে স্বাভাৱিকতে দায়বদ্ধতা বেছি । বৰ্তমান ছিকিম আৰু অৰুণাচলৰ LOC সাধাৰণ হৈ আছে, শংকাৰ পৰিৱেশ নাই ৷ পৰিস্থিতি অনুকুল যদিও প্ৰত্যাহ্বান আছে । যাৰ বাবে প্ৰতিটো মুহুৰ্ততে সষ্টম হৈ আছে ভাৰতীয় সেনা বাহিনী । বৰ্তমান সকলো দিশতে পৰিৱৰ্তন হৈছে ।’’

সশস্ত্ৰ বাহিনীতো পৰিৱৰ্তন আহিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘‘ উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জনগাঁথনি, পৰম্পৰা আছে । সকলোকে মূলসুঁতিলৈ আনি একত্ৰিত কৰাৰ বাবে ভাৰতীয় সেনাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।’’ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ভাৰতীয় সেনা বদ্ধপৰিকৰ বুলি ৰাণা প্ৰতাপ কলিতাই মন্তব্য কৰে ।

তেওঁ লগতে কয় যে কোনো যুদ্ধ সেনা বাহিনীয়ে অকলে জয় কৰিব নোৱাৰে । তাৰ বাবে জনসাধাৰণৰ সহায়-সহযোগিতা লাগিব । জনসাধাৰণৰ লগত সম্পৰ্ক ভাল কৰিবলৈও ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কলিতাই মন্তব্য কৰে । তেওঁ কয় যে সজাগতাৰ অভাৱৰ বাবে সেনা বাহিনীত অসমৰ কম যুৱক-যুৱতীয়ে যোগদান কৰে । আলফালৈ যুৱক-যুৱতী যোৱা প্ৰসংগত মন্তব্য কৰি কয়, ‘‘ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা বাবে একাংশ যুৱক-যুৱতীয়ে এতিয়াও আলফাত যোগদান কৰিছে । এইক্ষেত্ৰত সমাজৰ বহু দায়িত্ব আছে । অসমত বিগত ১০ বছৰৰ পৰা শান্তি ঘূৰি আহিছে, আন্তঃগাঁথনি উন্নত হৈছে ।’’

অসমত উন্নয়নমূলক কাম-কাজ হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে সেইকাৰণে এতিয়া আৰু কোনো উগ্ৰপন্থী সংগঠনলৈ যাব নালাগে । ভাৰতীয় নাগৰিকে জাতি-ধৰ্ম যিয়ে নহওক, প্ৰথমে ভাৰতীয় বুলি গণ্য কৰিবলৈ শিকিব লাগে বুলি মন্তব্য কৰে ৰাণা প্ৰতাপ কলিতাই ।

ৰাণা প্ৰতাপ কলিতা কিদৰে এই পৰ্যায় পালেহি সেই সন্দৰ্ভত কয় যে তামুলপুৰত জন্মগ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতাৰ সৰুৰে পৰা সপোন আছিল ভাৰতীয় সেনাৰ এগৰাকী সফল বিষয়া হোৱাৰ । সেই সপোন পূৰণ কৰিবলৈ যাওঁতে বহু কষ্ট কৰিবলগীয়া হৈছে । তেওঁ লাভ কৰা সকলো সফলতাৰ কৃতিত্ব পিতৃ-মাতৃক প্ৰদান কৰে । আনহাতে তেওঁৰ প্ৰিয় খাদ্য পঁইতা ভাত, ভাত দাইল, আলুপিটিকা আৰু ভোট জলকীয়া বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : ভাৰতীয় সংবাদ মাধ্যম মোদীৰ দ্বাৰা পৰিচালিত হয়; প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

Last Updated : Nov 21, 2023, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.