ETV Bharat / state

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ: কি কয় আইনবিদে

author img

By

Published : Sep 11, 2022, 1:25 PM IST

ভিক্টৰ দাসক আশ্চর্যজনকভাৱে ধন দাবী আৰু ধৰ্মীয় ঘৃণাৰ বিষবাষ্প বিয়পোৱাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে(Victor Das arrested by Guwahati police) । আৰক্ষীৰ এই কার্যক বেআইনী বুলি অভিযোগ কৰিছে আইনজ্ঞ মহলে । নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে । এইধৰণৰ ঘটনা অব্যাহত থাকিলে ৰাইজৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা কমি আহিব । অনিয়মৰ তথ্য পালে আৰক্ষীক জনোৱাটো নাগৰিকৰ কৰ্তব্য । আৰক্ষীক নজনোৱাটোহে অপৰাধ । ভিক্টৰ দাসে নিজৰ কৰ্তব্য পালন কৰিছিল(Victor Das alleged corruption in recruitment) । কিন্তু কর্তব্য পালন কৰি নিজেই আচামী হ’লগৈ ।

lawyer view of victor das arres
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আইনজ্ঞৰ দৃষ্টিভংগী

গুৱাহাটী,১১ ছেপ্টেম্বৰ: বিগত কেইবাদিন ধৰি ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰা এটা নাম হৈছে 'ভিক্টৰ দাস' । ৰাজ্য চৰকাৰে ২৬ হাজাৰ চাকৰিৰ বাবে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে পৰীক্ষা(Assam Govt Recruitment 2022) অনুষ্ঠিত কৰা বুলি দাবী কৰাৰ বিপৰীতে ভিক্টৰ দাসে ধনৰ লেনদেন হোৱাৰ অভিযোগেৰে কৰিছিল এটা টুইট(Victor Das alleged corruption in recruitment) । সেই টুইটক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাসক(Victor Das arrested by Guwahati police) । অসম চৰকাৰৰ চাকৰিৰ নামত ধনৰ ক’লা বজাৰ চলাৰ অভিযোগ উত্থাপন কৰা অভিযোগকাৰী ক’চিং চেণ্টাৰৰ শিক্ষক ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চাকৰিৰ নামত প্রাক্তন বিধায়কৰ নেতৃত্বত এটা চক্ৰই ধন সংগ্ৰহ কৰা বুলি অভিযোগ কৰা ভিক্টৰ দাসক আশ্চর্যজনকভাৱে ধন দাবী আৰু ধৰ্মীয় ঘৃণাৰ বিষবাষ্প বিয়পোৱাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ এই কার্যক বেআইনী বুলি অভিযোগ কৰিছে আইনজ্ঞ মহলে । এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই কয় যে ভিক্টৰ দাসে এটা অভিযোগ দিছিল । কিন্তু আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু নকৰাটো আশ্চর্যজনক ।

ভিক্টৰে টুইটত কৈছিল যে চাকৰিৰ প্ৰক্ৰিয়াত অনিয়ম চলি আছে আৰু কাৰো নাম ৰাজহুৱাকৈ উল্লেখ কৰা নাছিল । কেৱল অভিযোগহে আনিছিল । কিন্তু সেই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিব লাগিছিল আৰক্ষীয়ে । ভিক্টৰ দাসৰ টুইটক FIR হিচাপে পঞ্জীয়ন কৰিব লাগিছিল । তাকে নকৰি অভিযোগকাৰীজনকে অভিযুক্ত সজাই তেওঁৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰা হ’ল । অভিযোগকাৰীজনৰ বিৰুদ্ধে যিবোৰ ধাৰা লগাইছে, সেইবোৰ কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰি ।

IPC ১৫৩ (A) ধাৰা আৰোপ কৰিছে । অর্থাৎ ভিক্টৰৰ বিৰুদ্ধে ধৰ্মীয় ঘৃণাৰ বিষবাষ্প বিয়পোৱাৰ অভিযোগ অনা হ’ল । ধনদাবীৰ ধাৰা লগাইছে । কিন্তু ভিক্টৰে ক’ত ধনদাবী কৰিছে । অথচ সামাজিক মাধ্যমত ভিক্টৰ দাসে যিটো তথ্য উত্থাপন কৰিছিল, সেইটো এটা বিচাৰযোগ্য গোচৰ । কিন্তু তাকে আৰক্ষীয়ে FIR হিচাপে লৈ পঞ্জীয়ন নকৰিলে । উক্ত অভিযোগৰ তদন্ত নকৰাকৈ ওলোটাই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ভিক্টৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে । অর্থাৎ অভিযুক্তকাৰী নিজেই আচামীলৈ পৰিগণিত হ’ল ।

এইক্ষেত্ৰত আইনৰ বহু ধাৰা ভংগ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে । এইধৰণৰ ঘটনা অব্যাহত থাকিলে ৰাইজৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা কমি আহিব । অনিয়মৰ তথ্য পালে আৰক্ষীক জনোৱাটো নাগৰিকৰ কৰ্তব্য । আৰক্ষীক নজনোৱাটোহে অপৰাধ । ভিক্টৰ দাসে নিজৰ কৰ্তব্য পালন কৰিছিল । কিন্তু কর্তব্য পালন কৰি নিজেই আচামী হ’লগৈ । ভিক্টৰ দাসৰ কথাটো সত্য নে অসত্য তাৰ কোনো তদন্তই নহ'ল ।

গোচৰ ৰুজু নকৰাৰ ফলত ভিক্টৰ দাসে অনা অভিযোগৰ কোনো তদন্ত নহ’ব । এক কথাত তদন্ত বন্ধ হৈ পৰিল । এই কাৰ্যত মানুহে আৰক্ষীৰ ওচৰ চপাৰ পৰা বিৰত থাকিব । অভিযোগটোকে অভিসন্ধিৰে কলিতে মাৰি পেলোৱা হ'ল । APSC কাণ্ডত ডিব্ৰুগড়ত এগৰাকী মহিলাই ধন দাবী কৰা বুলি FIR দিছিল । সেই গোচৰটো তদন্ত হৈ বহুতো লোক গ্ৰেপ্তাৰ হৈ বিষয়টো আদালতৰ মজিয়া পালেহি । ধনৰ লেনদেন হোৱা বুলি কোনোবাই অভিযোগ দিলে, সেইটো বিচাৰযোগ্য গোচৰলৈ পৰিণত হয় ।

আৰক্ষীয়ে এই অভিযোগক বাধ্যতামূলকভাৱে গোচৰ হিচাপে পঞ্জীয়ন কৰি তদন্ত কৰিবই লাগিব । উচ্চতম ন্যায়ালয়েও এইক্ষেত্ৰত সকীয়াই দিছে । ভিক্টৰ দাসে কেতিয়া দুটা ধৰ্ম-সম্প্ৰদায়ৰ লোকৰ মাজত ঘৃণা বিয়পোৱা কাম কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । ভিক্টৰ দাসে কেৱল এটা অভিযোগহে কৰিছিল, তাকো চাকৰি প্ৰক্ৰিয়াত ধন সংগ্ৰহৰ । ভিক্টৰ দাসৰ বিৰুদ্ধে ধনদাবী, ধৰ্মীয় ঘৃণাৰ গোচৰ হাস্যকৰ বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে কয় যে ভিক্টৰ দাসে সাধাৰণ এটা টুইট কৰি অনিয়ম চলি থকাৰ অভিযোগ কৰিছিল । কিন্তু ভাৰতীয় আইন ব্যৱস্থাই এইটো অধিকাৰ দিয়া নাই যে অভিযোগকাৰীজনকে ওলোটাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব । ভিক্টৰ দাসে আন কোনোবা ব্যক্তিয়ে প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ আনিছিল । কিন্তু ওলোটাই ভিক্টৰ দাসকে ধনদাবীৰ ধাৰাত গ্ৰেপ্তাৰ কৰিছে ।

দুটা ফৈদ বা সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টিৰ ধাৰা আৰোপ কৰিছে । অপৰাধজনিত ষড়যন্ত্ৰত লিপ্ত হোৱাৰ ধাৰাও আৰোপ কৰিছে । কিন্তু ভিক্টৰ দাসে এটা টুইটত কেৱল অভিযোগহে কৰিছে । কোনো অপৰাধ কৰা নাই । তেওঁ কয় যে চৰকাৰে ইচ্ছাকৃতভাৱে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি বিতৰ্কৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে । লক্ষণীয় বিষয় যে এই সমগ্ৰ বিষয়টোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বৰ্তমান আৰক্ষীয়ে ভিক্টৰ দাসক সাতদিনৰ বাবে নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে(Victor Das remanded to 7day police custody) ।

লগতে পঢক: জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: আছে চিকিৎসালয় নাই চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.