জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: আছে চিকিৎসালয় নাই চিকিৎসক

author img

By

Published : Sep 11, 2022, 12:09 PM IST

জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ

চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ দাবী কৰি অহাৰ বিপৰীতে স্বাস্থ্যখণ্ডৰ আন এখন ছবিহে উদঙাই দিছে জনীয়াৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ ব্যৱস্থাই (Devastated form of Jania State dispensary) । চিকিৎসালয়খনত চিকিৎসক নথকাৰো অভিযোগ তুলিছে স্থানীয় লোকসকলে ৷

জনীয়া, 11 ছেপ্তেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদৰ্শ চিকিৎসালয় স্থাপনৰ জৰিয়তে চৰকাৰে চিকিৎসা সেৱাক উন্নীতকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ কথা দাবী সদায়ে কৰি আহিছে । কিন্তু চিকিৎসা সেৱাক উন্নীতকৰণৰ ধাক-ঢোল বজোৱা স্বাস্থ্যখণ্ডৰ আন এখন ছবিহে উদঙাই দিছে জনীয়াৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ ব্যৱস্থাই (Devastated form of Jania State dispensary) ।

আছে চিকিৎসালয় নাই চিকিৎসক

পিছে নামতহে ৰাজ্যিক চিকিৎসালয়, কামত নহয় ৷ চিকিৎসালয়খনত নামত চিকিৎসক আছে ঠিকেই, পাছে এজনো চিকিৎসক উপস্থিতহে নাথাকে চিকিৎসালয়খনত । যাৰ পৰিপেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চিকিৎসালয়খনলৈ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আহি উভতি যাব লগাৰ দৰে পৰিস্থিতিও হয় ।

আনকি প্ৰসূতি অথবা জৰুৰীকালিন চিকিৎসাৰ বাবে চিকিৎসালয়খনত নাথাকে কোনো চিকিৎসক (Allegation against doctors of Jania State dispensary) । ফলত চিকিৎসকৰ গাফিলতিৰ বাবে ঘৰুৱা পদ্ধতিৰেই নিজ ঘৰতে সন্তান প্ৰৱস কৰিলে অঞ্চলটোৰ এগৰাকী মহিলাই ।

উল্লেখ্য যে, চিকিৎসালয়ৰ ওচৰতেই চিকিৎসক, নাৰ্ছৰ বাসগৃহ থকা সত্বেও কোনো এজন চিকিৎসক নাৰ্চ স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত নথকাত চিকিৎসালয়খনৰ ফোপোলা স্বৰূপ উদঙাইছে । একমাত্ৰ চিকিৎসক আৰু নাৰ্ছ গৰাকীৰ গাফিলতিৰ বাবেই এনে নাভূত নাশ্ৰুত কাণ্ড সংঘটিত হৈছে বুলি পৰিয়ালৰ লগতে ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: কৰিমগঞ্জত জঘন্য ঘটনা : ধৰ্ষণ কৰি হত্যা যুৱতীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.