ETV Bharat / state

Landslide in Guwahati : গুৱাহাটীৰ চৌদিশে ভূমিস্খলনৰ আতংক, স্পৰ্শকাতৰ ৩৯২ টা অঞ্চল

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:49 PM IST

Landslide scare around Guwahati
ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতি

গুৱাহাটীৰ পাহাৰত বসবাস কৰা লাখ-লাখ লোকৰ বিপদ সংকুল পৰিস্থিতিৰ মাজত জীৱন যাপন। পাহাৰে-পাহাৰে ভূমিস্খলনৰ আতংক। প্ৰশাসনে স্পৰ্শকাতৰ এলেকা চিনাক্ত কৰি ৰাইজলৈ জাননী জাৰি কৰিয়েই সামৰিছে দায়িত্ব। বিগত কেইদিনৰ বৰষুণত গুৱাহাটীৰ বিভিন্ন স্থানত হৈছিল ভূমিস্খলন। চৰকাৰৰ গাফিলতিক কঠোৰ ভাষাৰে সমালোচনা ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰবীনজ্যোতি কলিতাৰ।

বিপদ সংকুল পৰিস্থিতিৰ মাজত গুৱাহাটীৰ পাহাৰত বসবাস কৰা লাখ লাখ লোক

গুৱাহাটী,১১ অক্টোবৰ : বিগত কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছিল গুৱাহাটী মহানগৰীৰ বহু অঞ্চল ৷ এক কথাত মহানগৰীৰ স্বাভাৱিক জীৱন যাত্রা ব্যাহত হৈ পৰিছিল ৷ বৰ্তমান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও বহু আৱাসিক এলেকা কৃত্রিম বানৰ কৱলত আছে ৷ ইফালে বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত ভূমিস্খলনৰ এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷ অৱশ্যে গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলে সদায়ে এক বিপদ সংকুল পৰিস্থিতিৰ মাজতে জীৱন নিৰ্বাহ কৰিবলগীয়া হয় ৷

লক্ষণীয় বিষয় যে বিগত কেইদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত পাহাৰসমূহৰ মাটি আৰু শিল খহি পৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছিল ৷ গুৱাহাটীৰ ভাস্কৰ নগৰকে ধৰি হেঙেৰাবাৰী আদি বিভিন্ন ঠাইত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ উল্লেখ্য যে প্ৰত্যেক বছৰেই বাৰিষা আৰম্ভ হোৱাৰ লগে লগে মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলন হৈ বিস্তৰ ক্ষতিসাধন হোৱাটো নতুন কথা নহয় ৷ এক কথাত ক'বলৈ গ'লে বাৰিষাৰ লগে লগে গুৱাহাটী মহানগৰীৰ একাংশ বাসিন্দাৰ নিন্দ্ৰা হৰণ হৈ পৰে ৷ লক্ষণীয় বিষয় যে সৰু-বৰ ১৮ খন পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰীৰ গৰিষ্ঠ সংখ্যক পাহাৰেই জনবসতিপূৰ্ণ ৷

বছৰৰ পাছত বছৰ ধৰি গুৱাহাটীৰ পাহাৰসমূহত চলা অবৈধ খনন কাৰ্য আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ ফলত পাহাৰসমূহৰ ব্যাপক অবক্ষয় হৈছে ৷ যাৰ ফলত এজাক বৰষুণ দিলেই পাহাৰসমূহে পানী বহন কৰিব নোৱাৰে আৰু ফলত বৰষুণৰ পানীৰ সৈতে তললৈ নামি আহে পাহাৰৰ বোকা আৰু শিলাময় মাটি ৷ গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বানৰো অন্যতম এটা কাৰণ পাহাৰৰ ব্যাপক অৱক্ষয় ৷ লক্ষণীয় বিষয় যে এজাক বৰষুণ দিলেই পাহাৰৰ মাটিৰে নলা-নৰ্দমা সমূহ নিমিষতে ভৰি পৰে ৷

উল্লেখ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ পাহাৰীয়া ৩৯২টা এলেকা ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে ৷ কিন্তু প্ৰশাসনে কেৱল মাথো চিহ্নিতহে কৰিছে ৷ এইক্ষেত্রত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ভূমিস্খলন হ’ব পৰা বিপদজ্জনক পাহাৰীয়া এলেকাসমূহ হৈছে - ফটাশিল, ভঙাগড়, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলিপাৰা, কালাপাহাৰ, খাৰঘুলি, কইনাধৰা, মালিগাঁও, নৱগ্রহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি আদি ৷ ইয়াৰ ভিতৰত চুনছালিৰ ৭৭টাকৈ স্থান, খাৰঘূলিৰ ৩৭ টা স্থান, শৰণীয়াৰ ৫টা স্থান, শান্তিপুৰৰ ২০টা স্থান বিপদজনক, নাৰেংগীৰ ৩১ টা স্থান, নুনমাটিৰ ৪০ টা স্থান, নৰকাসুৰৰ ১৪ টা স্থান, নৱগ্ৰহৰ ৬ টা স্থান, মালিগাঁৱৰ ৮ টা স্থান, কইনাধৰাৰ ৫ টা স্থান, খানাপাৰাৰ ৩৩ টা স্থান, কামাখ্যাৰ ৫ টা স্থান, কালাপাহাৰৰ ৭ টা স্থান, কাহিলীপাৰাৰ ২৫ টা স্থান, জালুকবাৰীৰ ২টা স্থান, হেঙেৰাবাৰীৰ ৩০ টা স্থান, গোটানগৰৰ ৬ টা স্থান, গড়ভঙাৰ ৯ টা স্থান, ফটাশিলৰ ৫ টা স্থান স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে ৷

চৰকাৰী তথ্য মতে বিগত বৰ্ষত গুৱাহাটীত ৮৭টা ভূমিস্খলন হৈছিল আৰু ভূমিস্খলনৰ বাবে ৪টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল ৷ আনহাতে চৰকাৰী তথ্য মতে গুৱাহাটীৰ অতি বিপদ সংকুল এলেকাসমূহত বসবাস কৰা লোকসকল দৰিদ্ৰ আৰু যাৰ বাবে তেওঁলোকে সেই ঠাই এৰি যাব নিবিচাৰে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে পাহাৰৰ স্পৰ্শকাতৰ অঞ্চলৰ বিষয়টো কোনটো বিভাগৰ অধীনত পৰে সেয়াও বিভাগীয়ভাৱে নিশ্চিত নহয় ৷ যাৰ বাবে এই বিষয়টো আজিৰ তাৰিখতো জটিল হৈ আছে ৷ এক কথাত ক'বলৈ গ'লে বিপদজনক পৰিস্থিতিত বসবাস কৰা এই লোকসকলৰ ভৱিষ্যত কি হ'ব তাক লৈ কোনো এটা চৰকাৰী বিভাগেই সচেষ্ট নহয় ৷ যাৰ বাবে বছৰৰ পাছত বছৰ ধৰি এই সমস্যাৰ কোনো সমাধান হোৱা নাই ৷

আনহাতে জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ এলেকা চিনাক্ত কৰিয়ে নিজৰ দায়িত্ব সামৰিছে ৷ এই অঞ্চলসমূহক সুৰক্ষিত কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলন প্ৰৱণ অঞ্চলত তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে শংকাৰে জীৱন যাপন কৰি আহিছে ৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগে ২০১২ চনতে গুৱাহাটীৰ ভূমিস্খলনৰ ভয়াবহ সমস্যা সমাধান কৰাৰ বাবে মহানগৰীৰ পাহাৰসমূহ সংৰক্ষণ কৰা, গছ-গছনি ৰোপণ কৰা, পাহাৰ খনন বন্ধ কৰাকে ধৰি কেতবোৰ পৰামৰ্শ চৰকাৰলৈ আগবঢ়াইছিল ৷ কিন্তু এই পৰামৰ্শসমূহ বছৰ বছৰ ধৰি ফাইলতে আবদ্ধ হৈ আছে ৷ যাৰ বাবে বৰ্ত্তমান সময়ত এই সমস্যা অধিক গভীৰ হৈ পৰিছে ৷

চৰকাৰী তথ্য মতে গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলৰ ২৬ শতাংশ এলেকাত কোনো গছ-গছনি নাই ৷ আনহাতে ৩৮ শতাংশ পাহাৰ এলেকাত নাই ঘাঁহনি ৷ তেনেস্থলত পাহাৰ সমূহৰ ব্যাপক অবক্ষয় হৈছে আৰু ফলত ভূমিস্খনৰ আশংকা বৃদ্ধি পাইছে ৷ উল্লেখ্য যে চলিত বাৰিষাৰ আৰম্ভণিতে বিগত জুন মাহত ধীৰেনপাৰাত সংঘটিত হোৱা ভূমিস্খলনত এজনৰ থিতাতে মৃত্যু হৈছিল ৷ এনে ঘটনাই বৰষুণ আহিলেই পাহাৰীয়া অঞ্চলৰ আৰু ইয়াৰ নামনিৰ বাসিন্দাক অধিক আতংকিত কৰি তোলে ৷ চৰকাৰী তথ্য অনুসৰি বিগত বৰ্ষটোত মহানগৰীৰ পাহাৰ সমূহত সংঘটিত শতাধিক ভূমিস্খলনৰ ঘটনাত কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছিল ৷

বিগত বৰ্ষৰ ১৪ জুনত মহানগৰীত একেদিনাই সর্বাধিক ২৩টা, ১৫ জুনত ১৯টা, ১৬ জুনত ১১টা, ১৭ জুনত ৯টা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ দুর্যোগ প্রশমন বিভাগৰ তথ্য অনুসৰি বিগত বৰ্ষৰ ১৭ মে'ৰ পৰা ২৯ জুনলৈ মুঠ ১২টা দিনত মহানগৰীত ৮০টা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ ইফালে গৃহ বিভাগৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত ১৯৯৩ চনৰপৰা ২০১৮লৈ সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত ১৬৫ জন লোকে প্রাণ হেৰুৱাইছে ৷ তাৰ পাছতো কিন্তু চৰকাৰখনে এইক্ষেত্রত কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই ৷

গুৱাহাটীৰ এই জটিল সমস্যা সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাতকাৰত ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ সভাপতি প্ৰবীনজ্যোতি কলিতাই আজিৰ এই পৰিস্থিতিৰ বাবে চৰকাৰক দোষাৰোপ কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ কয় যে বাৰিষা আহিলে চৰকাৰ তথা প্ৰশাসনৰ পাহাৰত বসবাস কৰা লোকসকলৰ কথা মনত পৰে ৷ পাছত পাহৰি যায় ৷ চৰকাৰে পাহাৰত বসবাস কৰা লোকসকলক কেৱল ভেঙূচালি কৰি আহিছে ৷ চৰকাৰৰ অবহেলাৰ বাবেই পাহাৰত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ নিয়মমাফিক প্ৰশাসনে পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰে যদিও কাৰ্যতঃ এয়া ৰোধ হোৱা নাই ৷ বৰং চৰকাৰেই পাহাৰৰ মাটি কাটি আছে বুলি অভিযোগ কৰি তেওঁ কয় যে গুৱাহাটীৰ পাহাৰত ৮৫ হাজাৰৰো অধিক পৰিয়ালে বাস কৰে ৷ নিৰ্বাচনৰ সময়ত এই লোকসকলৰ কথা মনত পৰে আৰু নিৰ্বাচনৰ পাছত পাহৰি যায় ৷

লগতে পঢ়ক : Anganwadi worker protest: মাননি বৃদ্ধিৰ দাবীত নৱম দিনাও আন্দোলন অব্যাহত ৰাখিব অংগনৱাড়ী কৰ্মী-সহায়িকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.