ETV Bharat / state

New academic year of colleges: ৰাজ্যৰ মহাবিদ্যালয়ৰসমূহত ১৫০০ ৰো অধিক অধ্যাপক আৰু কৰ্মচাৰীৰ পদ খালী

author img

By

Published : Apr 22, 2023, 9:26 PM IST

Lack of teachers and staff in new academic year
ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নতুন শিক্ষাবর্ষত কি নতুন সমস্যা ?

আৰু মাত্ৰ তিনিটা মাহৰ পাচতেই আৰম্ভ হ'ব ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নতুন শিক্ষাবর্ষ । মহাবিদ্যালয়সমূহৰ নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগেই এক নতুন সমস্যাই দেখা দিয়াৰ সম্ভাৱনা ঘণীভূত । শিক্ষক আৰু কৰ্মচাৰীৰ অভাৱে সৃষ্টি কৰিব পাৰে নতুন সমস্যাৰ (Lack of teachers and staff in new academic year) ।

গুৱাহাটী, ২২ এপ্ৰিল: চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নতুন শিক্ষাবর্ষ (New academic year of colleges) । এই নতুন শিক্ষাবর্ষ আৰম্ভ হ'বলৈ আৰু মাত্ৰ তিনিমাহ বাকী । এইবাৰ নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে অসমৰ কলেজসমূহত সৃষ্টি হ'ব এক নতুন সমস্যাৰ । শিক্ষক আৰু কৰ্মচাৰীৰ অভাৱৰ‌ বাবে এইবাৰ নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে অসমৰ কলেজসমূহত পাঠদানত সৃষ্টি হ'ব ব্যাপক সমস্যাৰ (Lack of teachers and staff in new academic year) ।

ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহত অধ্যক্ষ অধ্যাপক আৰু কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত মহাবিদ্যালয় পৰিচালনা সমিতিৰপৰা প্রার্থী বাছনিৰ কৰ্তৃত্ব নোহোৱা কৰিছে । যাৰ বাবে এতিয়া এইবাৰ নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যখনৰ মহাবিদ্যালয়সমূহত অধ্যাপক-কর্মচাৰীৰ প্ৰায় ১৫০০ পদ খালী হৈ ৰোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

মনকৰিবলগীয়া যে, অসম বিধানসভাৰ সদ্য অনুষ্ঠিত বাজেট অধিৱেশনত (Budget Session of Assam Legislative Assembly) অসমৰ কলেজ (প্রাদেশিকীকৰণ) (সংশোধনী) বিধেয়ক ২০২৩ অনুসৰি মহাবিদ্যালয়ৰ অধ্যাপক আৰু কৰ্মচাৰীৰ খালী পদত নিযুক্তিৰ বাবে প্রার্থী বাচনী কৰিবলৈ অসম কলেজ সেৱা নিযুক্তি ব’র্ড গঠন কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল (College Services Recruitment Board) । পিছে সংশোধনী বিধেয়কখন বিধানসভাই গ্ৰহণ কৰিছে যদিও ৰাজ্যপালে এতিয়াও ইয়াত স্বাক্ষৰ কৰা নাই ।

তাৰ পাচত বিভাগে অধিসূচনা জাৰি কৰাৰ পাচতহে সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হ'ব । পৰৱৰ্তী সময়ত নিযুক্তি ব'ৰ্ডখন গঠনৰ বাবে বিধি প্রস্তুত কৰাৰো প্রয়োজন হ'ব পাৰে । শিক্ষা বিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই প্ৰক্ৰিয়াটোত কমেও ৩-৪ মাহ সময়ৰ প্রয়োজন হ’ব ।

পৰৱৰ্তী সময়ত নিযুক্তি ব'ৰ্ডখন গঠনৰ বাবে পুনৰ অধিসূচনা জাৰি কৰিব লাগিব । এনে ক্ষেত্ৰত আৰু অধিক সময়ৰ প্ৰয়োজন ৰাজ্যখনৰ হ'ব পাৰে । প্ৰস্তাৱ অনুসৰি নিযুক্তি ব’ৰ্ডে প্ৰাৰ্থী বাছনিৰ বাবে লিখিত পৰীক্ষাৰ উপৰি সাক্ষাৎকাৰো অনুষ্ঠিত কৰিব । সেয়ে হ'লে প্রার্থী বাছনি প্রক্রিয়াটোতেই কমেও ৪-৫ মাহ সময়ৰ প্ৰয়োজন হ’ব ।

সূত্ৰটোৰ মতে, সকলো ঠিকে-ঠাকে আগবাঢ়িলে এই বছৰৰ শেষৰ পিনেহে প্রার্থী বাছনি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । তথ্য অনুসৰি, প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহত সহকাৰী অধ্যাপকৰ ৬৪০ টা আৰু কৰ্মচাৰীৰ ৮৩০ টা পদ খালী হৈ আছে । লক্ষ্যনীয় যে, চৰকাৰে বিধানসভাত বিধেয়কখন উত্থাপন কৰাৰ পাচতে যোৱা ২১ মাৰ্চৰ পৰা তৎকালে বলৱৎ হোৱাকৈ মহাবিদ্যালয়ৰ খালী পদসমূহ পূৰ্ণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু কোৱা হৈছে যে সকলো খালী পদেই নিযুক্তি ব'ৰ্ডৰ অনুমোদন অনুসৰিহে পূৰ্ণ কৰা হ’ব ।

লগতে পঢ়ক: Firing in Assam Arunachal border: সীমা চুক্তিৰ স্বাক্ষৰৰ পাচতে লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.