ETV Bharat / state

থাইৰয়ড কি ? ইয়াৰ লক্ষণসমূহ কি কি?

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 5:06 PM IST

Updated : Dec 3, 2023, 1:31 PM IST

Thyroid Symptoms: থাইৰয়ড কি ? ইয়াৰ লক্ষণসমূহ কি কি? থাইৰয়ড হ’লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ? এই সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসক জয়ন্ত প্ৰসাদ শৰ্মাই ।

Know about Thyroid Symptoms, Causes, Treatment And  Medication
থাইৰয়ড হ’লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে

থাইৰয়ড হ’লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে

গুৱাহাটী, ১ ডিচেম্বৰ: থাইৰয়ড হৈছে এটি সৰু গ্ৰন্থি । ডিঙিত থকা এই গ্ৰন্থিটোৱে নিঃসৰণ কৰা হৰম’নে আমাৰ শৰীৰৰ বিভিন্ন গুৰুত্বপূর্ণ অংগসমূহৰ কাৰ্য নিয়ন্ত্ৰণ কৰে । সেইবাবে এই হৰম’ন নিয়ন্ত্ৰণত থকাটো গুৰুত্বপূর্ণ । শ্বাস- প্ৰশ্বাসৰ পৰা আৰম্ভ কৰি হৃদস্পন্দন, শৰীৰৰ ওজন, হজম হোৱালৈকে ই সহায় কৰে । থাইৰয়ড দুই ধৰণৰ- হাইপাৰ থাইৰয়ড আৰু হাইপ’ থাইৰয়ড ।

থাইৰয়ডৰ লক্ষণসমূহ কি কি ?

১) নাড়ীৰ গতি স্বাভাৱিকতকৈ বৃদ্ধি হ’ব পাৰে ।

২) হৃদস্পন্দন বৃদ্ধি পায় ।

৩) খুৱ বেছি গৰম লাগিব পাৰে । মাজে মাজে প্ৰচুৰ পৰিমাণে ঘাম ওলাব ৷

৪) এনে সমস্যায়ত ভোগা ৰোগীয়ে সঘনাই ক্লান্তিবোধ কৰে । অর্থাৎ সোনকালে ভাগৰ লাগে ।

৫) খুৱ বেছি ভোক লাগিব পাৰে ।

৬) বিশেষ কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন হ্ৰাস পোৱাটো আন এক লক্ষণ হিচাপে গণ্য কৰা হয় ।

৭) ছালখন শুষ্ক হোৱাৰ লগতে খজুৱতি আৰম্ভ হয় ।

৮) থাইৰয়ডৰ আন এক লক্ষণ হৈছে কোনো কাৰণ নোহোৱাকৈ কেইবাদিন ধৰি ঠাণ্ডা অনুভৱ হোৱা ।

৯) হঠাতে শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে । ভৰি ফুলি যাব পাৰে ।

১০) এই ৰোগৰ আন এক লক্ষণ হৈছে পেশীৰ দুৰ্বলতা ।

থাইৰয়ড হ’লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ?

নিয়মীয়াকৈ আয়োডিনযুক্ত আহাৰ খাব লাগে । বিশেষকৈ হাইপ’থাইৰয়ড অৰ্থাৎ কম পৰিমাণে আইৰয়ড হৰম’ন নিঃসৰণ হ’লে এনে আহাৰ খাবই লাগিব । খাদ্যত সদায় আয়োডিনযুক্ত নিমখহে ব্যৱহাৰ কৰিব লাগে । বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত আয়োডিনযুক্ত নিমখ ব্যৱহাৰৰ কৰাটো অতি গুৰুত্বপূৰ্ণ । ইয়াৰোপৰি শাক-পাচলি, ফল-মূল, আদি খাব লাগে ।

থাইৰয়ড হ’লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে ?

১) বন্ধাকবি, ওলকবি, বেঙেনা, কচু আদি খাব নালাগে ।

২) চৰ্বিযুক্ত খাদ্য বিশেষকৈ বাটাৰ বা মাখন, মাংস, চকলেট, কেক আদি খাব নালাগে ।

লগতে পঢ়ক: মূৰৰ বিষ কিয় হয়? চিকিৎসাবিজ্ঞানৰ মতে কিমান ধৰণৰ মূৰৰ বিষ আছে?

Last Updated : Dec 3, 2023, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.