ETV Bharat / state

DHS Assam Result 2023 : অভাৰলেপিঙৰ নাটক বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান কৃষক মুক্তিৰ

author img

By

Published : May 2, 2023, 8:17 AM IST

সদ্য ঘোষিত স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ স্বাস্থ্য বিভাগৰ নিযুক্তিয়ে চৰকাৰৰ সংখ্যা বৃদ্ধিৰ কাৰচাজি পোহৰলৈ অনা বুলি মন্তব্য কৰে সমিতিয়ে (KMSS Leader Reacts on DHS Assam Result 2023) ৷

DHS Assam Result 2023
স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল সন্দৰ্ভত গুৰুতৰ অভিযোগ

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী, 2 মে’ : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰিছিল চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা ৷ সদ্য ঘোষিত এই ফলাফলত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ তুলিছে ৷ এজন প্ৰাৰ্থীয়ে প্ৰায় চল্লিশটাকৈ বিভাগত উত্তীৰ্ণ হোৱাক লৈ বিভাগটোক সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ চাকৰিত নিযুক্তিৰ সংখ্যা বৃদ্ধিৰ বাবে চৰকাৰে 'সংখ্যাৰ খেল’ৰ আশ্ৰয় লোৱাৰো সৰৱ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে ৷ বিষয়টো সন্দৰ্ভত চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS Leader Reacts on DHS Assam Result 2023) ৷

চাকৰিত নিযুক্তিৰ সংখ্যা বৃদ্ধিৰ নামত নিবনুৱাক প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে কৃষক মুক্তিয়ে ৷ 22 জানুৱাৰীৰ দিনা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য চিকিৎসা আৰু শিক্ষা সঞ্চালকালয়ৰ লগতে আয়ুষ মন্ত্ৰণালয়ে যৌথভাৱে স্বাস্থ্য বিভাগৰ 45 টা ভিন্ন বিভাগত 1192 টা পদৰ বাবে পৰীক্ষা সম্পন্ন কৰিছিল । ঘোষিত এই ফলাফলত কেতবোৰ বিসংগতি ধৰা পৰিছে বুলি উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই বিসংগতি নাইকিয়া কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে (DHS Assam Result 2023) ৷

সংগ্ৰাম সমিতিৰ নেতা শইকীয়াই কয় যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰথম বছৰত 1 লাখ, পিচৰ 4 বছৰত 1 লাখ নিযুক্তিৰে মুঠ 5 বছৰত 2 লাখ নিৱনুৱাক নিযুক্তিৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল ৷ 5 বছৰত দুই লাখ নিযুক্তিৰ সংখ্যা দেখুৱাবলৈকে একোজন প্ৰাৰ্থীক 30 ৰপৰা 31 টালৈকে বিভিন্ন পদত উত্তীৰ্ণ দেখুৱাইছে বুলি সংগ্ৰাম সমিতিয়ে অভিযোগ আনে (Assam CM Himanta Biswa Sarma) ৷

এই সন্দৰ্ভত তেওঁ পুনৰ কয় যে এজনে এটা পদতহে উৰ্ত্তীণ হ’ব ৷ বাকী 30/31 টা পদ খালী থাকিব । সেই অনুসৰি মাত্ৰ শতাধিকেহে লাভ কৰিব নিযুক্তি ৷ কিন্তু ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1192 টা পদতেই নিযুক্তি দিয়া বুলি সংখ্যাৰে দেখুৱাব বিচাৰিছে । যাৰ ফলত বৃহৎ সংখ্যক পদ খালী থাকি যাব । এই খালী পদসমূহত পুনৰ নিযুক্তি দি চৰকাৰে কেৱল সংখ্যা বঢ়াব বুলি কয় সংগ্ৰাম সমিতিয়ে ৷ সেয়ে শীঘ্ৰে ৱেইটিং লিষ্ট প্ৰকাশৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Overlapping in DHS Assam Result 2023) ৷

সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই সংখ্যা বৃদ্ধিৰ দ্বাৰা নিৱনুৱাসকলক চৰকাৰে প্ৰতাৰণা কৰাটো বন্ধ কৰাৰ দাবী জনায় লগতে সংগঠনটোৰ সাধাৰণ সম্পাদকজনে এয়া কেৱল স্বাস্থ্য বিভাগৰ অভাৰ লেপিঙৰ তথ্যহে, আন বিভাগবোৰৰ নিযুক্তিৰ ক্ষেত্ৰতো একেই প্ৰতাৰণাৰ আশ্ৰয় লোৱা বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে সংগঠনটোৱে (KMSS Leader slams BJP govt) ৷

লগতে পঢ়ক : Protest in Nagaon: শ্ৰমিক দিৱসৰ দিনাই পেটত গামোচা বান্ধি প্ৰতিবাদত বহিল আৰ্টফেড জাগৰণৰ বেটন বঞ্চিত কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.