ETV Bharat / state

নতুন ৰূপত কামাখ্যা ৰে’ল ষ্টেচন

author img

By

Published : Apr 23, 2019, 1:38 AM IST

যাত্ৰীসকলৰ বাবে এ চি, বিনামূলীয়া ৱাইফাই, টিভি, বিশুদ্ধ খোৱাপানীকে ধৰি উপলব্ধ হ'ব বিভিন্ন সা-সুবিধা। তাৰোপৰি পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে প্লেটফৰ্মৰ যাত্ৰীৰ আসনৰ সংখ্যা।

নতুন ৰূপত কামাখ্যা ৰে’ল ষ্টেচন

গুৱাহাটী,23 এপ্ৰিল : কামাখ্যা ৰে’ল ষ্টেচনত যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিশেষ পদক্ষেপ । দেশৰ ভিতৰতে এটা সুন্দৰ আৰু যাত্ৰীৰ সকলো সা-সুবিধা উপলব্ধ ৰে’ল ষ্টেচনৰূপে পৰিগণিত হ'ব কামাখ্যা ৰে’ল ষ্টেচন।

etv bharat assam
নতুন ৰূপত কামাখ্যা ৰে’ল ষ্টেচন

উল্লেখ্য যে,ষ্টেচনটোত 10 টাকৈ নতুন ৰিটায়াৰিং ৰুম নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক ৰুমকেইটাত যাত্ৰীসকলৰ বাবে এ চি, বিনামূলীয়া ৱাইফাই, টিভি, বিশুদ্ধ খোৱাপানীকে ধৰি উপলব্ধ হ'ব বিভিন্ন সা-সুবিধা। তাৰোপৰি পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে প্লেটফৰ্মৰ যাত্ৰীৰ আসনৰ সংখ্যা। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ সহযোগত ৰে’ল বিভাগে অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰি উলিয়াইছে এই ৰুমকেইটা।

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.