ETV Bharat / state

ভক্তৰ বাবে মুকলি কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ

author img

By

Published : Jun 26, 2022, 9:43 AM IST

Updated : Jun 26, 2022, 2:20 PM IST

সামৰণি পৰিল অম্বুবাচীৰ মহাপয়োভৰ ৷ দেৱী স্নান নিত্য পূজা সমাপন হোৱাৰ পিছতে মন্দিৰৰ মুখ্য দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয় ৷ সন্ধিয়া 6 বজালৈ ভক্তৰ বাবে খোলা থাকিব মুখ্য দুৱাৰ (Kamakhya main door open) ৷

main-door-open-for-darshan-from-today
ভক্তৰ বাবে মুকলি হ'ল কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ

গুৱাহাটী, 26 জুন: সামৰণি পৰিল অম্বুবাচীৰ মহাপয়োভৰ (Ambubachi mela 2022 ) ৷ দেওবাৰে পুৱা 8.41 বজাত কামাখ্যা মন্দিৰত নিবৃত্তি হয় ৷ দেৱী স্নান নিত্য পূজা সমাপন হোৱাৰ পিছতে মন্দিৰৰ মুখ্য দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয় (Kamakhya main door open)৷ সন্ধিয়া 6 বজালৈ ভক্তৰ বাবে খেলা থাকিব মুখ্য দুৱাৰ ৷

এইবাৰ বান আৰু ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি অম্বুবাচী অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল ৷ এইবাৰ অম্বুবাচীত প্ৰায় 10 লাখ ভক্তৰ আগমন হয় ৷ দেওবাৰে পুৱাই ৰাজ্যপাল জগদীশ মুখীয়ে পত্নীসহ কামাখ্যা মন্দিৰ দৰ্শন কৰে ৷

যোৱা 23, 24 আৰু 25 জুন তিনিদিন ধৰি দেৱালয়ত অম্বুবাচী মেলাৰ বাবে উখল মাখল পৰিৱেশ বিৰাজ কৰিছিল ৷ অম্বুবাচী মেলাক কেন্দ্ৰ কৰি দেশ বিদেশৰ বহু ভক্ত অহাৰ লগতে সাধু সন্ন্যাসীৰে ভৰি পৰিছিল কামাখ্যা মন্দিৰ ৷ বিভিন্ন বেশ-ভূষাৰে সজ্জিত হৈ কামাখ্যালৈ আহিছে সাধু- সন্ন্যাসী ।

ভক্তৰ বাবে মুকলি কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ

কামাখ্যাৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলতো শ শ ভক্তই বাহৰ পাতিছিল । জিলা প্ৰশাসনে ভক্ত-দর্শনাৰ্থীৰ বাবে কামাখ্যা ষ্টেচন, পাণ্ডু পৰ্ট আৰু পুৰণি কাৰাগাৰত তিনিটাকৈ শিবিৰৰ ব্যৱস্থা কৰিছিল । জিলা প্ৰশাসনে ভক্তৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৫০০ আৰু দেৱালয় কর্তৃপক্ষই ৩০০ চিচিটিভি কেমেৰা স্থাপনৰ ব্যৱস্থা কৰিছিল ৷

লগতে পঢ়ক : বুধবাৰৰ পৰা অম্বুবাচী মেলা: উখল-মাখল শক্তিপীঠ কামাখ্যা

Last Updated :Jun 26, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.