ETV Bharat / state

Junior National Athletics: ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছত প্ৰথম দিনাই দুটাকৈ নতুন ৰাষ্ট্ৰীয় অভিলেখ

author img

By

Published : Nov 11, 2022, 10:29 PM IST

অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই খেলপথাৰত আজিৰে পৰা আৰম্ভ জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা(Junior National Athletics Championships in guwahati) । উদ্বোধন কৰিলে শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাই । ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলীটে অংশ গ্ৰহণ । ডিচকাছ থ্ৰ' আৰু লং জাম্পত নতুন ৰাষ্ট্ৰীয় অভিলেখ ।

Junior National Athletics Championships in guwahati
ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছত প্ৰথম দিনাই দুটাকৈ নতুন ৰাষ্ট্ৰীয় অভিলেখ

গুৱাহাটী,১১ নৱেম্বৰ: আমাৰ দেশৰ এথলীটসকলৰ এতিয়া লক্ষ্য হ'ব লাগে ২০২৪ ৰ অলিম্পিক । এই মন্তব্য শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ । অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই খেলপথাৰত আজিৰে পৰা আৰম্ভ হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা শুভ উদ্বোধন কৰি এইদৰে মন্তব্য আগবঢ়াই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই (Junior National Athletics Championships in guwahati) ।

আজিৰে পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলীটে অংশ গ্ৰহণ কৰিছে । প্ৰতিযোগিতাৰ প্ৰথম দিনটোতেই দুগৰাকী খেলুৱৈয়ে গঢ়া নতুন ৰাষ্ট্ৰীয় অভিলেখে সকলোকে উৎসাহিত কৰে (Nandita Garlosa inaugurates National Athletics Championships) । শুকুৰবাৰে অনুষ্ঠিত ল'ৰাৰ ১৬বছৰ অনুৰ্ধ্ব শাখাত ডিচকাছ থ্ৰ'ত ৫৭.০১ মিটাৰ দলিয়াই পূৰ্বৰ অভিলেখ ভংগৰে নতুন অভিলেখ গঢ়ে পাঞ্জাৱৰ দেবাঞ্চ জাগ্গাই (New national record in discus throw and long jump) ।

পূৰ্বে ২০২১ চনত গুৱাহাটীতে ৰামনাৰায়ন মৌৰয়াই ৫৩.১৭ মিটাৰ দলিয়াই অভিলেখ স্থাপন কৰিছিল । ডিচকাছৰ লগতে লং জাম্পৰ ছোৱালীৰ অনুৰ্দ্ধ-২০ৰ শাখাত ৬.৩৮ মিটাৰ জাম্পেৰে নতুন মীট ৰেকৰ্ড স্থাপন কৰিলে উত্তৰ প্ৰদেশৰ ছেইলী সিঙে ।

শুকুৰবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামী, অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী, অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈবুন নেছা, গুৱাহাটী ছাইৰ উপ-সঞ্চালক প্ৰাণজিৎ ভাগৱতী, ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ টেকনিকেল ছেয়াৰমেন ষ্টেনলি জনছৰ লগতে বহু গন্য-মান্য ব্যক্তি । উদ্বোধনী অনুষ্ঠানৰ পিছতেই প্ৰথম দিনটোৰ পদক বিজয়ী খেলুৱৈ সকলক আমন্ত্ৰিত অতিথি সকলে পদকসমূহ প্ৰদান কৰে ।

লগতে পঢ়ক: Assam Bandha : ১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ছয় জনগোষ্ঠী যৌথ মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.