ETV Bharat / state

Judicial city to be built in Guwahati: গুৱাহাটীত নিৰ্মাণ হ'ব জুডিচিয়েল চিটি; মুখ্যমন্ত্ৰী

author img

By

Published : Apr 14, 2023, 10:54 PM IST

judicial city to be built in guwahati says cm
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ যায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এইবছৰৰ পৰা এক সংহত ন্যায়িক পৰিসৰ বা জুডিচিয়েল চিটি নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কথা জানিবলৈ দিয়ে (Judicial city to be built in Guwahati) ৷

গুৱাহাটী, 14 এপ্ৰিল : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে (Guwahati news) । এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত ন্যায় পালিকাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্তব্য কৰে । তেওঁ কয় যে, ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰি এতিয়া অমৃতকালৰ যাত্ৰা আৰম্ভ কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অমৃতকালত ভাৰতবৰ্ষই বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হোৱাৰ লগতে আত্মনিৰ্ভৰশীল ৰূপত উদ্ভাষিত হোৱাৰ উপৰি দেশৰ পৰম্পৰা আৰু ঐতিহ্য বিশ্বৰ চাৰিওফালে বিয়পাই দিয়াৰ সপোন ৰচিছে (Diamond jubilee of Gauhati High court) ।

মুখ্যমন্ত্ৰীয়ে কয় যে, অনাগত ২৫ বছৰত অমৃতকালৰ এই যাত্ৰাত ন্যায়পালিকা, কাৰ্যপালিকা আৰু বিধানপালিকা সকলোৱে একেই উদ্দেশ্যেৰে একে দিশেৰে গতি কৰিব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে ‘ইজ অৱ দুয়িং’ ৰ লগতে ‘ইজ অৱ জাষ্টিছ’ কো গুৰুত্বপূৰ্ণ বিষয় বুলি অভিহিত কৰিছে । অনাগত সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ন্যায় প্ৰদান ব্যৱস্থাটোক দৰিদ্ৰ আৰু আতৰ্জনক সামৰি অন্ত্যোদয়ৰ লক্ষ্যৰে আগুৱাই লৈ যাব লাগিব বুলিও তেওঁ কয় ।

ড৹ শৰ্মাই লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে আগন্তুক সময়ছোৱাত ভাৰতীয় ন্যায় পালিকাৰ অগ্ৰগামী যাত্ৰাত এক মহত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ মহানগৰ তথা কামৰূপ জিলাৰ সকলো ন্যায়পালিকাৰ আন্তঃগাঁথনিক ৰাজ্য চৰকাৰে একত্ৰিত কৰি গুৱাহাটীত এইবছৰৰ পৰা এক সংহত ন্যায়িক পৰিসৰ বা জুডিচিয়েল চিটি নিৰ্মাণৰ কাম আৰম্ভ কৰিব, য’ত বিভিন্ন ধৰণৰ সুবিধা সন্নিৱিষ্ট হৈ থাকিব (Judicial city to be built in Guwahati) ।

এই পৰিসৰত চেচন ক’ৰ্ট, চি জে এম ক'ৰ্টৰ পৰা হাইক’ৰ্টলৈকে সকলো একেটা স্থানতে থাকিব । অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৃষীকেশ ৰয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, অধিবক্তা, ন্যায়িক বিষয়াসকল আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Postering against BJP : প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত খলকনি তুলিছে এখন বেনামী পোষ্টাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.