ETV Bharat / state

Congress Meeting With CPI (M): কংগ্ৰেছ নেতৃত্বত 12 টা বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক কুচ-কাৱাজ

author img

By

Published : Jun 16, 2023, 5:39 PM IST

প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে পৃথকে পৃথকে আলোচনাত মিলিত হৈছে প্ৰদেশ কংগ্ৰেছ ৷ আঞ্চলিক গণ মৰ্চা, অসম জাতীয় পৰিষদ, ৰ‍াইজৰ দলৰ লগত আলোচনা কৰাৰ পাছত শুকুৰবাৰে চি পি আই (এম)ৰ নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ বৈঠক ৷ লক্ষ্য বিজেপিক প্ৰতিহত কৰা ৷

Joint Meeting of APCC and CPIM
লক্ষ্য বিজেপিক প্ৰতিহত কৰা

চি পি আই (এম)ৰ নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ বৈঠক

গুৱাহাটী, 16 জুন: একমাত্ৰ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে 12 টাকৈ বিৰোধী ৰাজনৈতিক দল ৷ অৱশ্যে এতিয়াও 12 টা বিৰোধী ৰাজনৈতিক দলৰ মাজত এই সন্দৰ্ভত অব্যাহত আছে আলোচনা প্ৰক্ৰিয়া ৷ কাৰণ এতিয়াও কোনো ধৰণৰ নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই বিৰোধী শক্তি ৷

ইতিমধ্যে বিৰোধী ৰাজনৈতিক দল সমূহৰ কেইবালানি বৈঠক অনুষ্ঠিত হৈ গৈছে ৷ ইফালে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে নেতৃত্ব লোৱা কংগ্ৰেছ দলে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে পৃথকে পৃথকে আলোচনাত মিলিত হৈছে ৷ ইতিমধ্যে আঞ্চলিক গণ মৰ্চা, অসম জাতীয় পৰিষদ, ৰ‍াইজৰ দলৰ লগত আলোচনা কৰাৰ পাছত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে চি পি আই (এম) দলৰ লগত আলোচনাত মিলিত হয় ৷

বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকী নেতাই চি পি আই এমৰ প্ৰতিনিধিৰে আলোচনা কৰে ৷ আলোচনাৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বিৰোধী ঐক্যত থাকিলেও নিজৰ নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে কাম কৰি যোৱাৰ ক্ষেত্ৰত প্ৰতিটো দলৰে সন্মতি আছে ৷ মাথো কোনেও যাতে বিৰোধী ঐক্য বিঘ্নিত হোৱাৰ কাম নকৰে ৷

চি পি আই এমৰ লগত হোৱা আলোচনাৰ প্ৰসংগত তেওঁ কয় যে চি পি আই এমৰ লগত কংগ্ৰেছৰ ডেৰ দশক ধৰি থকা ভাল সম্পৰ্ক সদায় বৰ্তি থাকিব ৷ ইফালে চি পি আই এমৰ নেতা সুপ্ৰকাশ তালুকদাৰে কয় যে বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্য আগত ৰাখি কংগ্ৰেছৰে আজিৰ আলোচনা হৈছে ৷ 12 টা ৰাজনৈতিক দলৰ ভূমিকা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হৈছে ৷ আসন ভাগ বটোৱাৰাকলৈ এতিয়াও আলোচনা হোৱা নাই বুলি সদৰি কৰি তেওঁ কয় যে আগন্তুক সময়ত এই বিষয়ে আলোচনা হ'ব ৷

লগতে পঢ়ক: Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.