ETV Bharat / state

Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা

author img

By

Published : Jun 16, 2023, 3:38 PM IST

ৰাজ্যত অৰেঞ্জ এলাৰ্টৰ সীমা বৃদ্ধি কৰিছে বতৰ বিজ্ঞান বিভাগে ৷ 19 জুনলৈকে অসমত জাৰী কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৷ নেৰানেপেৰা বৰষুণৰ ফলত বান সমস্যা জটিল হোৱাৰ আশংকা ৷

Assam flood report 2023
Orange alert in Assam

গুৱাহাটী, 16 জুন: যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ হ’বলৈ আৰম্ভ কৰিছে। সমগ্ৰ ৰাজ্যতে বৃষ্টিপাত অব্যাহত থাকিব বুলি উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে অহা ১৯ জুনলৈকে অৰেঞ্জ এলার্ট জাৰী কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি অধিক জটিল হ’ব পাৰে বুলি শংকা কৰা হৈছে । নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ ।

Assam flood report 2023
19 জুনলৈকে অসমত অৰেঞ্জ এলাৰ্ট

বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বহু অঞ্চল, ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, বিস্তীৰ্ণ খেতিপথাৰ বুৰাই পেলাইছে । বছৰৰ প্ৰথমটো বানত এতিয়ালৈকে তিনিখন জিলাৰ প্ৰায় ৩০ হেজাৰ লোক প্ৰভাৱিত হৈছে । কেইবাখনো নৈ-উপনৈৰ জলস্তৰে সতর্কতামূলক সীমা অতিক্রম কৰিছে যদিও এতিয়াও বিপদসীমাৰ তলেৰে বৈ আছে । বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্টৰ সীমা অহা ১৯ জুনলৈ বৃদ্ধি ঘোষণা কৰিছে । এই সময়ছোৱাত ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অঞ্চলত প্রবল বৃষ্টিপাত হোৱাৰ আশংকা আছে ।

যোৱা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ অঞ্চলতে বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হোৱা দেখা গৈছে ৷ বহু অঞ্চলত বৃষ্টিপাত প্ৰৱলৰ পৰা অতি প্ৰৱল হোৱাও পৰিলক্ষিত হৈছে ৷ এই সময়ছোৱাত প্ৰায়বোৰ অঞ্চলতে সর্বোচ্চ তাপমান স্বাভাৱিক মাত্ৰাতকৈ ১.৬ ডিগ্রী চেলছিয়াছৰ পৰা ৩ ডিগ্রী চেলছিয়াছ কম আছিল ।

লগতে পঢ়ক: Road Broken By Heavy Rain : নেৰানেপেৰা বৰষুণৰ ফলত টিহুত ছিগিল পথ; ব্যাহত যাতায়ত

যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইকেইখন হ'ল কৰিমগঞ্জ ১৫০ মিঃ মিঃ, গোসাঁই গাঁও ১৪০ মিঃ মিঃ, চাউলধোৱা ঘাট ১৩০ মিঃ মিঃ, বিলাসীপাৰা, শিলচৰ, কোকৰাঝাৰ আৰু পাণবাৰীত ১১০ মিঃ মিঃ, লখিমপুৰ, চিলাপথাৰ আৰু ধুবুৰীত ১০০ মিঃ মিঃ।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাত এতিয়ালৈকে ২৮,৮৭০ জন লোক বানৰ কৱলত পৰিছে । ইয়াৰে লখিমপুৰ জিলাৰ ২৩,৫১৬ জন, ডিব্ৰুগড়ৰ ৩,৮৫৭ জন আৰু ধেমাজিৰ ১,৪৯৭ জন । বানৰ ফলত লখিমপুৰ জিলাৰ ১৮০.৫৭ হেক্টৰ আৰু ধেমাজি জিলাৰ ৩৫ হেক্টসহ মুঠ ২১৫.৫৭ হেক্টৰ কৃষিভূমি প্ৰভাৱিত হৈছে ।

বানৰ ফলত লখিমপুৰ আৰু ধেমাজিৰ ছয় হেজাৰৰো অধিক পশুধন প্রভাৱিত হৈছে । পশুধনৰ বাবে খাদ্যৰ অভাৱে সমস্যাৰ সৃষ্টি কৰিছে । আনহাতে, একাংশ বন্যার্তই প্রশাসনে বিতৰণ কৰা অত্যাৱশ্যকীয় খাদ্য সামগ্রী নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে । কেন্দ্রীয় জল আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ-জীয়াভৰলী আৰু পাগলাদিয়া নৈ আজিও সতর্কতামূলক সীমাৰ ওপৰেদি বৈ আছে যদিও বিপদসীমা অতিক্রম কৰা নাই ৷

ডিব্ৰুগড়ত ব্রহ্মপুত্র ০.৬৬ মিটাৰ, শোণিতপুৰত জীয়াভৰলী 0.0৮ মিটাৰ, যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্র ০.৩৭ মিটাৰ, তেজপুৰত ব্ৰহ্মপুত্র ০.৯৪ মিটাৰ, নলবাৰীৰ এন টি ৰোড ক্ৰছিঙত পাগলাদিয়া নৈ ০.৯২ মিটাৰ বিপদসীমাৰ তলেৰে বৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.