ETV Bharat / state

Jatiya Yuva Shakti:নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ এজেপিৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:11 PM IST

'ওপৰ মহল'ক গ্ৰেপ্তাৰৰ দাবীত দীঘলীপুখুৰী পাৰত জাতীয় যুৱ শক্তিৰ উত্তাল প্ৰতিবাদ । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰে খণ্ডযুদ্ধ । নিযুক্তি কেলেংকাৰীৰ স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ দাবীত ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ ।

Jatiya Yuva Shakti
নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

গুৱাহাটী,৭ ছেপ্টেম্বৰ : নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটীৰ শিলপুখুৰীৰ পাৰ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে । প্ৰতিবাদকাৰীসকলে দিছপুৰৰ পৃষ্ঠপোষকতাত নিযুক্তি কেলেংকাৰী সংগঠিত হোৱাৰ অভিযোগ তুলি এই কেলেংকাৰীত জড়িত 'ওপৰ মহল'ৰ ব্যক্তিক চিনাক্ত কৰি আইনৰ কাঠগৰাত থিয় কৰোৱাৰ দাবী উত্থাপন কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে । প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে অসম চৰকাৰৰ বিভিন্ন বিভাগত হোৱা নিযুক্তিৰ বাবদ একাংশ চাকৰি প্ৰাৰ্থীৰ পৰা বিজেপি দলৰ একাংশ নেতা-নেত্ৰীয়ে ধন সংগ্ৰহ কৰাৰ এলানি ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছিল । উক্ত ঘটনাক্ৰমৰ সৈতে জড়িত এগৰাকী অভিযুক্তই আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিত প্ৰকাশ কৰিছিল যে তেওঁলোকে চাকৰি প্ৰাৰ্থীৰ পৰা তিনি লাখকৈ টকা লৈছিল আৰু তাৰে ৫০ হাজাৰ টকা নিজে ৰাখি বাকী আঢ়ৈ লাখ টকা 'ওপৰ মহল'ত জমা দিছিল । এই 'ওপৰ মহল'টো কোন সেয়া এতিয়াও পোহৰলৈ অহা নাই ।

অসম জাতীয় পৰিষদৰ ভাতৃসংগঠন জাতীয় যুৱ শক্তিয়ে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত সংঘটিত উক্ত কেলেংকাৰীৰ স্বচ্চ আৰু নিৰপেক্ষ তদন্ত তথা 'ওপৰ মহল'ৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজিৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । জাতীয় যুৱ শক্তিৰ সম্পাদক ক্ৰমে চন্দ্ৰপল বৰুৱা, ৰিদীপ ভূষণ নাথ আৰু ইফটিকাৰ হুছেইনৰ নেতৃত্বত তথা জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু জাতীয় মহিলা শক্তিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

প্ৰতিবাদকাৰী সকলে 'হিমন্ত চৰকাৰ মুৰ্দাবাদ', 'চাকৰি নিযুক্তি কেলেংকাৰী বন্ধ কৰক', 'ওপৰৰ মহলৰ ওপৰত তদন্ত আৰম্ভ কৰক', 'ওপৰ মহলৰ দোষীক গ্ৰেপ্তাৰ কৰক' আদি শ্ল'গানেৰে ৰাজপথ কঁপাই তোলে । প্ৰতিবাদকাৰী সকলে শ্ল'গান দিবলৈ আৰম্ভ কৰোতে আৰক্ষীয়ে বেৰিকেড সাজি বাধা দিয়ে যদিও তেওঁলোকে বাধা ওফৰাই আগবাঢ়ি যায় । আৰক্ষীৰ বাধাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষী তথা চি আৰ পি এফৰ ঠেলা-হেঁচাৰ সৃষ্টি হয় । ক্ষোভিত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ চি আৰ পি এফৰ জোৱানে কেইবাগৰাকী প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰে ।

প্ৰতিবাদৰ শেষত নিযুক্তি কেলেংকাৰীৰ স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ দাবীত ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় । স্মাৰক পত্ৰখনত কোৱা হয় যে চাকৰি কেলেংকাৰীৰ তদন্ত আৰক্ষীৰ দ্বাৰা কৰি থকা হৈছে যদিও তাৰ নিৰপেক্ষতা সন্দেহজনক । কিয়নো ধৃত দোষীয়ে 'ওপৰ মহল'ৰ কোন নেতাক আঢ়ৈ লাখকৈ টকা জমা দিছিল, সেয়া অনুসন্ধানৰ ক্ষেত্ৰত আৰক্ষীয়ে সুদৃঢ় স্থিতি লোৱা নাই বুলি স্পষ্ট হৈ পৰিছে । এই গতিত তদন্ত চলি থাকিলে কেলেংকাৰীৰ ৰৌ-বৰালি সাৰি যাব । গতিকে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলি স্মাৰক পত্রত উল্লেখ কৰা হয় ।

লগতে পঢ়ক : CPIM Protest in Guwahati : মূল্যবৃদ্ধি ৰোধকে ধৰি একাধিক দাবীত গুৱাহাটীত চি পি আই এমৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.