ETV Bharat / state

IYC president Srinivas BV: গুৱাহাটীৰ চি আই ডি কাৰ্যালয়ত হাজিৰ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভি

author img

By

Published : May 22, 2023, 8:27 PM IST

গুৱাহাটীত উপস্থিত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভি ৷ গুৱাহটীত উপস্থিত হৈ অসম আৰক্ষীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় নেতা গৰাকী ৷ সাংবাদিকক কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী (IYC President Srinivas BV) ৷

Etv BharatIYC President Srinivas BV
গুৱাহাটীত উপস্থিত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভি

চি আই ডি কাৰ্যালয়ত হাজিৰ শ্ৰীনিবাস বিভি

গুৱাহাটী, 22 মে’: সোমাবাৰে সদলবলে গুৱাহাটীত উপস্থিত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভি ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে নিৰ্যাতনৰ গোচৰত সাঙোৰ খোৱা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে গুৱাহটীত উপস্থিত হৈ অসম আৰক্ষীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে নিৰ্যাতনৰ গোচৰত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল ৷ আদালতে তেওঁক 50 হাজাৰ টকাৰ বণ্ডত আগজাননীমূলক জামিন দি তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দিছিল (IYC President Srinivas BV) ৷

অসম যুৱ কংগ্ৰেছৰ বহিষ্কৃত সভাপতি অংকিতা দত্তই দাখিল কৰা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আগতীয়া জামিন আবেদন নাকচ কৰা আদেশক প্ৰত্যাহ্বান জনাইছিল শ্ৰীনিবাসে ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সঞ্জয় কেৰলৰ বিচাৰপীঠে অসম চৰকাৰ আৰু অন্যান্যসকলক জাননী জাৰি কৰাৰ লগতে 10 জুলাইৰ ভিতৰত বিষয়টোৰ উত্তৰ দাখিল কৰিবলৈও নিৰ্দেশ দিছিল ৷

উচ্চতম ন্যায়ালয়ে শ্ৰীনিবাসক 22 মে’ত আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ কৈছিল ৷ যোৱা 5 মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম যুৱ কংগ্ৰেছৰ বহিষ্কৃত সভাপতি অংকিতা দত্তই দাখিল কৰা গোচৰটোত শ্ৰীনিবাসৰ আগতীয়া জামিন আবেদন নাকচ কৰিছিল (Srinivas BV Appears Before Assam Police) ৷

উল্লেখযোগ্য যে, অংকিতা দত্তই 18 এপ্ৰিলত ধাৰাবাহিক টুইটযোগে শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল ৷ অংকিতা দত্তই টুইটযোগে অভিযোগ কৰিছিল যে, বিগত ছমাহ ধৰি শ্ৰীনিবাসে তেওঁক মানসিকভৱে হাৰাশাস্তি কৰিছিল ৷

মনকৰিবলগীয়া যে শ্ৰীনিবাস বিভি চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ এদিন পূৰ্বে গুৱাহাটীকে ধৰি তিনি জিলাত জাৰি কৰা হৈছে 144 ধাৰা ৷ কোনো নিৰ্দিষ্ট লোক, ব্যক্তি বা সংগঠনে স্বাভাৱিক কাৰ্যকলাপত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই ধাৰা জাৰি কৰা বুলি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে যুক্তি দিছে (Srinivas BV Arrives in Guwahati) ৷

আজি পুৱা শ্ৰীনিবাস বিভি গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় ৷ বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, আব্দুল খালেক প্ৰমুখ্যে নেতাসকলে আদৰণি জনায় শ্ৰীনিবাস বিভিক ৷ গুৱাহাটীত 144 ধাৰা জাৰি কৰাৰ মাজতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় নেতাজন ৷ উল্লেখ্য যে শ্ৰীনিবাস বিভিক সংগ দিবলৈ বহুটো যুৱ কংগ্ৰেছী লেতা-কৰ্মীক বিমানবন্দৰত ভিৰ কৰা দেখা যায় (Youth Congress chief Srinivas BV) ৷

কিন্তু কিহৰ বাবে হঠাৎ 144 ধাৰা জাৰি ধাৰা জাৰি কৰা হ’ল তাকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেকে ৷ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে অসমত এতিয়া ৰাইজে আন্দোলন নকৰে বুলি প্ৰকাশ কৰিছে ৷ তেন্তে প্ৰতিবাদ হ’ব বুলি চৰকাৰে কিয় ভয় খাইছে ? নে চৰকাৰত বিজেপি বিৰোধী শক্তি সোমাই আছে, যি মুখ্যমন্ত্ৰীক অপদস্থ কৰিবলৈ এনে এটা নিৰ্দেশনা চৰকাৰীভাৱে জাৰি কৰি মুখ্যমন্ত্ৰীক শলঠেকত পেলাব বিচাৰিছে ৷ তেওঁ কয় যে, চৰকাৰে 144 ধাৰা জধে-মধে আৰোপ কৰিছে (Srinivas BV appears before Guwahati Police) ৷

ইফালে শ্ৰীনিবাস বিভিক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভি মহানগৰীৰ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে অংকিতা দত্তই এটা বিশেষ টুইট কৰা পৰিলক্ষিত হয় ৷ যুৱ নেত্ৰীগৰাকীয়ে টুইটাৰত লিখিলে - Everyone talks about his career, what about her career ! (Angkita Dutta harassment case against Srinivas)

লগতে পঢ়ক: Manipur violence: আকৌ মণিপুৰত হিংসাৰ দাবালন; সান্ধ্য আইনৰ শিথিলতা প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.