Indian Olympic Association: 19 ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচন

author img

By

Published : Nov 19, 2021, 6:36 PM IST

Indian Olympic Association elections

2021-25 চনলৈ ভাৰতীয় অলিম্পিক সন্থা(Indian Olympic Association)ৰ নিৰ্বাচনী বাৰ্ষিক সভাখন এইবাৰ গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । 19 ডিচেম্বৰত 10 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব এই অধিৱেশন ।

গুৱাহাটী, ১৯ নৱেম্বৰ: অসমৰ লগতে উত্তৰ-পূবৰ বাবে ভাল খবৰ । 2021-25 চনলৈ ভাৰতীয় অলিম্পিক সন্থা(Indian Olympic Association)ৰ নিৰ্বাচনী বাৰ্ষিক সভাখন এইবাৰ গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । 19 ডিচেম্বৰত 10 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব এই অধিৱেশন ।

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে অসম অলিম্পিক সন্থা(Assam Olympic Association)ৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে । সংবাদমেলত তেওঁ কয় যে, এই সভাখনত ভাৰতৰ সকলো ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকাৰ লগতে 40 টাতকৈ অধিক ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ মূল বিষয়াসকল উপস্থিত থাকিব ।

19 ডিচেম্বৰত অসমত অনুষ্ঠিত হ'ব ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচন

লগতে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ ভাৰতীয় প্ৰতিনিধি হিচাপে নীতা আম্বানীও উপস্থিত থাকিব বুলি জানিবলৈ দিছে অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া সকলে । 18 ডিচেম্বৰৰ ভিতৰত প্ৰতিনিধি সকল গুৱাহাটীত উপস্থিত হ'ব । 19 ডিচেম্বৰত 10 বজাৰ পৰা ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচনী বাৰ্ষিক সভাখন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: Farmers Protest:সংক্ষিপ্ত বিৱৰণ

হোটেল ভিভান্টা, নভ’টেলত প্ৰতিনিধি সকল থকাৰ ব্যৱস্থা কৰা হৈছে । এই বাৰ্ষিক সাধাৰণ সভাই অসমৰ ক্ৰীড়া ক্ষেত্ৰক আগুৱাই নিবলৈ সহায় কৰিব আশা কৰিছে অসম অলিম্পিক সন্থাই ।

1 ডিচেম্বৰত বাৰ্ষিক সাধাৰণ সভাৰ বাবে এটা সচিবালয় স্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে । ইপিনে, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সন্দৰ্ভত কয়, অহা 29 নৱেম্বৰত ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু 1 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ পাব ।

2 ডিচেম্বৰৰ পৰা মনোনয়ন দাখিল পৰ্ব আৰম্ভ হ'ব । 4 ডিচেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন । 10 ডিচেম্বৰত বৈধ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব । 19 ডিচেম্বৰত 11.30 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু 4 বজাত ভোটগ্ৰহণ শেষ হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.