ETV Bharat / state

আজি সৰুসজাইত ভাৰত বনাম ওমানৰ যুঁজ

author img

By

Published : Sep 5, 2019, 2:55 AM IST

আজি সৰুসজাইত ভাৰত বনাম ওমানৰ যুঁজ

খেলৰ প্ৰাক মুহুৰ্তত হোটেল ৰেডিচন ব্লুত সংবাদমেল সম্বোধন দুয়োটা দলৰ অধিনায়ক আৰু প্ৰশিক্ষকৰ ।


গুৱাহাটী,৫ ছেপ্তেম্বৰঃ ফুটবল জ্বৰত আক্ৰান্ত গুৱাহাটীবাসী । সৰুসজাইত ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচত আজি মুখা-মুখি হব ভাৰত আৰু ওমান । খেলৰ এদিন পূৰ্বে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত সংবাদমেল সম্বোধন কৰিলে দুয়োটা দলৰ অধিনায়ক আৰু প্ৰশিক্ষকে ।

আজি সৰুসজাইত ভাৰত বনাম ওমানৰ যুঁজ

সংবাদমেলত ভাৰতীয় ফুটবলপ্ৰেমী আৰু ভাৰতীয় ফুটবল দলক প্ৰশংসা ওমান দলৰ প্ৰশিক্ষক ইৰউইন কোমেনৰ । ভাৰতক পৰাস্ত কৰিবলৈ সকলো ৰণকৌশল প্ৰস্তুত কৰিছে বুলি সংবাদমেলত সদৰী কৰে প্ৰশিক্ষক গৰাকীয়ে । খেলখনক এখন বন্ধুত্বপূৰ্ণ মেচ বুলিও অৱগত কৰে প্ৰশিক্ষক গৰাকীয়ে । খেলখনত জয়ী হব বুলি আত্মবিশ্বাসী ওমানৰ অধিনায়ক মহম্মদ মোবাৰক । ইফালে,ওমানক পৰাস্ত কৰি ঘৰুৱা দৰ্শকৰ মন জয় কৰিবলৈ সাজু ভাৰতীয় দল । সংবাদমেলত এই কথা সদৰী কৰিলে ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰী আৰু প্ৰশিক্ষক ইগৰ ষ্টিমেকে । ভাৰতৰ যুৱ খেলুৱৈ যথেষ্ট উদ্যমী ই ফুটবলজগতৰ বাবে এক আশাজনক বাৰ্তা বুলি মন্তব্য কৰে ইগৰ ষ্টিমেকে । ইফালে আঘাতৰ সমস্যাই বিপদত পেলাইছে ভাৰতীয় দলটোক । ইতিমধ্যে, আঘাতপ্ৰাপ্ত হৈছে দলটোৰ কেইবাজনো খেলুৱৈ ।

Intro:কাইলৈ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ভাৰত আৰু ওমানৰ মহাযুজ। ইতিমধ্যেই টীম দুয়োটাই পৃথকে পৃথকে চলাইছে কঠোৰ অনুশীলন। খেলৰ প্ৰাক মূহুৰ্তত বুধবাৰে জালুকবাৰীৰ হোটেল ৰেডিচন ব্লু'ত দুয়োটা দলৰ অধিনায়ক আৰু প্ৰশিক্ষকে সম্বোধন কৰে এক সংবাদমেলৰ। ফিফাৰ যোগ্যতা নিৰ্ধাৰণকাৰী খেলখনত ওমানে ভাৰতক পৰাস্ত কৰিবলৈ সকলো ৰণকৌশল প্ৰস্তুত কৰিছে বুলি কয় ওমানৰ প্ৰশিক্ষক ইৰউইন কোমেনে। এই খেলখন এক বন্ধুত্বপূৰ্ণ মেচ বুলিও উল্লেখ কৰে ওমান প্ৰশিক্ষকগৰাকীয়ে।


Body:তাৰোপৰি ভাৰতৰ ফুটবলপ্ৰেমী আৰু ভাৰতীয় দলটোক প্ৰশংসা কৰে ওমানৰ প্ৰশিক্ষক ইৰউইন কোমেনে। খেল জয়ী হ'ব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী ওমানৰ অধিনায়ক মহম্মদ মোবাৰক। ইফালে ভাৰতীয় দলো সহজে হাৰ মনা বিধৰ নহয়। শক্তিশালী ওমানক পৰাজিত কৰি ঘৰুৱা দৰ্শকৰ মন জয় কৰিব সাঁজু। সংবাদমেলত এই কথা সদৰি কৰিলে ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰী আৰু প্ৰশিক্ষক ইগৰ ষ্টিমেকে। ভাৰতৰ যুৱ খেলুৱৈ যথেষ্ট উদ্যমী। এইটো ফুটবলজগতৰ বাবে এক আশাজনক বাৰ্তা বুলি মন্তব্য কৰে ভাৰতীয় দলৰ প্ৰশিক্ষক ইগৰ ষ্টিমেকে। ইফালে ভাৰতীয় দলৰ কেইবাজনো খেলুৱৈ আঘাতপ্ৰাপ্ত, যাৰ বাবে বিশেষ সমস্যাৰ সন্মুখীন হৈছে ঘৰুৱা দলটো।


Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.