ETV Bharat / state

AGP meeting : সমসাময়িক ৰাজনৈতিক চিন্তাৰে ব্যাপক পৰিৱৰ্তনৰ দিশে অগপ

author img

By

Published : May 26, 2023, 9:59 PM IST

AGP meeting
সমসাময়িক ৰাজনৈতিক চিন্তাৰে ব্যাপক পৰিৱৰ্তনৰ দিশে অগপ

আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা (AGP organizing committee meeting)। সমসাময়িক ৰাজনৈতিক চিন্তাৰে ব্যাপক পৰিৱৰ্তনৰ লক্ষ্য আগত ৰাখিছে অগপই । আগন্তুক দিনত লোকসভা সমষ্টিত কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিব অগপই ।

গুৱাহাটী ২৬ মে' : লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতাৰে শুকুৰবাৰে অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ বিষয়ববীয়াসকলৰ সভা অনুষ্ঠিত হয় (AGP meeting ahead of Lok Sabha election)। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই সভাপতিত্ব কৰা সভাত তৃণমূল পৰ্যায়ত অহা দুমাহৰ ভিতৰত সকলো বুথ সমিতি গঠন সম্পূৰ্ণ কৰি সাংগঠনিক কাঠামো শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰা হয় ।

সভাই আগন্তুক দুমাহৰ বাবে সাংগঠনিক কৰ্মসূচী গ্ৰহণ কৰে । কলিয়াবৰ, মংগলদৈ, তেজপুৰ, নগাঁও, গুৱাহাটী, কৰিমগঞ্জ, শিলচৰ আৰু বৰপেটা লোকসভা সমষ্টি ভিত্তিত বিশাল কৰ্মকৰ্তা সন্মিলনে দলীয় সদস্যসকলক উৎসাহিত কৰাৰ পাচত অহা ২৯ মে'ত ডিব্ৰুগড় আৰু ৪ জুন তাৰিখে লখিমপুৰ লোকসভা সমষ্টি ভিত্তিত একেধৰণৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে (Workers Conference of AGP)। অনুৰূপ ধৰণে যোৰহাট, ধুবুৰী, কোকৰাঝাৰ আৰু ডিফু লোকসভা সমষ্টিটো পৰৱৰ্তী সময়ত এনেধৰণৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব ।

AGP meeting
সমসাময়িক ৰাজনৈতিক চিন্তাৰে ব্যাপক পৰিৱৰ্তনৰ দিশে অগপ

দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, সম্পাদকসকলৰ লগতে প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি আৰু তিনিগৰাকীকৈ বিষয়ববীয়া উপস্থিত থকা এই গুৰুত্বপূৰ্ণ সভাত সভাপতি বৰাই কয় যে আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে অসম গণ পৰিষদ দলকো সৰ্বস্তৰতে শক্তিশালী কৰিব লাগিব ।

দলীয় কৰ্মসূচীৰ উপৰিও ভাতৃ-ভগ্নী সংগঠনসমূহৰো সুকীয়া সুকীয়া কৰ্মসূচীৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত দলক সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰি ২০২৫ চনত দল ৪০ বছৰীয়া হ'বলৈ অগ্ৰসৰ হোৱা সময়ত বছৰজোৰা সামাজিক, ৰাজনৈতিক আৰু সাংগঠনিক কাৰ্যসূচী গ্ৰহণ কৰাৰ পোষকতা কৰে । দলৰ সংবিধান সংশোধনৰ জৰিয়তে সমসাময়িক ৰাজনীতি অথবা সমাজ ব্যৱস্থাৰ লগত প্ৰাসংগিক হোৱাকৈ দলে নতুন চিন্তাৰে আগবাঢ়িব লাগিব ।

দলৰ সদস্য বৃদ্ধি, দলক অধিক প্ৰচাৰমুখী কৰাৰ ওপৰতো সভাপতি বৰাই গুৰুত্ব দিয়ে । যিকোনো ৰাজনৈতিক কৌশল অৱলম্বন কৰি হ'লেও আগন্তুক লোকসভা নিৰ্বাচনত লোকসভাত দলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব লাগিব । ৰাজ্যখনৰ জনসাধাৰণৰ মনৰ চিন্তা দলৰ জৰিয়তে প্ৰতিফলিত কৰিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি সভাপতি বৰাই মন্তব্য কৰে ।

সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উদ্দেশ্য বাখ্যা কৰা এই সভাত কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই লোকসভা ভিত্তিত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনে দলক নতুন মাত্ৰা প্ৰদান কৰা বুলি উল্লেখ কৰি সাংগঠনিক শক্তিৰে দলটোক আগবঢ়াই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মতপোষণ কৰে । মহন্তই সাংগঠনিক সৱলীকৰণৰ বাবে ভাতৃ-ভগ্নী সংগঠনকসমূহক শক্তিশালী কৰি বিষয়ববীয়াসকলক সাংগঠনিক কাম-কাজসমূহত ক্ষীপ্ৰতাৰে আৰু পূৰ্ণোদ্যমে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :Career Counselling Program in Bihpuria: দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ কেৰিয়াৰ কাউঞ্চিলিং প্ৰগেম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.