ETV Bharat / state

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত চকু বেদখলকাৰীৰ

author img

By

Published : Mar 13, 2022, 8:04 PM IST

গুৱাহাটীত পাঁচ মাহত ডেৰশতাধিক বেদখলৰ চেষ্টা ব্যৰ্থ কৰিলে বন বিভাগে (Forest department stops encroachment attempt) । বনকর্মীৰ সংখ্যা কম হোৱাৰ সুবিধা গ্ৰহণ কৰিছে বেদখলকাৰী আৰু মাফিয়া চক্ৰই । বনাঞ্চলৰ বহু ভূমি বেদখলকাৰীৰ কবলত ।

Forest department fails to attempt encroshment
গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত চকু বেদখলকাৰীৰ

গুৱাহাটী,১৩ মাৰ্চ: অসম চৰকাৰে ৰাজ্যজুৰি সংৰক্ষিত বনাঞ্চল আৰু চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ লগতে ভূমাফিয়া আৰু দালাল চক্ৰৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই আহিছে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে অসম আৰক্ষীয়ে বিগত সময়ত ৰাজ্যজুৰি দালাল আৰু ভূ মাফিয়া চক্ৰৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৬০০ দালালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ।

Forest department fails to attempt encroshment
বনাঞ্চলৰ বহু ভূমি বেদখলকাৰীৰ কবলত

কিন্তু চৰকাৰৰ এনে ব্যাপক তৎপৰতাৰ পাছতো ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে মাটিৰ দালাল, ভূ মাফিয়া আৰু বেদখলকাৰী চক্ৰই অতি কৌশলেৰে চৰকাৰী মাটিৰ লগতে সংৰক্ষিত বনাঞ্চলৰ মাটিও বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে বন বিভাগৰ শীৰ্ষ নেতৃত্বই গৃহ বিভাগৰ সহযোগত গুৱাহাটী মহানগৰীত থকা ছয়খন সংৰক্ষিত বনাঞ্চলত বিগত পাঁচ মাহত বেদখলৰ বাবে চেষ্টা চলোৱা ১৫০ টা ঘটনা ধৰা পেলাই ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে(Forest department stops encroachment attempt) ।

Forest department fails to attempt encroshment
গুৱাহাটীত পাঁচ মাহত ডেৰশতাধিক বেদখলৰ চেষ্টা ব্যৰ্থ কৰিলে বন বিভাগে

বন বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই সদৰি কৰা মতে গুৱাহাটী মহানগৰীৰ ছয়খন সংৰক্ষিত বনাঞ্চলত বহু বছৰ ধৰি প্ৰায় ৩,৯৩৪ টা পৰিয়ালে মাটি বেদখল কৰি আছে । ইয়াৰ ভিতৰত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত ৫৭৯ হেক্টৰ ভূমি ১,৪২৭ টা পৰিয়ালে বেদখল কৰাৰ বিপৰীতে জালুকবাৰীত ৯৭.৭০ হেক্টৰ সংৰক্ষিত বনাঞ্চলত ১৭ টা পৰিয়ালে বেদখল কৰি আছে । তেনেদৰে কালাপাহাৰত ৭০ হেক্টৰ ভূমিত ৯১১টা পৰিয়াল, ফটাশিলত ৬৬৯.০২ হেক্টৰ ভূমিত ১,২৯৮ টা পৰিয়াল, গোটানগৰত ২৬৬ হেক্টৰ ভূমিত ২৬৬ টা পৰিয়াল আৰু শৰণীয়া পাহাৰত ৭.৯৯ হেক্টৰ ভূমিত ১৭ পৰিয়ালে বেদখল কৰি আছে ।

Forest department fails to attempt encroshment
বনকর্মীৰ সংখ্যা কম হোৱাৰ সুবিধা গ্ৰহণ কৰিছে বেদখলকাৰী আৰু মাফিয়া চক্ৰই

উল্লেখ যে ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা বন বিভাগ আৰু বন বাহিনীৰ মুৰব্বী ডঃ অলকা ভাৰ্গৱে বিগত বৰ্ষৰ পহিলা জুলাইত কাৰ্যভাৰ গ্ৰহণৰ পাছতে গুৱাহাটী মহানগৰীত সংৰক্ষিত বনাঞ্চলত যাতে নতুনকৈ কোনো ধৰণৰ বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তৎকালে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডি এফ অ'ক দিছিল । তাৰ পাছত পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' ৰোহিণী শইকীয়াই গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ জৰিয়তে গুৱাহাটীৰ ছয়খন সংৰক্ষিত বনাঞ্চলৰ তদাৰকৰ দায়িত্বত থকা খণ্ড বন বিষয়াসকলক বেদখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল ।

Forest department fails to attempt encroshment
বেদখলৰ বাবে চেষ্টা চলোৱা ১৫০ টা ঘটনা ধৰা পেলাই ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে

আনকি ইয়াৰ বাবে ভ্ৰাম্যমাণ পহৰাৰ ব্যৱস্থা শক্তিশালী কৰিবলৈও নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ ভিত্তিত খণ্ড বিষয়া সকলে নতুন বেদখলৰ ঘটনা ৰোধৰ বাবে ভ্ৰাম্যমাণ পহৰাৰ ব্যৱস্থা শক্তিশালী কৰাৰ পৰিপ্ৰেক্ষিতত অক্টোবৰ মাহৰ পৰা ৯ মাৰ্চ পৰ্যন্ত বিগত প্ৰায় পাঁচ মাহত গুৱাহাটী মহানগৰীত ১৫০ টাৰো অধিক নতুন বেদখলৰ ঘটনা ৰোধ কৰিবলৈ সক্ষম হৈছে ।

আনকি পহিলা ফেব্ৰুৱাৰীত বন বিভাগৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰধান মুখ্য বন সংৰক্ষক অমিত সাহায়েও নতুন বেদখলৰ ঘটনা ৰোধ কৰাৰ ওপৰত অধিক গুৰুত্ব দিছে । বন বিভাগৰ শেহতীয়া উচ্ছেদ অভিযানত ফেব্ৰুৱাৰী মাহত পাঞ্জাবাৰী অঞ্চলত ৩৮ টা ঘৰ আৰু ফটাশিল সংৰক্ষিত বনাঞ্চলত ৪৪ টা পৰিয়ালক উচ্ছেদ কৰা হয় । ইতিমধ্যে পাঞ্জাবাৰী পাহাৰত বেদখলৰ ঘটনা ৰোধৰ বাবে নতুনকৈ এটা বন শিবিৰ স্থাপন কৰা হৈছে ।

লক্ষণীয়ভাৱে বন বিভাগত প্ৰয়োজনতকৈ বনকর্মীৰ সংখ্যা বহু কম হোৱাত তাৰ সুবিধা গ্ৰহণ কৰিছে বেদখলকাৰী আৰু ভূ মাফিয়া চক্ৰই । যাৰ বাবে প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশ সংৰক্ষণৰ লগত জড়িত সকলোৱে বন বিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষক বনাঞ্চলত বেদখলৰ ঘটনা ৰোধৰ বাবেবঅতিৰিক্ত বনকর্মী বা দৰকাৰ হ'লে মাষ্টাৰৰোল কর্মী নিযুক্তি দিবলৈ আহ্বান জনাইছে ।

উল্লেখ গুৱাহাটীৰ পাহাৰসমূহত হোৱা অবাধ বেদখলৰ বাবেই পাহাৰসমূহৰ ব্যাপক অৱক্ষয় হৈছে । যাৰ পৰিণাম স্বৰূপে কৃত্রিম বানপানীকে ধৰি নানান সমস্যাই দেখা দিছে । কিন্তু এনে অবাধ দখল ৰোধিবলৈ বনবিভাগ সক্ষম হবনে নাই সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.