ETV Bharat / state

বৰ্জিত পানীৰে বিদ্যুৎ শক্তি উৎপাদনৰ প্ৰযুক্তি উদ্ভাৱন আই আই টি গুৱাহাটীৰ

author img

By

Published : Jun 2, 2022, 11:29 AM IST

আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বৰ্জিত পানীৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা এবিধ প্ৰযুক্তি উদ্ভাৱন কৰিছে (Technology innovation for power generation with wastewater) । গুৱাহাটী পৌৰ নিগম এলেকাৰ বৰ্জিত পানী পৰিশোধন প্ৰকল্পৰ ক্ষেত্ৰত এই প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব ।

IIT-Guwahati develops tech to generate green energy by treating wastewater
বৰ্জিত পানীৰে বিদ্যুৎ শক্তি উৎপাদনৰ প্ৰযুক্তি উদ্ভাৱন আই আই টি, গুৱাহাটীৰ

গুৱাহাটী, 2 জুন : আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলৰ আন এক সফলতা (IIT guwahati achievement) ৷ আই আই টি, গুৱাহাটীৰ গৱেষকৰ এটা দলে বৰ্জিত পানীৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা প্ৰযুক্তি সম্বলিত এবিধ প্ৰযুক্তি উদ্ভাৱন কৰিছে (IIT Guwahati develops tech to generate green energy by treating wastewater) ।

এই প্ৰযুক্তিৰ দ্বাৰা অণুজীৱ ইন্ধন কোষ (মাইক্ৰ'বিয়েল ফুৱেল চেল) নামৰ এই জৈৱ বিদ্যুৎ ৰাসায়নিক আহিলাৰ সহায়ত প্ৰদূষণবিহীনভাৱে বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব ৷ কেৱল বিদ্যুৎ শক্তি উৎপাদন লগতে আৱৰ্জনা নিষ্কাশনৰো কাম কৰিব পৰা হ'ব এইবিধ প্ৰযুক্তিৰ দ্বাৰা ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পুঁজিৰে আই আই টি, গুৱাহাটীৰ ৰাসায়নিক ইঞ্জিনীয়াৰিং বিভাগে চলোৱা গৱেষণাৰ অন্তত এই ‘‘সেউজ বিদ্যুৎ উৎপাদন’’ কৰা প্ৰযুক্তি সম্বলিতআহিলা উদ্ভাৱন কৰিছে । অধ্যাপক মিহিৰ কুমাৰ পুৰকেইটৰ তত্ত্বাৱধানত গৱেষক ছাত্ৰ মুকেশ শর্মাই এই গৱেষণা কৰিছিল ।

তেওঁলোকে উদ্ভাৱন কৰা এই জৈৱ বিদ্যুৎ ৰাসায়নিক আহিলা অণুজীৱৰ জৰিয়তে জৈৱ পদাৰ্থত থকা ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তন কৰে । এই প্ৰযুক্তি সম্বলিত আহিলাৰ সহায়ত কম খৰচত বৰ্জিত পানীৰ পৰা বিদ্যুত উৎপাদন কৰি বিদ্যুতৰ অভাৱ পূৰণ কৰিব পৰা যাব ৷

এনেদৰে উৎপাদন কৰা বিদ্যুৎ অন্য ব্যয়বহুল পদ্ধতিৰে উৎপাদন কৰা বিদ্যুৎ শক্তিৰ বিকল্প হ'ব বুলি গৱেষণাৰ তত্ত্বাবধায়ক অধ্যাপক পুৰকেইটে মন্তব্য কৰে । আই আই টি, গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰমণে কয় যে, এই প্ৰযুক্তিয়ে নৱীকৰণযোগ্য শক্তি উৎপাদনৰ ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ কৰিব ।

তেওঁ জনায় যে, গুৱাহাটী পৌৰ নিগম এলেকাৰ বৰ্জিত পানী পৰিশোধন প্ৰকল্পৰ ক্ষেত্ৰত এই প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব ।

লগতে পঢ়ক : মহাবিদ্যালয়ৰ চৌহদত প্ৰবক্তাই কৰিলে সুৰাপান: প্ৰতিবাদত উত্তাল মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.