ETV Bharat / state

Covid Resistant Mask: গুৱাহাটী আই আই টিৰ উদ্ভাৱন

author img

By

Published : Nov 29, 2021, 10:51 PM IST

সাধাৰণ কাপোৰৰ মাস্কে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰি আহিছে । ইয়াৰ বিকল্প হিচাপে গুৱাহাটী আই আই টি (IIT Guwahati)য়ে উদ্ভাৱন কৰি উলিয়াইছে ক'ভিড প্ৰতিৰোধী আৱৰণ (Covid Resistant Mask) ৷

Covid Resistant Cover
ক'ভিড প্ৰতিৰোধী আৱৰণ

গুৱাহাটী, ২৯ নৱেম্বৰ : সময় যিমানেই আগুৱাইছে সিমানেই নতুন নতুন ৰূপত ক'ভিডৰ ভয়াবহতাও বৃদ্ধি পাই আহিছে । সাধাৰণতে মানুহে ব্যৱহাৰ কৰি থকা মাস্কসমূহৰ ভিতৰত প্ৰকৃততে কিমান সংখ্যক মাস্ক ব্যৱহাৰৰ উপযোগী বা ক'ভিড প্ৰতিৰোধী তাকে লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে । N95 মাস্ক পৰিধান কৰিলেহে ক'ভিডৰ সংক্ৰমণৰ পৰা বাচিব পৰা যায় বুলি চিকিৎসা বিজ্ঞানীসকলে দাবী কৰি অহাৰ সময়তে গুৱাহাটী আই আই টিয়ে গৱেষণাৰ অন্তত উদ্ভাৱন কৰি উলিয়াইছে এই আৱৰণ (Covid Resistant Mask) ৷

Covid Resistant Cover
গুৱাহাটী আই আই টি

আই আই টি গুৱাহাটীয়ে উদ্ভাবন কৰা এই আৱৰণ সাধাৰণ কাপোৰৰ মাস্ক(IIT Guwahati develops coating to modify ordinary cloth masks)ৰ সৈতে সংলগ্ন কৰিলে ক'ভিড প্ৰতিৰোধী হৈ পৰে । আই আই টি গুৱাহাটীৰ ৰাসায়ন বিভাগৰ অধ্যাপক অৰুণ চট্টোপাধ্যায় আৰু কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ড৹ পাৰ্থ এছ জি পট্টাদাৰৰ নেতৃত্বত চলা এক গৱেষণাৰ অন্তত ক'ভিড প্ৰতিৰোধী এই নতুন আৱৰণবিধ উদ্ভাৱন কৰা হৈছে ।

Covid Resistant Cover
ক'ভিড প্ৰতিৰোধী আৱৰণ

N95 মাস্ক ক'ভিড প্ৰতিৰোধী হ'লেও ইয়াক দীৰ্ঘসময় পৰিধান কৰি থাকিলে বহুতে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা অনুভৱ কৰে । যাৰবাবে বহুতে বাচি লয়‌ সাধাৰণ কাপোৰৰ মাস্ক । কিন্তু তেনে মাস্কে মুঠেও নিৰাপত্তা দিব নোৱাৰে । কিন্তু আই আই‌ টি গুৱাহাটীয়ে উদ্ভাৱন কৰা এই আৱৰণ সাধাৰণ কাপোৰৰ মাস্কত সংলগ্ন কৰি ল’লে তেনে মাস্কৰো কাৰ্যক্ষমতা বৃদ্ধি পাব ।

লগতে পঢ়ক : OMICRON variant of COVID : কেনেকৈ সাজু হৈছে অসম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.