ETV Bharat / state

PSO withdrawal in Assam: সকলো SPৰ পৰা বিতং তালিকা বিচাৰিলে গৃহ বিভাগে

author img

By

Published : Jan 8, 2022, 8:40 PM IST

Home department asks SPs to list details of  PSO users
PSO: সকলো SPৰ পৰা বিতং তালিকা বিচাৰিলে গৃহ বিভাগে

সাংবিধানিক পদবী সমূহৰ বাহিৰে বাকী সকলে PSO ব্যৱহাৰ কৰা সন্দৰ্ভত অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ (Assam cabinet decision on PSO ) পিছত সকলো জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা এই সন্দৰ্ভত বিতং তথ্য বিচাৰিছে ৰাজ্যৰ গৃহ বিভাগে (Home department asks SPs to list of PSO users) । সবিশেষ জানো আহক ৷

গুৱাহাটী, ৮ জানুৱাৰী : কাৰ কাৰ লগত নিয়োজিত হৈ আছে কিমান দেহৰক্ষী বা PSO ? সাংবিধানিক পদবী সমূহৰ বাহিৰে বাকী সকলে PSO ব্যৱহাৰ কৰা সন্দৰ্ভত অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ (Assam cabinet decision on PSO ) পিছত এতিয়া সকলো জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা এই সন্দৰ্ভত বিতং তথ্য বিচাৰিছে ৰাজ্যৰ গৃহ বিভাগে (Home department asks SPs to list of PSO users) । প্ৰতিখন জিলাত PSO লৈ ঘূৰি ফুৰা লোকৰ সংখ্যা কিমান তাৰ সবিশেষ গৃহ বিভাগে বিচাৰিছে আৰক্ষী অধীক্ষকৰ পৰা ।

অৱশ্যে এই পৰ্যন্ত সকলো জিলাৰ পৰা দিছপুৰলৈ অহা নাই সম্পূৰ্ণ তালিকা । বিভাগীয় সুত্ৰই প্ৰকাশ কৰা মতে সকলো উপায়ুক্তৰ পৰা এই তালিকা লাভ কৰাৰ পিছত দেহৰক্ষী নিয়োগৰ বিষয়টো চোৱাচিতা কৰা ৰাজ্যিক নিৰাপত্তা পৰ্যালোচনা সমিতি ( State Security Review Committee) চমুকৈ SSRC ৰ বৈঠক অনুষ্ঠান হব । সেই বৈঠকতে পুংখানুপুংখকৈ চালিজাৰি চোৱা হ’ব সচাকৈয়ে জীৱনৰ প্ৰতি ভাবুকি থকাৰ বাবে নে ষ্টেটাছ চিম্বলৰ বাবে এইসকল লোকে PSO ব্যৱহাৰ কৰি আহিছে ।

তাৰ পিছতে অপ্ৰয়োজনীয় ভাৱে ব্যৱহাৰ হৈ থকা দেহৰক্ষী বা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হ’ব । উল্লেখযোগ্য যে, অসমত কেৱল দেহৰক্ষী বা PSO হিচাপেই কৰ্মৰত হৈ আছে প্ৰায় চাৰি হাজাৰ আৰক্ষীৰ জোৱান । নতুন বছৰটোৰ প্ৰথম দিনটোতে এই তথ্য সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল এই সংখ্যা কমেও দুহেজাৰলৈ হ্ৰাস কৰা হব ।

লগতে পঢ়ক : Establishment day of Raijor Dal: কাৰ্যসূচীত ভাগ লৈ অখিলে ক’লে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.