ETV Bharat / state

টকিঅ’ অলিম্পিকত লাভলীনাই এক নতুন ইতিহাস ৰচনা কৰিব: হিমা দাস

author img

By

Published : Jul 23, 2021, 10:48 PM IST

"লাভলীনা বৰগোহাঁই(Lovlina Borgohain)এ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব আৰু এক নতুন ইতিহাস ৰচনা কৰিব" । টকিঅ’ অলিম্পিক 2020 (Tokyo Olympics 2020)ৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়াম (Tarun Ram Phukan Indore Stadium)ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ভাগ লৈ এই মন্তব্য ধিং এক্সপ্ৰেছ হিমা দাস(Hima Das)ৰ ৷

hima das comments
হিমা দাসৰ মন্তব্য

গুৱাহাটী, 23 জুলাই : আৰম্ভ হৈছে টকিঅ’ অলিম্পিক 2020 (Tokyo Olympics 2020) ৷ শুকুৰবাৰে বিয়লি ভাগত অনুষ্ঠিত হয় টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান (Opening Ceremony) । ক’ভিড (Covid) পৰিস্থিতিৰ বাবে এইবাৰ জাকজমকতাহীনভাৱেই আয়োজন কৰা হয় উদ্বোধনী অনুষ্ঠান । টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়াম (Tarun Ram Phukan Indore Stadium)ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

হিমা দাসৰ মন্তব্য

ৰাজ্যৰ ক্ৰীড়া বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু ক্ৰীড়াবিদে অংশ গ্ৰহণ কৰে । উক্ত অনুষ্ঠানত টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ ডাঙৰ স্ক্ৰীণত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় । টকিঅ’ অলিম্পিকত এইবাৰ বিশেষভাৱে অসমবাসীৰ দৃষ্টি নিক্ষেপ হৈ আছে । কিয়নো বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছে অসম সন্তান লাভলীনা বৰগোহাঁই (Lovlina Borgohain)এ ৷

উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰে ধিং এক্সপ্ৰেছ হিমা দাস (Hima Das) এ নিজৰ মনোভাৱ প্ৰকাশ কৰি লাভলীনাই অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে ৷ সংবাদ মাধ্যমৰ আগত দৌৰবিদ হিমা দাসে কয় যে, লাভলীনা বৰগোহাঁইয়ে অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব আৰু এক নতুন ইতিহাস ৰচনা কৰিব । অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰীড়া আয়ুক্ত মলয় বৰুৱাই কয় যে, উদীয়মান খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবৰ বাবে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে ।

উল্লেখ্য যে, 24 জুলাইত টকিঅ’ অলিম্পিকত অনুষ্ঠিত হ’বলগীয়া বক্সিং (Boxing) খেলৰ প্ৰথম ৰাউণ্ডৰ খেলত বৃহস্পতিবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাই(Lovlina Borgohain)য়ে ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিপৰীতে ৰিঙত অৱতীৰ্ণ হ’ব জাৰ্মানীৰ বক্সাৰ নাদীন এপেজ (Nadeen Apage) ৷ 27 জুলাইত অনুষ্ঠিত হ’ব প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচ ৷

লগতে পঢ়ক : Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.