ETV Bharat / state

অটল অমৃত অভিযান ছ'চাইটিৰ কাম-কাজৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Sep 5, 2021, 8:09 PM IST

atal amrit mission
অটল অমৃত অভিযান

অটল অমৃত অভিযান-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত অনিয়ম-প্ৰৱঞ্চনাত লিপ্ত অসাধু চিকিৎসালয়, আৰোগ্য মিত্ৰ, হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ । একেবাৰে আওহতীয়া গাঁৱৰ দুখীয়া পৰিয়ালৰ সদস্যয়ো যাতে সহজেই অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দুয়োখন অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনিৰ সুফল লাভ কৰিব পাৰে, তাৰ বাবে অধিক ফলপ্ৰসূভাৱে কাৰ্য ৰূপায়ণত গুৰুত্ব আৰোপ স্বাস্থ্যমন্ত্রীৰ।

গুৱাহাটী, ৫ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত গঠিত অটল অমৃত অভিযান ছ'চাইটিৰ কাম-কাজ বিস্তাৰিতভাৱে পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । গুৱাহাটীৰ ছয়মাইলত থকা অটল অমৃত অভিযান ছ'চাইটীৰ ৰাজ্যিক কাৰ্যালয়ত আঢ়ৈ ঘণ্টা ধৰি ছ'চাইটী কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ এই বৈঠকত অটল অমৃত অভিযান ছ'চাইটিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ কেশৱ মহন্তই ছ'চাইটিৰ দ্বাৰা ৰূপায়িত অটল অমৃত অভিযান আঁচনি আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্য ৰূপায়ণৰ বিতং খতিয়ান লয় ।

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব তথা ছ'চাইটিৰ কাৰ্যনিৰ্বাহক সমিতিৰ সমিতিৰ অধ্যক্ষ অনুৰাগ গোৱেলৰ উপৰিও অটল অমৃত ছ'চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা স্বাস্থ্য বিভাগৰ আয়ুক্ত (খাদ্য সুৰক্ষা) মনালিছা গোস্বামী, ছ'চাইটিৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া তথা স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিৎ তালুকদাৰ আৰু ছ'চাইটিৰ আন বিষয়া-কাৰ্যবাহীসকলৰ উপস্থিত থাকে এই বৈঠকত ৷

atal amrit mission
অটল অমৃত অভিযান ছ'চাইটিৰ কাম-কাজৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ একেবাৰে আওহতীয়া গাঁৱৰ দুখীয়া পৰিয়ালৰ সদস্যয়ো যাতে সহজেই অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এই দুয়োখন অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনিৰ সুফল লাভ কৰিব পাৰে, তাৰ বাবে অধিক ফলপ্ৰসূভাৱে কাৰ্যৰূপায়ণত গুৰুত্ব আৰোপ কৰে । একেবাৰে ভিতৰুৱা এলেকাৰ দুখীয়া পৰিয়ালৰ সদস্যসকলে জিলা চিকিৎসালয়লৈ তাঁত-বাতি কঢ়িব লগা নোহোৱাকৈ নিজ অঞ্চলৰ চিকিৎসালয়ৰ জৰিয়তে অটল অমৃত কাৰ্ডৰ বাবে নামপঞ্জীয়নৰো যাতে সুবিধা পায়, সেই দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্যমন্ত্ৰীয়ে বিষয়াসকলক দিহা দিয়ে ।

দৰিদ্ৰ লোকসকলৰ বাবেও যিকোনো জটিল ৰোগৰে ব্যয়বহুল চিকিৎসা সেৱা লাভ কৰাটোও সুনিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণৰ ব্যৱস্থা কৰা এই মহত্বপূৰ্ণ চিকিৎসা সহায়তা আঁচনি দুখনৰ বিষয়ে সমাজৰ একেবাৰেই শেষশাৰীত থকা দুখীয়া পৰিয়ালসমূহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ব্যাপক প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও বিভাগীয় মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কালত নিৰ্দেশ দিয়ে । ইফালে আটল অমৃত অভিযান আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনি দুখনৰ কাৰ্যৰূ পায়ণৰ নামত অসাধু পন্থা অৱলম্বনেৰে কোনো চিকিৎসালয়, আৰোগ্য মিত্ৰ আৰু হিতাধিকাৰীয়ে ৰাজহুৱা ধন হৰলুকিৰ চক্ৰান্তত লিপ্ত হ'ব নোৱাৰে তাৰ প্ৰতিও চোকা নজৰ ৰাখিবলৈ স্বাস্থ্যমন্ত্রীগৰাকীয়ে বৈঠকত বিষয়াসকলক স্পষ্ট কৰি দিয়ে ।

এনেদৰে আভুৱা ভাৰি বা প্ৰৱঞ্চনাৰে কোনো অসাধু চিকিৎসালয়, আৰোগ্যমিত্ৰ বা হিতাধিকাৰীয়ে আঁচনিখনৰ অপব্যৱহাৰত লিপ্ত হোৱাৰ ঘটনা ধৰা পৰিলে তাৎক্ষণিকভাৱে আইনী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে অটল অমৃত অভিযান ছ'চাইটিৰ কৰ্তৃপক্ষক ।

লগতে পঢ়ক : লুৰিণজ্যোতি গগৈৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.