ETV Bharat / state

আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে স্বাস্থ্যমন্ত্ৰীৰ বিশেষ বৈঠক

author img

By

Published : Sep 9, 2021, 10:53 PM IST

আয়ুৰ্বেদিক চিকিৎসা শিক্ষানুষ্ঠান গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক 'উৎকৰ্ষতাৰ কেন্দ্ৰ' (চেণ্টাৰ অব্ এক্সেলেন্স) ৰূপে উন্নীতকৰণৰ বাবে শীঘ্ৰে ভাৰত চৰকাৰৰ ওচৰত আনুষ্ঠানিক প্ৰস্তাৱ দাখিল কৰিব অসম চৰকাৰে । ইয়াৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

health minister meeting on guwahati ayurvedic college
আয়ুৰ্বেদিক মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিশেষ বৈঠক

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : উত্তৰ পূৱ ভাৰতৰ সবাতোতকৈ পুৰণি আয়ুৰ্বেদিক চিকিৎসা শিক্ষানুষ্ঠান গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক 'উৎকৰ্ষতাৰ কেন্দ্ৰ' (চেণ্টাৰ অব্ এক্সেলেন্স) ৰূপে উন্নীতকৰণৰ বাবে শীঘ্ৰে ভাৰত চৰকাৰৰ ওচৰত আনুষ্ঠানিক প্ৰস্তাৱ দাখিল কৰিব অসম চৰকাৰে । ইয়াৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিভাগীয় শীৰ্ষ বিষয়াসকলক লগত লৈ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আয়ুৰ্বেদিক চিকিৎসানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাজ্যিক আয়ুস অভিযানৰ সঞ্চালক তথা স্বাস্থ্য সচিব হেমেন দাস, এন এইচ এম অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, স্বাস্থ্য বিভাগৰ উপ সচিব কমলজিৎ তালুকদাৰ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাৰ সৈতে হোৱা স্বাস্থ্যমন্ত্ৰীৰ এই আলোচনাত মহাবিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ ৰূপে উন্নীকৰণ প্ৰক্ৰিয়াৰে জড়িত দিশসমূহৰ বিষয়ে বিস্তাৰিত ভাৱে চৰ্চা কৰা হয় ।

health minister meeting on guwahati ayurvedic college
আয়ুৰ্বেদিক মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিশেষ বৈঠক

লগতে পঢ়ক: নিমাতীঘাটৰ ট্ৰেজেডি : অসম জাতীয় বিদ্যালয়তো শোকাকুল পৰিৱেশ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়খনৰ বৰ্তমানৰ আন্তঃগাঁঠনি, ফেকাল্টী, চিকিৎসালয়ৰ আন্তঃ আৰু বহিঃ বিভাগ আদিৰ বিষয়েও পৰ্যালোচনা কৰি এইক্ষেত্ৰত কেতবোৰ জৰুৰী দিশত খৰতকীয়া কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়ুৰ্বেদিক মহাবিদ্যালয়খনক দেশৰ আয়ুৰ্বেদিক চিকিৎসা শিক্ষাৰ অন্যতম উৎকৰ্ষতাৰ কেন্দ্ৰ ৰূপে উন্নীকৰণৰ পোষকতা কৰি কেন্দ্ৰীয় চৰকাৰৰ আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাইছিল ৷ মুখ্যমন্ত্ৰীৰ এই অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনাবলৈ কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্ৰালয় বিশেষভাৱে আগ্ৰহী বুলি সেই সন্মিলনতে আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে প্ৰকাশ কৰিছিল ।

সেই মতে অতি সোনকালে এই বিষয়ত কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ৰ ওচৰত আনুষ্ঠানিক প্ৰস্তাৱ দাখিলৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু ৰাজ্যিক আয়ুস সঞ্চালকালয়ে ক্ষিপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: নাও যাত্ৰীৰ মৃতদেহ বিচাৰি ছিকাৰিঘাটত দেৰগাঁও আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.