ETV Bharat / state

অ'মিক্ৰণৰ সংক্ৰমণৰ ফলত সৃষ্টি হ'ব পৰা পৰিস্থিতিৰে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ

author img

By

Published : Dec 31, 2021, 5:08 PM IST

অসমত অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হ'লে চিকিৎসা সেৱা আগবঢ়াবলৈ ৰোগীৰ বাবে ৯ হাজাৰ বিচনা সাজু কৰি ৰখা হৈছে । ক'ভিড ৰোগীৰ বাবে আছে ১০০০ খন আই চি ইউ বিচনা । সাজু হৈ আছে ২৬০০ খন অক্সিজেনযুক্ত বিচনা । মহামাৰীসৃষ্ট পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সাজু স্বাস্থ্য বিভাগ(Keshab Mahanta on preparation to tackle Omicron threat) । ক'ভিডৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত এই কথা প্ৰকাশ কৰে ।

Health Minister Keshab Mahanta on Health department's preparation to tackle Omicron threat
ক'ভিডৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ সংবাদমেল

গুৱাহাটী, ৩১ ডিচেম্বৰ : দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে অ'মিক্ৰণৰ সংক্ৰমণ । বিগত তিনি দিনত দেশত তিনিগুণ বৃদ্ধি পাইছে অ'মিক্ৰণৰ সংক্ৰমণৰ হাৰ । সোমবাৰে দেশত অ'মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৬৪০০ গৰাকী আছিল যদিও বৃহস্পতিবাৰে এই সংখ্যা ১৬,৭০০ গৰাকীলৈ বৃদ্ধি পায় । অ'মিক্ৰণৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছে ।

এই সন্দৰ্ভত শুকুৰবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ গুৱাহাটীস্থিত কাৰ্যালয়ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এখন সংবাদমেল সম্বোধন কৰে(Keshab Mahanta adresses pressmeet on Covid situation) । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হ'লে চিকিৎসা সেৱা আগবঢ়াবলৈ ৰোগীৰ বাবে ৯ হাজাৰ বিচনা সাজু কৰি ৰখা হৈছে । বৰ্তমান অসমৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১৬০০ আই চি ইউ বিচনা আছে । ইয়াৰ ১০০০ খনেই ক'ভিডৰ বাবে ৰখা হৈছে ।

আনহাতে, ক'ভিড ৰোগীৰ বাবে ২৬০০ অক্সিজেনযুক্ত বিচনা সাজু কৰি ৰখা হৈছে । সেইদৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ ভিতৰত ২৫ হাজাৰ বিচনা সাজু কৰি উলিওৱাৰ ব্যৱস্থা আছে(Assam Health Department ready to haldle Omicron threat) । পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণ ৰূপে সাজু হৈ আছে বুলিও স্বাস্থ্য মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে ।

ইফালে, ক'ৰণাত আক্ৰান্তৰ পৰিসংখ্যা দাঙি ধৰি তেওঁ কয় যে, এতিয়ালৈ ৬ লাখ ২০ হাজাৰ ৫৭৩ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ৬ লাখ ১২ হাজাৰ ২৮২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে । বৰ্তমানলৈ অসমত ক'ৰণাত আক্ৰান্ত হৈ ৬,১৬৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে । তেওঁ লগতে কয় যে, বৰ্তমান ৮ খন নতুন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে ।

তেওঁ জনোৱা মতে, ধুবুৰী মেডিকেল কলেজৰো কাম নতুন বছৰৰ পৰাই আৰম্ভ হ’ব । মাৰ্চ মাহৰ ভিতৰত ৮ খন নতুন কেন্সাৰ হাস্পতাল মুকলি কৰা হ’ব । আনহাতে ৰাজ্যৰ ৪৬০০ খন উপ-স্বাস্থ্যকেন্দ্ৰৰ ২৩৮০ খনক হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ উন্নীতকৰণ কৰা হৈছে । মাৰ্চ মাহত ৩৪৭৭ খনৰ উন্নীতকৰণ কৰা হ'ব । ২০২২ বৰ্ষত ৪৬০০ খন উপ-স্বাস্থ্যকেন্দ্ৰক হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ উন্নীতকৰণ কৰা হ'ব ।

ইতিমধ্যে স্বাস্থ্যখণ্ডত ৩৩৬১ জনক নতুনকৈ নিযুক্তি দিয়া হৈছে । মাৰ্চৰ ভিতৰত আৰু এহেজাৰ নিযুক্তি দিয়া হ'ব । মন্ত্রীগৰাকীয়ে লগতে কয় যে, গুৱাহাটীত আৰু এখন মেডিকেল কলেজ নিৰ্মাণ কৰা হ’ব । কালাপাহাৰত নিৰ্মাণ হ’ব নতুন মেডিকেল কলেজ । ১ জানুৱাৰীৰ পৰা বন্ধ হ'ব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল ।

হাস্পতালখনক ৮০০ বিচনাযুক্ত ছুপাৰস্পেচিয়েলিটি হাস্পতাল ৰূপে নিৰ্মাণ কৰা হ'ব । ইয়াৰ পৰিৱৰ্তে ধীৰেণপাৰা আৰু পাণ্ডু চিকিৎসালয়ত সেৱা অব্যাহত থাকিব । আনহাতে, যোৰহাটস্থিত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 'নৰ্থ ইষ্ট ইন্সটিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজী'ত অ'মিক্ৰণ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । এতিয়ালৈকে ক'ভিডৰ অ'মিক্ৰণ প্ৰকাৰ অসমত ধৰা পৰা নাই বুলি স্বাস্থ্যমন্ত্রীগৰকীয়ে সদৰি কৰে ।

তেওঁ লগতে কয় যে, অসমতে ভাইৰাছৰ সম্পূৰ্ণ 'জিন'ম ছিকুয়েন্সিং পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা 'জিন'মিক ছিকুয়েন্সিং লেবৰেটৰী' স্থাপন কৰা হ'ব । ইফালে, অ'মিক্ৰণৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিদেশ ভ্ৰমণ কৰা লোকৰ বাবে বিশেষ নিৰ্দেশনা প্ৰযোজ্য কৰা হৈছে । বিদেশৰ পৰা অহা লোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ হ’লেও ৭ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক । কোৱাৰেন্টাইনত থকা সময়ত দুবাৰকৈ স্বাস্থ্যকৰ্মীয়ে ঘৰত গৈ পৰীক্ষা কৰিব ।

লগতে পঢ়ক: Heparin spray to fight Covid-19:প্ৰতিষেধকৰ পাছত ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ নাকৰ স্প্ৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.