ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত সাম্প্ৰতিক সময়কলৈ আছুৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Aug 27, 2019, 8:57 PM IST

এন আৰ চি,বৃহৎ নদীবান্ধ আৰু অসম চুক্তিৰ ৬নং দফা এই বিষয় কেইটাৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ বিশেষ বৈঠক

গুৱাহাটী বিশ্ববিদ্যালয়ত সাম্প্ৰতিক সময়কলৈ আছুৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,27 আগষ্ট : মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ বৈঠক ৷ ৰাজ্যৰ সাম্প্ৰতিক সময়ৰ কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত। সভাখনত এন আৰ চি,বৃহৎ নদীবান্ধ আৰু অসম চুক্তিৰ ৬নং দফা এই বিষয় কেইটাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে আলোচনাত ৷ নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্প সন্দৰ্ভত প্ৰকল্পটো বিজ্ঞানসন্মতভাৱে কৰিবলৈ আহ্বান জনাই আছুৱে। অসমৰ বিশেষজ্ঞ সমিতিয়ে দিয়া দৃষ্টিভংগীৰ ধৰণে এই প্ৰকল্পৰ কাম কৰিবলৈ দাবী জনাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ অন্যথা ৰাইজৰ স্বাৰ্থত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি যাব বুলি কয় মুখ্য উপদেষ্টা গৰাকীয়ে ৷ এন আৰ চি সন্দৰ্ভত মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে এন আৰ চিৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিকক সদায়ে সহায় কৰিব আছুৱে ৷ কিন্তু যদিহে অসমীয়া জাতিৰ দলিল স্বৰূপ এন আৰ চিত এজনো বিদেশীৰ নাম অন্তভুক্ত হয় তেন্তে ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দায়ী হ'ব বুলি কয় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে । আছুৰ এই গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি সভাপতি দীপাংক কুমাৰ নাথ আৰু আছুৰ সদস্যসকল ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত সাম্প্ৰতিক সময়কলৈ আছুৰ গুৰুত্বপূৰ্ণ বৈঠক
Intro:মংগলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ৰাজ্যৰ সাম্প্ৰতিক সময়ৰ কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই সভাত। এন আৰ চিৰ, বৃহৎ নদীবান্ধ, অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত বিশেষকৈ আলোচনা কৰা হয়। নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্প বিজ্ঞানসন্মতভাৱে কৰিবলৈ আহ্বান জনাই আছুৱে। অসমৰ বিশেষজ্ঞ সমিতিয়ে দিয়া দৃষ্টিভংগী ধৰণে এই প্ৰকল্প কাম কৰিবলৈ দাবী জনাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। নহ'লে ৰাইজৰ স্বাৰ্থত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি যাব বুলিও কয় ভট্টাচাৰ্যই। ইফালে এন আৰ চি সন্দৰ্ভতো মন্তব্য কৰে ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। এন আৰ চিৰৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিকক সদায়ে সহায় কৰিব আছুৱে। কিন্তু যদিহে অসমীয়া জাতিৰ দলিল স্বৰূপ এন আৰ চিত এজনো বিদেশীৰ নাম অন্তভুক্ত হয় তেন্তে ইয়াৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰ দায়ী হ'ব বুলি কয় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। উল্লেখযোগ্য যে আছুৰ এই গুৰুত্বপূৰ্ণ সভাত সভাপতি দীপাংকৰ নাথ, মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সকলো সদস্য উপস্থিত থাকে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.