ETV Bharat / state

গুৱাহাটীত নিষিদ্ধ হ'ল জন সমাগম হ'ব পৰা অনুষ্ঠান

author img

By

Published : Mar 15, 2020, 8:37 PM IST

Updated : Mar 15, 2020, 8:52 PM IST

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছক লৈ চিন্তিত গুৱাহাটী আৰক্ষী

দেওবাৰে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ক'ৰণা ভাইৰাছৰ বাবে লোৱা ব্যৱস্থাৰ সম্পৰ্কে জানিবলৈ দিলে সংবাদমাধ্যমৰ আগত । কোনো ধৰণৰ জন সমাগম হ'ব পৰা অনুষ্ঠান নিষিদ্ধ কৰা হৈছে গুৱাহাটীত এই কথা অৱগত কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

গুৱাহাটী, 15 মাৰ্চঃ কৰ'ণা ভাইৰাছক লৈ চিন্তিত গুৱাহাটী আৰক্ষী । দেওবাৰে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ক'ৰণা ভাইৰাছৰ বাবে লোৱা ব্যৱস্থাৰ সম্পৰ্কে জানিবলৈ দিলে সংবাদমাধ্যমৰ আগত । কোনো ধৰণৰ জন সমাগম হ'ব পৰা অনুষ্ঠান নিষিদ্ধ কৰা হৈছে গুৱাহাটীত এই কথা অৱগত কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

গুৱাহাটীত নিষিদ্ধ হ'ল জন সমাগম হ'ব পৰা অনুষ্ঠান

আনহাতে, সকলো সাৱধানতাৱলী অবলম্বনৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে সকলো আৰক্ষীক । মাস্ক আৰু হেণ্ড ছেনিটচাইজাৰৰ অবৈধ ভাবে দৰ বৃদ্ধিৰ বিষয়তো দৃষ্টি গোচৰ হৈছে আৰক্ষী আয়ুক্তৰ৷ গতিকে এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিলে আয়ুক্ত গৰাকীয়ে ৷ লগতে বিষয় সন্দৰ্ভত নিৰ্দিষ্ট বিভাগক অৱগত কৰা হৈছে বুলি মন্তব্য কৰে মুন্না প্ৰসাদ গুপ্তাই ৷

আনহাতে, Breath Analyser সাময়িকভাৱে বন্ধ কৰা হৈছে মহানগৰীত । যান বাহন শাখা আৰু জনসমাগমত কৰ্তব্যৰত সকলো আৰক্ষীক সাৱধান হোৱাৰ নিৰ্দেশ জাৰি কৰাৰ লগতে প্ৰয়োজনত পকেটত হেণ্ড ছেনিটচাইজাৰ ৰখাৰ বাবে আৰক্ষী সকলক আহ্বান জনাই আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

আৰু পঢ়কঃ বিটিআৰ চুক্তিৰ কোনো আইনী বা সাংবিধানিক বৈধতা নাইঃ চন্দন ব্ৰহ্ম

Last Updated :Mar 15, 2020, 8:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.