ETV Bharat / state

Holiday coupon scam: বশিষ্ঠ আৰক্ষীৰ জালত ‘হলিডে’ কুপনৰ নামত প্ৰৱঞ্চনা কৰা বহিঃৰাজ্যৰ ১৯টা প্ৰৱঞ্চক

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 5:05 PM IST

‘হলিডে’ কুপনৰ নামত প্ৰৱঞ্চনা কৰা এটা প্ৰৱঞ্চকৰ দলক উৎখাত কৰিছে গুৱাহাটী আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত আটক কৰা হয় 19টা প্ৰৱঞ্চকক ৷ এই আটাইকেইটা প্ৰৱঞ্চক বহিঃৰাজ্যৰ ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

Holiday coupon scam
Holiday coupon scam

প্ৰৱঞ্চকৰ হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী

গুৱাহাটী, 28 ছেপ্টেম্বৰ: প্ৰৱঞ্চকৰ হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ ভুৱা কলচেণ্টাৰৰ পাছত এইবাৰ গুৱাহাটী আৰক্ষীয়ে উৎখাত কৰিলে ‘Holiday’ কুপনৰ নামত প্ৰৱঞ্চনা কৰা এটা বৃহৎ চক্ৰ ৷ বুধবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে আটক কৰিলে ইয়াৰ সৈতে জড়িত 19 টা প্ৰৱঞ্চকক ৷

উল্লেখ্য যে Ritz Cartton আৰু Club Vistana Vacation নামৰ দুটা কোম্পানীৰ নামত কৰা হৈছিল এই প্ৰৱঞ্চনা ৷ প্ৰৱঞ্চকৰ দলটোৱে বিভিন্ন লোকক ফোন কৰি ভ্ৰমণৰ নামত Complimentary Luxury Holiday Offer আৰু Discount আছে বুলি প্ৰলোভন দিয়ে ৷ ইয়াৰ পাচতেই গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি লুট কৰে ৷

গুৱাহাটী মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় মেট্ৰো হাস্পতালৰ চিকিৎসকৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে এই প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে চলাই অভিযান ৷ এই সন্দৰ্ভত সৱিশেষ সংবাদমেলযোগে সদৰী কৰে DCP গৌতম বৰাই ৷

আৰক্ষীয়ে বিষয়াগৰাকীয়ে সংবাদমেলত জনোৱা অনুসৰি চিকিৎসকগৰাকীৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে হোটেল ‘গ্ৰীণ উড’ত এক অভিযান চলায় ৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে 7 টা প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয় ৷ এই 7 প্ৰৱঞ্চকক সোধা-পোচা কৰাৰ পাছত পুনৰ আৰক্ষীয়ে পল্টন বজাৰৰ ‘হোটেল মা কামাখ্যা’ত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে আন 12টা প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ ভিতৰত আছে এগৰাকী মহিলাও ৷

লগতে অভিযানকালত জব্দ কৰা হয় 23টাকৈ ম’বাইল ফোন, 4টাকৈ Swipe Machine, দুটা লেপটপ, পৰিচয় পত্ৰৰ লগতে বিভিন্ন নথি পত্ৰ আৰু এখন ফোন বুক ৷ ফোন বুকখনত সৰহ সংখ্যক নম্বৰ আছিল চিকিৎসকৰ । অসমৰ প্ৰায় 10 গৰাকী লোকক ইতিমধ্যে লুণ্ঠন চলাইছে প্ৰৱঞ্চকৰ দলটোৱে ৷ জানিব পৰা মতে এগৰাকী গ্ৰাহকৰ পৰা প্ৰায় 30 হাজাৰ টকা পৰ্যন্ত ধন লৈছিল প্ৰৱঞ্চক দলটোৱে ৷

অৱশ্যে সেই ৰাশি এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি আটাইকেইটা প্ৰৱঞ্চকক বহিঃৰাজ্যৰ ৷ অধিকাংশ প্ৰৱঞ্চকৰ ঘৰ দিল্লী, ঝাৰখণ্ড, বিহাৰ আৰু পাটনাৰ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

আটকাধীন প্ৰৱঞ্চক কেইটা ক্ৰমে চন্দন সিং, সজল কুমাৰ, চন্দন কুমাৰ, প্ৰদীপ কুমাৰ, মঃ চাব্বাজ আলম, চবিৰ আলী সাৰ্থক, নিৰ্মল কুমাৰ মিশ্ৰ, ফিৰোজ মালিক, প্ৰহ্লাদ কুমাৰ সিং, পংকজ গান্ধী, অনিকেত প্ৰসাদ, সঞ্জয় সিংহ ৰয়, এজাজ আলী, চাহিল আহমেদ, শিভম, নিৰজ, মৰ্ভিন মেছি, অপৰ্ণা ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব আৰু অধিক তথ্য ৷

উল্লেখ্য যে মাত্ৰ কিছুদিন পূৰ্বে গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই 8টা ভুৱা কল চেণ্টাৰ উৎখাত কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছিল শতাধিক প্ৰৱঞ্চকক ৷

লগতে পঢ়ক: Massive Cyber crime Bust: একেদিনাই গুৱাহাটীত দুই শতাধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ; উৎখাত ভুৱা কল চেণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.