ETV Bharat / state

Guwahati CP on Crime Report: বিদায়ী বৰ্ষত মহানগৰীত ১০২৩৪ টা গোচৰ ৰুজু

author img

By

Published : Jan 2, 2023, 9:11 PM IST

2022 বৰ্ষত গুৱাহাটী মহানগৰীত সংঘটিত অপৰাধজনিত ঘটনাৰ সন্দৰ্ভত সোমবাৰে সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati Commissioner of Police) ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে জনায় যে, ৰঞ্জিত বৰা হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল ৷

Guwahati Commissioner of Police
মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

গুৱাহাটী, ২ জানুৱাৰী: বিদায়ী বৰ্ষ 2022ত হিংসা, হত্যা, ধৰ্ষণ, অপহৰণকে ধৰি অপৰাধমূলক কেইবাটাও ঘটনাই ৰাজ্যখন জোঁকাৰি গ’ল ৷ বিশেষকৈ বিদায়ী বৰ্ষটোত গুৱাহাটী মহানগৰীত কেইবাটাও চাঞ্চল্যকৰ অপৰাধৰ ঘটনা সংঘটিত হয় ৷ বছৰটোৰ শেষৰফালে গুৱাহাটী মহানগৰীত বন্দুকধাৰী ডকাইত, চিলনী চোৰে চলোৱা সন্ত্ৰাসৰ ফলত চৰম নিৰাপত্তাহীনতাত দিন কটাবলগীয়া হৈছিল নাগৰিকে ।

বিগত বৰ্ষত মহানগৰীত ১০২৩৪ টা গোচৰ ৰুজু হয় ৷ আনহাতে পূৰ্বতে নিষ্পত্তি নোহোৱা গোচৰ আছিল ৩৪৫৩০ টা । এই গোচৰসমূৰ ভিতৰত ৩৬০৯ টা গোচৰৰ অভিযোগ নামা দাখিল কৰা হৈছে ৷ মুঠ ১৭১১২ টা গোচৰৰ নিষ্পত্তি হয় আৰু ২৭৬৫২ টা গোচৰ নিষ্পত্তি হোৱা নাই । এই গোচৰসমূহৰ ভিতৰত বিগত বৰ্ষত মহানগৰীত বিশেষকৈ ৭২ টা হত্যাকাণ্ড, ডকাইতি কাণ্ড ২২২ টা, ধৰ্ষণ ৬২ টা, ২৮০৭ টা চুৰিকাণ্ড , ১৩৫২ টা ঠগ প্ৰৱঞ্চনা, ১১ টা যৌতুকৰ ঘটনা, মহিলা অপহৰণৰ ঘটনা ৩০৮ টা, অপহৰণ ৭২ টা, ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত ২৯৮৯ টা ঘটনা মহানগৰীৰ আৰক্ষী থানাত গোচৰ ৰুজু হয় (Crime Report of Guwahati)।

আনহাতে, বিগত বৰ্ষত মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ৪০৭, ০৯, ২৪, ৬০০ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷ হেৰ’ইন ১১.৯৭৩ কিলোগ্ৰাম, ব্ৰাউন চুগাৰ ১৬২.৩৭ গ্ৰাম, গাঞ্জা ৩৯৫৩.৬০৩ কিলোগ্ৰাম, কোকেইন ১৬.৪০ গ্ৰাম, মৰফিন ৯২০ গ্ৰাম, অপিয়ম ২২৩০.২৬ গ্ৰাম, কফচিৰাপ ৫৬৯৩৬ বটল, নিচাজাতীয় টেবলেট ৯১৫৬৬০ টা জব্দ কৰাৰ লগতে নগদ ধন ২২,০৬,০৫৫ টকা জব্দ কৰে । এই ঘটনা সন্দৰ্ভত NDPS আইনৰ অধীনত ২৪০ টা গোচৰ ৰুজু হয় আৰু ৪১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয় ।

ইপিনে বিগত বৰ্ষৰ শেষৰ ১৫ দিনত মহানগৰীৰ আৰক্ষী থানাত গাড়ী চুৰিৰ ঘটনা ৫৬ টা গোচৰ ৰুজু হয় । তাৰ ভিতৰত ৪ খন চাৰিচকীয়া বাহন, ৩ খন তিনিচকীয়া বাহন আৰু দুচকীয়া বাহন ৬০ খনসহ মুঠ ৬৭ বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনা সন্দৰ্ভত ২৪ জন লোক গ্ৰেপ্তাৰ কৰা হৈছে । NDPS আইনৰ অধীনত ১৬ টা গোচৰ ৰুজু কৰা হৈছে । ২৩ জনকৈ লোক গ্ৰেপ্তাৰ হৈছে । জব্দ হৈছে ২৭৯.০৪৪ কিলোগ্ৰাম গাঞ্জা, হেৰইন ৩৫৫.৫৩৫ গ্ৰাম আৰু ব্ৰাউন চুগাৰ ৩১.৬ গ্ৰাম ।

ইপিনে মহানগৰীত ৩ টা অস্ত্ৰ উদ্ধাৰ হোৱাৰ লগতে ৬ জন লোক গ্ৰেপ্তাৰ হৈছে । মোবাইল ফোন চুৰিৰ সন্দৰ্ভত ১৭ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ১৩০ টা মোবাইল ফোন উদ্ধাৰ হৈছে আৰু ২৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নৱবৰ্ষৰ দ্বিতীয় দিনটোত সংবাদমেলযোগে এই তথ্য সদৰী কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (IPS Diganta Borah)।

তেওঁ সংবাদমেলত সকলোলৈ মহানগৰ আৰক্ষীৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনাই মহানগৰ আৰক্ষীয়ে মহানগৰবাসীক সুৰক্ষা দিবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে । তেওঁ কয় যে বিগত সময়ছোৱাত পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে অপৰাধৰ সংখ্যা মহানগৰীত বৃদ্ধি হোৱা নাই । বিগত বৰ্ষত মহানগৰ আৰক্ষীয়ে যথেষ্ট সফলতা লাভ কৰিছে ।

মহানগৰীত ৪০৭ কোটি টকাতকৈ অধিক টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে । সমাজ থাকে মানে অপৰাধ থাকিবই, আমি সমাধান কৰিবলৈ যত্নপৰ হ'ম বুলি মন্তব্য কৰাৰ লগতে দিগন্ত বৰাই কয় যে,অপৰাধীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মহানগৰ আৰক্ষী সদায় প্ৰস্তুত । আনহাতে তেওঁ (Guwahati Police Commissioner) কয় যে, ৩১ ডিচেম্বৰ নিশা দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ এতিয়ালৈ লাভ কৰা নাই (Road accident in Guwahati)। তদুপৰি ইতিমধ্যে সোনৰ চেইন টনা ঘটনাৰ সৈতে জড়িত ২২ জন অপৰাধী আৰু ২ টা অস্ত্ৰও জব্দ কৰা হৈছে ।

পৰিসংখ্যা অনুসৰি চুৰি ঘটনাৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ লোকৰ সংখ্যা বৃদ্ধি হৈছে । কম বয়সীয়া চোৰৰ সংখ্যা মহানগৰীত বৃদ্ধি হৈছে । মহানগৰীত দিন-দুপৰতে সংঘটিত হোৱা ৰঞ্জিত বৰা হত্যাকাণ্ড (Ranjit Bora Murder Case) সন্দৰ্ভতো মন্তব্য কৰে দিগন্ত বৰাই । এই ঘটনাৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে ৷ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দুজনৰ পৰা যথেষ্ট তথ্য লাভ কৰা হৈছে । মহানগীৰ বিভিন্ন স্থানত CCTV স্থাপনৰ কৰিবৰ বাবে পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: APSC scam 2014: APSC কেলেংকাৰীত জড়িতৰ অভিযোগত আৰু এজন ৰাজপত্ৰিত বিষয়ালৈ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.