ETV Bharat / state

মূল্যবৃদ্ধিকো নেওচি সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আদৰাৰ প্ৰস্তুতি

author img

By

Published : Oct 12, 2019, 4:36 PM IST

মূল্যবৃদ্ধিকো নেওচি সম্পদৰ অধিষ্ঠাত্ৰী দেৱীক আদৰাৰ প্ৰস্তুতি

চৌদিশে দেৱী লক্ষ্মীক আৰাধনাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ মহানগৰীৰ বজাৰতো উভৈনদী হৈ পৰিছে ধানৰ মুঠিৰ পৰা আৰম্ভ কৰি দেৱীৰ প্ৰতিমা ৷ সামগ্ৰীৰ বৰ্ধিত মূল্যই বজাৰলৈ কিছু পৰিমাণে আনিছে জটিলতা ৷

গুৱাহাটী, 12 অক্টোবৰঃ কাইলৈ ধন সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা ৷ বছৰজুৰি ধন, সম্পত্তি, শস্যৰ কামনাৰে পূৱাৰে পৰা চলিব আৰাধ্যা দেৱী গৰাকীৰ পূজা অৰ্চনা ৷ চৌদিশে দেৱী লক্ষ্মীৰ আৰাধনাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ মহানগৰীৰ বজাৰতো উভৈনদী হৈ পৰিছে ধানৰ মুঠিৰ পৰা আৰম্ভ কৰি দেৱীৰ প্ৰতিমা ৷ সামগ্ৰীৰ বৰ্ধিত মূল্যই কিছু পৰিমাণে ব্যৱসায়ত আনিছে জটিলতা ৷ যাৰ ফলত বজাৰত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে বহি ৰাজ্যত নিৰ্মিত মূৰ্তিয়েহে বিশেষ সমাদৰ লাভ কৰিছে ৷

মহানগৰী লক্ষ্মীপূজাৰ প্ৰস্তুতি

আনহাতে, ধানৰ মুঠি, হালধি, মাটিৰ চাকিৰ দামো পূৰ্বতকৈ বৃদ্ধি পাইছে ৷ কিন্তু সামগ্ৰীৰ মূল্য বৃদ্ধিকো নেওচি মহানগৰীৰ বিভিন্ন ঠাইৰ বজাৰত ভিৰ কৰিছেহি গ্ৰাহকে ৷

Intro:কাইলৈ ধন সম্পদৰ অধিষ্ঠাতি দেৱী লক্ষ্মী পূজা ।


Body:Anchor...কাইলৈ ধন সম্পদৰ অধিষ্ঠাতি দেৱী লক্ষ্মী পূজা । চৌদিশে লক্ষ্মী দেবীক আৰাধনা কৰিবৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । মহানগৰীৰ বজাৰত উভৈনদী হৈ পৰিছে ধানৰ মুঠিৰ পৰা দেৱীৰ মূৰ্তিলৈ ।


VO..দেওবাৰে চৌদিশে পূজা অৰ্চনা চলিব ধন সম্পদৰ দেৱী লক্ষ্মীৰ । বছৰজুৰি ধন,সম্পত্তি, শস্যৰ কামনাৰে পূৱাৰে পৰা চলিব আৰাধ্যা দেৱী গৰাকীৰ পূজা ।লক্ষ্মী পূজা উপলক্ষে মহানগৰীৰ বজাৰত উভৈনদী হৈছে পূজাত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ । সামগ্ৰীৰ চৰা দামে কিছু পৰিমাণে ব্যৱসায়ত আনিছে জটিলতা । যাৰ বাবে বজাৰত মৃন্ময় মূৰ্তিৰ পৰিবৰ্তে বহি ৰাজ্যত নিৰ্মিত মূৰ্তিয়ে পাইছে বিশেষ সমাদৰ ।


বাইট


VO...ধানৰ মুঠি, হালধি, মাটিৰ চাকিৰ দামো বাঢ়িছে পূৰ্বতকৈ । গনেশগুৰিৰ বজাৰত এই সমূহ সামগ্ৰী বিচাৰি চৰা দাম নেওচি ভিৰ কৰিছেহি গ্ৰাহকে । একাংশ ব্যৱসায়ীৰ মতে পূৰ্বৰ দৰেই সামগ্ৰীৰ দাম আছে যদিও কোনো কোনো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে ।



বাইট


VO..সামগ্ৰীৰ চৰা দামৰ মাজতে কাইলৈ সকলোৱে পূজিব লক্ষ্মী দেৱীক । সকলোৱে শস্য, ধন,শান্তি কামনা কৰি বিছাৰিব আৰ্শীবাদ ।


Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.