ETV Bharat / state

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Dec 22, 2020, 8:21 PM IST

guwahati-drugs-peddler-arested
মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মহানগৰীৰ ISBTত গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে এক ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ এই অভিযানত জব্দ হয় বৃহৎ পৰিমাণ ড্ৰাগছ ৷ উক্ত অভিযানত আটক হয় এটা ড্ৰাগছ সৰবৰাহকাৰীও।

গুৱাহাটী, 22 ডিচেম্বৰ : বৰ্তমানো ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। এতিয়া ড্ৰাগছৰ বৃহৎ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। মঙলবাৰে মহানগৰীৰ ISBTত গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে এক ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ এই অভিযানত জব্দ হয় বৃহৎ পৰিমাণ ড্ৰাগছ ৷ উক্ত অভিযানত আটক হয় এটা ড্ৰাগছ সৰবৰাহকাৰীও। ধৃত সৰবৰাহকাৰীটোৰ নাম ছাহাবুদ্দিন কাজী বুলি জানিব পৰা গৈছে।

guwahati-drugs-peddler-arested
মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

আটকাধীন ছাহাবুদ্দিনৰ পৰা প্ৰায় ২০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ বদৰপুৰৰ পৰা AS10C5456 নম্বৰৰ বাছত ড্ৰাগছখিনি লৈ আহিছিল লোকজনে ৷ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে এক গোপন সূত্ৰৰ পম খেদি বাছখনত তালাচী চলাওতেই উদ্ধাৰ হয় ড্ৰাগছখিনি।

guwahati-drugs-peddler-arested
মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ইফালে সোধপোছ বাবে বাছখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে গড়চুক আৰক্ষীয়ে ।
লগতে পঢ়ক: বিটিআৰ পৰিষদীয় চৰকাৰ গঠন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.