ETV Bharat / state

GST collection in Assam: অসমত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে জি এছ টি সংগ্ৰহৰ পৰিমাণ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 5:02 PM IST

GST collection in Assam
অসমত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে জি এছ টি সংগ্ৰহৰ পৰিমাণ

এপ্ৰিলৰ পৰা ৰাজ্যখনত প্ৰতি মাহেই ক্রমান্বয়ে হ্ৰাস পাইছে জি এছ টি সংগ্ৰহৰ পৰিমাণ । ৰাজ্য চৰকাৰে বিত্তীয় জোৰা মাৰিবলৈ ঋণ লোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত মাচুল বৃদ্ধিৰ লগতে কৰৰ বোজা জাপি দিছে জনতাৰ ওপৰত। এপ্ৰিলত ১৫১৩ কোটি টকা জি এছ টি সংগ্ৰহ হোৱাৰ বিপৰীতে মে’ মাহত ১২১৭ কোটি টকা, জুন মাহত ১২১৩.০৫ কোটি টকা আৰু জুলাই মাহত ১১৮৩ কোটি টকা জি এছ টি সংগ্রহ হয় । প্রতি মাহে ঋণ ল'বলগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ পাছতো ৰাজ্য চৰকাৰখনে ৰূপায়ণ কৰি গৈছে হিতাধিকাৰী আঁচনি ।

গুৱাহাটী, ২৭ আগষ্ট: উদং ৰাজকোষ শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ সময়তে অসমত লক্ষণীয়ভাৱে হ্ৰাস পাইছে জি এছ টি সংগ্ৰহৰ পৰিমাণ । বিগত এপ্ৰিল মাহৰ পৰাই ৰাজ্যখনত প্ৰতি মাহেই ক্রমান্বয়ে জি এছ টি সংগ্ৰহৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে । যাৰ ফলত ৰাজ্য চৰকাৰখনে বিত্তীয় জোৰা মাৰিবলৈ ঋণ লোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত মাচুল বৃদ্ধিৰ লগতে কৰ আৰোপ কৰি জনতাৰ ওপৰত বোজা জাপি দিছে ।

ৰাজ্য চৰকাৰে হিতাধিকাৰী আঁচনি ৰূপায়ণৰ নামত প্ৰতি মাহে বৃহৎ অংকৰ ধন ব্যয় কৰাৰ বাবেই ৰাজ্যখনত বিত্তীয় সমস্যাৰ সৃষ্টি হৈছে । তথ্য অনুসৰি বিগত এপ্ৰিল মাহত ৰাজ্যখনত জি এছ টি সংগ্রহ হৈছিল সর্বাধিক ১৫১৩ কোটি টকা । ইয়াৰ পাচত মে’ মাহত এই পৰিমাণ ১২১৭ কোটি টকালৈ হ্রাস পায় । সেইদৰে জুন আৰু জুলাই মাহতো জি এছ টি সংগ্ৰহৰ পৰিমাণ হ্ৰাস পায় । জুন মাহত ৰাজ্যখনত ১২১৩.০৫ কোটি টকা আৰু জুলাই মাহত ১১৮৩ কোটি টকা জি এছ টি সংগ্রহ হয় ।

উল্লেখ্য যে, অসমত জি এছ টি সংগ্ৰহৰ পৰিমাণ এনেদৰে হ্রাস পোৱাৰ বিপৰীতে আকৌ দেশৰ বহু ৰাজ্যত প্রতি মাহে জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে । খোদ কেন্দ্রীয় বিত্তীয় মন্ত্রালয়ে প্ৰকাশ কৰা তথ্য মতে জুন মাহত দিল্লীত ৪৭৪৪.১১ কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে জুলাই মাহত ৫৪০৫ কোটি টকালৈ জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় । একেদৰে তামিলনাডুত জুন মাহত সংগ্রহীত ৯৬০০.৬৩ কোটি টকাৰ পৰা জুলাই মাহত ১০,০২১ কোটি টকালৈ জি এছ টি সংগ্রহ বৃদ্ধি পায় ।

দেশৰ আন আন ৰাজ্যসমূহত এনেদৰে প্ৰতি মাহে জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পোৱাৰ বিপৰীতে অসমত কি কাৰণত জি এছ টি সংগ্ৰহৰ পৰিমাণ প্রতি মাহে হ্রাস পাইছে, সেয়া বিচাৰ্যৰ বিষয় । ইফালে কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ পৰাই ৰাজ্যসমূহক জি এছ টি ক্ষতিপূৰণৰ ধন প্ৰদান কৰাটো বন্ধ কৰিছে । যাৰ ফলত অসমৰ দৰে ৰাজ্যই বৃহৎ ক্ষতিৰ সন্মুখীন হৈ আহিছে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰি জি এছ টিৰ ক্ষতিপূৰণৰ ধন নিদিলেও ৰাজ্য চৰকাৰখনক বিশেষ সাহায্যৰূপে কিছু ধন প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছিল । কিন্তু মুখ্যমন্ত্ৰীৰ উক্ত অনুৰোধকো আজিলৈকে কেন্দ্ৰীয় চৰকাৰে ৰক্ষা কৰা নাই । এনে পৰিস্থিতিত এতিয়া প্রতি মাহে ঋণ ল’বলৈ বাধ্য হৈ পৰিছে ৰাজ্য চৰকাৰ । আনহাতে বিদ্যুৎ মাচুল, মাটিৰ খাজনাৰ পৰা আৰম্ভ কৰি সকলোতে কৰৰ পৰিমাণো বৃদ্ধি কৰিছে চৰকাৰখনে ।

ইফালে প্রতি মাহে ঋণ ল'বলগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ পাছতো ৰাজ্য চৰকাৰখনে এখনো হিতাধিকাৰী আঁচনি বন্ধ কৰা নাই । বৰঞ্চ অৰুণোদয়ৰ দৰে নগদ ধন প্ৰদান কৰা আঁচনিত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেহে উঠিপৰি লাগিছে । যাৰ ফলত ৰাজ্যবাসীৰ মূৰত প্ৰতি দিনেই বৃদ্ধি পাইছে ধাৰৰ বোজা । কিন্তু ধাৰ লৈ হ'লেও ঘিউ খোৱা নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এনেবোৰ কথাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাই ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে পুনৰ পাঁচ বছৰলৈ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ২৫০ কোটি টকা ঋণ লৈছে । দেশৰ আন ৬খন ৰাজ্যৰ লগতে অসম চৰকাৰেও ষ্টক নিলাম কৰি ২৫০ কোটি টকা ঋণ লয় । এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকে বিগত ১৮ আগষ্টতে নিবিদা প্ৰকাশ কৰিছিল । সংসদৰ চলিত অধিৱেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা ৰাজহৰ পৰিমাণ আছিল মাত্ৰ ২৯,০৬১ কোটি টকা । অথচ অসমৰ বিপৰীতে মহাৰাষ্ট্ৰ , উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ বাৰ্ষিক ৰাজহৰ পৰিমাণ ডেৰ লাখ কোটি টকাতকৈ অধিক । কিন্তু ইয়াৰ পাছতো হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অসম চৰকাৰে প্ৰতিমাহেই হাজাৰ কোটি টকাকৈ ঋণ লৈ আহিছে ।

বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় ১ লাখ ৩৭ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে৷ তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকালত ঋণৰ পৰিমাণ ৩৬ হাজাৰ কোটি টকা আছিল যদিও সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ৰাজ্যৰ ঋণৰ পৰিমাণ ৮০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথম দুটা বৰ্ষতে ঋণৰ পৰিমাণ এক লাখ ৩৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে ।

এক কথাত ক'বলৈ গ'লে ঋণ লোৱাৰ ক্ষেত্রত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিলেখ সৃষ্টি কৰিছে । লক্ষণীয় বিষয় যে দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰকল্প অনুমোদন তথা পুঁজি বিনিয়োগত অসম দেশৰ ভিতৰতে অন্তিম স্থানত থকাৰ তথ্য ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উন্মোচন হোৱাৰ সময়তে নিজা ৰাজহ সংগ্ৰহতো অসম যে দেশৰ প্ৰায় শেষৰফালে আছে সেয়া ইতিমধ্যে সংসদৰ মজিয়াত উন্মোচন হৈছে । অসমৰ নিজা উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস হৈ অহাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ বাবে এতিয়া ঋণ লোৱাৰ কোনো বিকল্প নোহোৱা হৈ পৰিছে ।

লগতে পঢ়ক: All Assam Karmachari Parishad: ৰাজ্যৰ উন্নয়নমুখী যাত্ৰাত কৰ্মচাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.