ETV Bharat / state

Govt employee arrested for taking bribe: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰু এজন চৰকাৰী কৰ্মচাৰী

author img

By

Published : Mar 4, 2023, 7:45 AM IST

Updated : Mar 4, 2023, 8:52 AM IST

Govt Employees arrested at Guwahati
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত চৰকাৰী কৰ্মচাৰী

মহানগৰীৰ সমবায় ভৱনত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । এগৰাকী কৰ্মচাৰীক উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ (Govt Employees arrested at Guwahati)। গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীজন হৈছে বিদ্যাধৰ দাস ৷ ৪ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল চৰকাৰী বিষয়াজনে ৷

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত চৰকাৰী কৰ্মচাৰী

গুৱাহাটী, 4 মাৰ্চ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে দুৰ্নীতি তথা কামৰ বিনিময়ত হিচাপ বহিৰ্ভুত ধন আদায়ৰ কাৰবাৰ ৷ এই অপকৰ্ম কৰিব গৈ গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী ৷ কামৰ বিনিময়ত অতিৰিক্ত ধন আদায় কৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল মহানগৰীৰ সমবায় ভৱনৰ এগৰাকী কৰ্মচাৰী (Govt Employees arrested at Guwahati) ৷ ধুবুৰী জিলাৰ গৌৰীপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা উৎকোচৰ নামত ধন আদায় কৰিছিল চৰকাৰী কৰ্মচাৰীজনে (Govt employee arrested by ACB for taking bribe) ৷

Govt Employees arrested at Guwahati
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে চৰকাৰী কৰ্মচাৰীক

গৌৰীপুৰৰ প্ৰকাশ চন্দ্ৰ পাল নামৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীৰ পৰা 5,000 টকাৰ উৎকোচ বিচাৰিছিল সমবায় ভৱনৰ কৰ্মচাৰী বিদ্যাধৰ দাস নামৰ ঘোচখোৰ কৰ্মচাৰীজনে ৷ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ২০২১ বৰ্ষত সমবায় বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল পালে আৰু তাৰ পিছৰে পৰা পেঞ্চনৰ কামখিনি কৰিবৰ বাবে ভৱনটোলৈ প্ৰায়ে অহা যোৱা কৰিব লগা হৈছিল ।

অৱশ্যে পেঞ্চনৰ কামখিনি কৰি দিয়াৰ বিনিময়ত বিদ্যাধৰ দাস নামৰ ঘোচখোৰ কৰ্মচাৰীজনে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীৰ পৰা ধন দাবী কৰি আহিছিল বুলি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকী উল্লেখ কৰে ৷ শুকুৰবাৰৰ দিনটোতো বিদ্যাধৰ দাসে পেঞ্চনৰ কাম কৰি দিয়াৰ নামত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীৰ পৰা লৈছিল 4,000 টকা ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে বিদ্যাধৰ দাসৰ হাতত প্ৰকাশ চন্দ্ৰ পালে দিছিল এহেজাৰ টকা ৷

ইয়াৰ এদিন পিছত অৰ্থাৎ শুকুৰবাৰে অতিৰিক্ত ৪ হাজাৰ টকা উৎকোচখিনি লওতেই চৰকাৰী কৰ্মচাৰীজনক হাতে লোটে আটক কৰে পূৰ্বৰে পৰা সেই স্থানত থকা দুৰ্নীতি নিবাৰক শাখাৰ দলে । জানিব পৰা মতে, সমবায় ভৱনত জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক হিচাপে কৰ্মৰত আছিল বিদ্যাধৰ দাস । পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱে সমবায় ভৱনৰ ভিতৰতে ঘোঁচখোৰ বিষয়াজনক প্ৰায় চাৰি ঘন্টা জেৰা চলোৱা বুলি অভিযানকাৰী দলটোৱে উল্লেখ কৰিলে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বিভিন্ন সময়ত অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি এই লৈ সৰ্বত্ৰে হৈছে বিশেষ চৰ্চা ৷ কিন্তু চৰ্চা লাভ কৰিলেও এই অভিযানে ৰাজ্যৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ কিমান দূৰ সক্ষম হয় সেইয়াহে হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক : Allocation of PMAY houses: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যোৰহাটত ব্যাপক দুৰ্নীতি !

Last Updated :Mar 4, 2023, 8:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.