ETV Bharat / state

নিৰ্বাচন নোহোৱা পৰ্যন্ত বি টি আৰত বাহাল থাকিব ৰাজ্যপালৰ শাসন

author img

By

Published : Oct 22, 2020, 5:48 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ বৈঠক ৷ ১৫ অক্টোবৰৰ ভিতৰত বি টি আৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক অনুৰোধ জনাবলৈও সিদ্ধান্ত লোৱা হয় ।

assam cabinet
assam cabinet

গুৱাহাটী, ২২ অক্টোবৰ : বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত বড়োভূমিত বাহাল থাকিব ৰাজ্যপালৰ শাসন । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায় । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মন্ত্ৰী পৰিষদৰ এই বৈঠকৰ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত সদৰী কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ তেওঁ কয় যে ১৫ অক্টোবৰৰ ভিতৰত বি টি আৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক অনুৰোধ জনাবলৈও সিদ্ধান্ত লোৱা হয় ।

নিৰ্বাচন নোহোৱা পৰ্যন্ত বি টি আৰত বাহাল থাকিব ৰাজ্যপালৰ শাসন

আনহাতে, গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ প্ৰাণ হেৰুওৱা আৰক্ষী কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ দহ লাখ টকাৰ এক কালিন চৰকাৰী সাহাৰ্য আগবঢ়াবলৈও মন্ত্ৰী পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰে । একেদৰে গৰুৰ খাদ্যৰ বাবে গোশালা সমূহক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় । ইপিনে মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা বালি, ষ্টীল, বিটুমিন আদিৰ ক্ষেত্ৰত জি এছ টি, ৰয়েল্টি আৰু স্থানীয় কৰ ৰেহাই দিবলৈও সিদ্ধান্ত লয় মন্ত্ৰী পৰিষদে । অনুৰূপভাবে মাজুলী সংযোগী দলঙৰ এপ্ৰ'ছ পথৰ বাবে ভূমি অধিগ্ৰহণ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ ক্ষেত্ৰতো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : চৰ্চা লাভ কৰিছে কলিয়াবৰৰ এটা বিশেষ শিলে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.