ETV Bharat / state

পৰ্টুগালত ফুটবল প্ৰশিক্ষণ ল'বলৈ যাব নগাঁৱৰ বাকদ্বীপ

author img

By

Published : Mar 9, 2019, 2:51 PM IST

নগাঁও জিলাৰ হয়বৰগাঁও নাথগাঁৱৰ ভৱেন্দ্ৰ নাথৰ পুত্ৰ বাকদ্বীপ নাথে পৰ্টুগাললৈ ফুটবলৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে । কিন্তু এইক্ষেত্ৰত বাধা হিচাপে থিয় দিছে আৰ্থিক অনাটন ।

BAAKDWIP NATH

আজাৰা, ৯ মাৰ্চ: অসমৰ ক্ৰীড়াক্ষেত্ৰ ক্ৰমান্নয়ে নতুন অধ্যায়ৰ সূচনা কৰাৰ দিশত আগবাঢ়িছে । হিমা দাসৰ দৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈয়ে অসমৰ নাম জিলিকোৱাৰ পাছত এইবাৰ এক নতুন সুখবৰ পোহৰলৈ আহিছে । এইবাৰ পৰ্টুগাললৈ ফুটবলৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে নগাঁও জিলাৰ হয়বৰগাঁও বৰভেটি নাথগাঁৱৰ ভৱেন্দ্ৰ নাথৰ পুত্ৰ বাকদ্বীপ নাথ । বাকদ্বীপে এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছতে ১৫ বছৰ অনুৰ্ধ এছিয়া ফুটবল ক্লাবত খেলিবলৈ সুযোগ লাভ কৰিব ।

BAAKDWIP NATH

সৰুৰে পৰা ফুটবল খেলি ভাল পোৱা বাকদ্বীপক দেউতাক ভৱেন্দ্ৰ নাথে প্ৰশিক্ষনৰ বাবে কলিকতাৰ এটা প্ৰশিক্ষণ শিবিৰত নাম ভৰ্তি কৰাই দিছিল । নিজৰ প্ৰতিভাৰে চমক দেখুৱাবলৈ সক্ষম হোৱা বাকদ্বীপক একাডেমিয়ে পৰ্টুগাললৈ প্ৰশিক্ষণ ল'বলৈ অসমৰ পৰা নিৰ্বাচিত কৰে । কিন্তু এইক্ষেত্ৰত বাধা হিচাপে থিয় দিছে আৰ্থিক অনাটন । ক্ৰীড়াবিভাগৰ পৰা সহায় লাভ কৰাৰ আশা প্ৰকাশ কৰিছে বাকদ্বীপৰ পৰিয়ালে ।


Slug:A_Azara_Airport_Footballer_811-814_vis+bite_Ajay_Das

অসমৰ ক্ৰিয়া ক্ষেত্ৰৰ বাবে সুখবৰ । এইবাৰ পৰ্টুগললৈ ফুটবলৰ প্ৰশিক্ষণ ল'বলৈ নিৰ্বাচিত হৈছৈ নগাওৰ বাকদ্বীপ নাথ ।

Vo..অসমৰ ক্ৰিয়া ক্ষেত্ৰৰ বাবে পুনৰ সুখবৰ । এইবাৰ পৰ্টুগললৈ ফুটবলৰ প্ৰশিক্ষণ ল'বলৈ নিৰ্বাচিত হৈছৈ নগাওৰ বাকদ্বীপ নাথ । নগাও জিলাৰ জিলাৰ হয়বৰগাও বৰভেটি নাথগাওৰ ভৱেন্দ্ৰ নাথৰ পুত্ৰ বাকদ্বীপ নাথ । সৰুৰে পৰা ফুটবল খেলি ভাল পোৱা বাকদ্বীপক দেউতাকে প্ৰশিক্ষন ল'বলৈ কলিকতাত এটা প্ৰশিক্ষণ শিবিৰত নাম ভৰ্তি কৰাই দিছিল তাৰপিছতে এটা একাডেমিত Trial দিবলৈ কলিকতা প্ৰশিক্ষণ শিবিৰৰ পৰা গৈছিল বাকদ্বীপ । নিজৰ প্ৰতিভাৰে চমক দেখুৱাবলৈ সক্ষম হোৱা বাকদ্বীপক একাডেমিয়ে  পৰ্টুগললৈ প্ৰশিক্ষণ ল'বলৈ অসমৰ পৰা নিৰ্বাচিত কৰে ।

Bite..

বাকদ্বীপে পৰ্টুগলৰ এই প্ৰশিক্ষণ সম্পুৰ্ণ কৰাৰ পিছতে Under 15 Asialba Football Clubত খেলিবলৈ সুযোগ লাভ কৰিব । আনকি কলিকতাৰ প্ৰশিক্ষকেও বাকদ্বীপক প্ৰশংসা কৰে । অৱশ্যে পৰ্টুগললৈ প্ৰশিক্ষণ ল'বৰ যাবৰ বাবে বাকদ্বীপক প্ৰয়োজন হ'ব বহু টকাৰ । যাৰ বাবে ক্ৰিয়া বিভাগৰ পৰা সহায় বিচাৰিছে বাকদ্বীপৰ লগতে বাকদ্বীপৰ পৰিয়ালে ।

আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.