ETV Bharat / state

Golden Jubilee of Narengi High School: নাৰেঙ্গী উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উদযাপন

author img

By

Published : Dec 18, 2022, 9:42 AM IST

Updated : Dec 18, 2022, 10:37 AM IST

দুদিনীয়া কাৰ্যসূচীৰে নাৰেঙ্গী উচ্চ বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে সোণালী জয়ন্তী সমাৰোহ(Golden Jubilee celebrations at Narengi High School) । নাৰেঙ্গী উচ্চ বিদ্যালয় সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতি আৰু প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই কাৰ্যসূচী ।

Golden Jubilee celebrations at Narengi High School
নাৰেঙ্গী উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উদযাপন

নাৰেঙ্গী উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উদযাপন

গুৱাহাটী, ১৮ডিচেম্বৰ: ১৯৭২ চনতে স্থাপিত হোৱা নাৰেঙ্গী উচ্চ বিদ্যালয়ে ইতিমধ্যে গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে(Golden Jubilee celebrations at Narengi High School) । বিদ্যালয়খনে পঞ্চাশ বছৰ অতিবাহিত কৰা উপলক্ষে বিদ্যালয় প্ৰাংগনত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী সমাৰোহৰ বিভিন্ন কাৰ্যসূচী । নাৰেঙ্গী উচ্চ বিদ্যালয় সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতি আৰু প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সমাৰোহৰ প্ৰথম দিনা পুৱাৰ ভাগত পৰিৱেশ প্ৰস্তুতকৰণ, তোৰণ উন্মোচন, বন্তি প্ৰজ্বলনৰে আৰম্ভ হয় কাৰ্যসূচী(Golden Jubilee of Narengi High School) ।

ইয়াৰ পাছতে পিছত নাৰেঙ্গী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দাস কাৰ্জীয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে । সোণালী জয়ন্তীৰ বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দুৰ্গাপ্ৰসাদ শৰ্মাই । সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি যোগেন কলিতাই । আনহাতে পুৱা ৯:৩০ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বাৰেৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পিছত ১০:৩০ বজাত বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

ইফালে দিনৰ ১১ বজাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা বিজ্ঞান প্ৰদৰ্শনী মুকলি কৰে গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যাপক ড৹ দেৱব্রত শৰ্মাই । দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত নাৰেঙ্গী উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ স্বৰ্ণজ্যোতি উন্মোচন কৰা হয় । উন্মোচন কৰে গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড৹ হোমেশ্বৰ কলিতাই ।

উদযাপন সমিতিৰ সভাপতি যোগেন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, বিশিষ্ট কবি সাহিত্যিক ড৹ পূৰ্ণ ভট্টাচাৰ্য, ইণ্ডিয়া কাৰ্বন লিমিটেডৰ মহাপ্ৰৱন্ধক শ্যামল কুমাৰ ভট্টাচাৰ্য, পাৰিষদ গোকুল গোস্বামী প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি । সমাৰোহৰ অন্তিম দিনা নাৰেঙ্গী উচ্চ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ উদ্যোগত প্ৰাক্তন শিক্ষাৰ্থীৰ মাজত মিলন সমাৰোহ লগতে অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক: Bongaigaon suicide case: বঙাইগাঁৱত ৩০ বছৰীয়া যুৱকৰ আত্মহনন

Last Updated :Dec 18, 2022, 10:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.