ETV Bharat / state

গুৱাহাটী আৰক্ষীৰ জালত ৯ জনকৈ জুৱাৰী

author img

By

Published : Nov 4, 2021, 1:37 PM IST

দীপাৱলীৰ সময়ত গুৱাহাটীৰ ভিন্ন প্ৰান্তত অবৈধ জুৱা খেল বহে । যাৰ বাবে এইবাৰ গুৱাহাটী আৰক্ষী যথেষ্ট সষ্টম হৈছে । দীপাৱলীৰ পূৰ্বে মহানগৰীৰ ভিন্ন স্থানত জুৱাৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ।

gambler arrest
দীপাৱালীৰ প্ৰাকক্ষণত গুৱাহাটী আৰক্ষীৰ জালত ৯ জনকৈ জুৱাৰী

গুৱাহাটী, ৪ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলী (Diwali) আৰু কালী পূজাৰ গইনা লৈ মহানগৰীৰ ভিন্ন প্ৰান্তত এচাম অসাধু চক্ৰই আৰম্ভ কৰিছে জুৱা । যাৰ বাবে জুৱাৰীৰ (Gambler) বিৰুদ্ধে তৎপৰতা দেখুৱাইছে মহানগৰ আৰক্ষীয়ে । মঙলবাৰে নিশা সাতগাঁও আৰক্ষীয়ে অভিযান চলাই আমছিং যোৰাবাটৰ পৰা জুৱা খেলৰ সামগ্ৰী, নগদ ধনসহ ৭ জন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত জুৱাৰী কেইজন হৈছে ধৰ্মেন্দ্ৰ প্ৰসাদ, ৰাকেশ লালুং, গৌতম ৰাজবংশী, মৃন থাপা, ৰাতিয়া পানীকাৰ, ধন বাহাদুৰ লামা আৰু ডিনাৰাম টেৰণ ।

gambler arrest
দীপাৱালীৰ প্ৰাকক্ষণত গুৱাহাটী আৰক্ষীৰ জালত ৯ জনকৈ জুৱাৰী

ধৃত জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে জুৱা খেলৰ সামগ্ৰীসহ ম'বাইল ফোন আৰু নগদ প্ৰায় ৯ হাজাৰ টকা জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ বিশেষ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ধৃত জুৱাৰী কেইজনক জেললৈ প্ৰেৰণ কৰে । ইফালে মঙলবাৰে নিশা নুনমাটি আৰক্ষীৰ জালত পৰে আন দুই জুৱাৰী ।

এক গোপন খবৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ২ নং মঠঘৰীয়াৰ বাথৌনগৰৰ জুৱাৰ ঘাটিত অভিযান চলাই হাতে লোটে জুৱাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয় । অভিযানত জুৱা খেলৰ সামগ্ৰী, দুটা ম'বাইল ফোন, নগদ ধনসহ গ্ৰেপ্তাৰ কৰে প্ৰফুল্ল মুৰাৰী আৰু ভাস্কৰ দাস নামৰ জুৱাৰী দুজনক । অভিযোগ অনুসৰি ধৃত দুই জুৱাৰীয়ে মঠঘৰীয়া অঞ্চলত মুকলিকৈ জুৱা খেল চলাই আহিছিল ।

লগতে পঢ়ক : মুকালমুৱাৰ ঘোগাত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.